পৰিত্ৰাণৰ আঁচনি/ উপায় কি?



প্রশ্ন: পৰিত্ৰাণৰ আঁচনি/ উপায় কি?

উত্তৰ:
আপুনাৰ ভোক লাগেনে? দৈহিক ভোক নহয়, কিন্তু আপোনাৰ জীৱনত অধিক কিবা ভোক আছেনে? আপোনাৰ গভীৰতাৰ ভিতৰত কেতিয়াও তৃপ্ত নোহোৱা কিবা আছেনে? যদি তেনে হয়, যীচুৱেই উপায়! যীচুৱে কৈছিল, “ জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কোনোমতেও ভোক নালাগিব; আৰু যিজনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব”(যোহন ৬:৩৫)।

আপোনাৰ খেলিমেলি লাগিছেনে? আপুনি কেতিয়াও জীৱনৰ বাট বিচাৰি নোপোৱা যেন লাগেনে? এনে লাগেনে যে কোনোৱাই আপোনাৰ লাইট নোমোৱাই দিলে আৰু আপুনি চুইচ বিচাৰি পোৱা নাই? যদি তেনে হয়, যীচুৱেই উপায়! যীচুৱে কৈছিল, “মই জগতৰ পোহৰ; যিজন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব”(যোহন ৮:১২)।

আপুনি কেতিয়াবা জীৱনটো বাহিৰৰ পৰা বন্ধ কৰি দিয়া যেন অনুভৱ কৰেনে? আপুনি বহুতো দুৱাৰ চেষ্টা কৰিছেনে, বিচাৰি পাই সেইবিলাকৰ পিছত মাথোন উদং আৰু অৰ্থহীন? আপুনি অৰ্থপূৰ্ণ জীৱনত প্ৰৱেশ কৰিবলৈ বিচাৰেনে? যদি তেনে হয়, যীচুৱেই বাট! তেওঁ কৈছিল, “ময়েই দুৱাৰ; মোৰ যোগেদি যি কোনো, সোমাই, তেওঁ ৰক্ষা পাব, আৰু ভিতৰলৈ বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণি পাব”(যোহন ১০:৯)।

আপোনাক মানুহে সদায়ে তললৈ যাবলৈ দিয়েনে? আপোনাৰ সম্পৰ্ক অগভীৰ আৰু খালী নে? যদি তেনে হয়, যীচুৱেই উপায়! তেওঁ কৈছিল, “ময়েই মেৰৰ সজৰখীয়া; সজৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে। ময়েই মেৰৰ সজৰখীয়া; পিতৃয়ে মোক যেনেকৈ জানে, ময়ো পিতৃক জানো, তেনেকৈ মই নিজৰ সকলোকে জানো, মোৰ নিজৰ সকলোৱেও মোক জানে”(যোহন ১০:১১,১৪)।

আপুনি এই জীৱনৰ পিছত কি হয় ভাবি আচৰিত হয়নে? আপুনি জীৱনত চেষ্টা কৰেনে যিবিলাক কেৱল পছে আৰু মামৰে ধৰে? আপুনি কেতিয়বা সন্দেহ কৰেনে জীৱনৰ কিবা অৰ্থ বা উদ্দেশ্য আছে বুলি? আপুনি মৃত্যুৰ পিছতো জীয়াই থাকিব বিচাৰেনে? যাদি তেনে হয়, যীচুৱেই উপায়! যীচুৱে কৈছিল, “ময়েই পুনৰুত্থানো আৰু জীৱনো; যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীৱ; আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব”(যোহন ১১:২৫,২৬)।

বটটোনো কি? সত্যটো কি? জীৱনটো কি? যীচুৱে উত্তৰ দিছিল, “ময়েই বাট আৰু সত্য আৰু জীৱন। মোৰ যোগেদি নগ’লে পিতৃৰ ওচৰলৈ কোনো নাযায়”(যোহন ১৪:৬)।

আপুনি অনুভৱ কৰা ভোক হৈছে আধ্যাত্মিক ভোক আৰু কেৱল যীচুৱেহে পূৰ্ণ কৰিব পাৰে। যীচুৱেই একমাত্ৰজনা যি অন্ধকাৰ দূৰ কৰিব পাৰে। যীচুৱেই সন্তুষ্টি লাভৰ দুৱাৰ। আপুনি বিচৰা বন্ধু আৰু মেৰৰখীয়া যীচুৱেই। যীচুৱেই জীৱন- ইহকাল আৰু পৰকালৰো। যীচুৱেই পৰিত্ৰাণৰ বাট!

আপুনি ভোক অনুভৱ কৰাৰ কাৰণ, আপুনি অন্ধকাৰত হেৰাই যোৱা যেন লগাৰ কাৰণ, আপুনি জীৱনৰ অৰ্থ বিচাৰি নোপোৱাৰ কাৰণ, আপুনি ঈশ্বৰৰ পৰা পৃথক হৈ থকাটো। বাইবেলে কৈছে যে আমি সকলোৱে পাপ কৰিলো, আৰু সেইবাবে ঈশ্বৰৰ পৰা পৃথক হ’লো(উপদেশক ৭:২০; ৰোমীয়া ৩:২৩)। আপুনি আপোনাৰ অন্তৰত শূন্য অনুভৱ কৰাটো হ’ল আপোনাৰ জীৱনত ঈশ্বৰ নথকাটো। আমাক সৃষ্টি কৰা হৈছিল ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ ৰাখিবৰ বাবে। আমাৰ পাপৰ বাবে, আমি এই সম্বন্ধৰ পৰা পৃথক হ’লো। তাতোতকৈ বেয়া, আমাৰ পাপে আমাক অনন্তকালৰ বাবে ঈশ্বৰৰ পৰা আঁতৰাই ৰাখিব, এই জীৱন আৰু পিছৰ জীৱনতো(ৰোমীয়া ৬:২৩; যোহন ৩:৩৬)।

এই সমস্যাটো কেনেকৈ সমাধা কৰিব পাৰি? যীচুৱেই বাট! যীচুৱে নিজৰ ওপৰত আমাৰ পাপ ল’লে (২ কৰিন্থীয়া ৫:২১)। আমি পাপলগীয়া শাস্তি লৈ(ৰোমীয়া৬:৪-৫)যীচু আমাৰ ঠাইত মৰিল(ৰোমীয়া ৫:৮)। তিনি দিনৰ পিছত, যীচু মৃত্যুৰ পৰা উঠি প্ৰমাণ কৰিলে পাপ আৰু মৃত্যুৰ ওপৰত তেওঁৰ জয়যুক্ততা(ৰোমীয়া ৬:৪-৫)। তেওঁ কিয় এইটো কৰিলে? যীচুৱে নিজে সেই প্ৰশ্নৰ উত্তৰ দিছিল, “ বন্ধুবিলাকৰ নিমিত্তে, নিজৰ প্ৰাণ দিয়াতকৈ, অধিকতৰ প্ৰেম কাৰো নাই(যোহন ১৫:১৩)। যীচু মৰিল যাতে আমি জীৱ পাৰোঁ। যদি আমি যীচুত আমাৰ বিশ্বাস স্থাপন কৰোঁ, তেওঁ মৃত্যু আমাৰ পাপৰ বেচস্বৰূপে, আমাৰ সকলো পাপ ক্ষমা হয় আৰু ধৌত হয়। তেতিয়া আমাৰ আধ্যাত্মিক ভোক তৃপ্ত হ’ব, লাইট জ্বলিব। আমাৰ পৰিপূৰ্ণতাৰ জীৱনলৈ প্ৰৱেশ থাকিব। আমি প্ৰকৃত সজ বন্ধু আৰু মেৰৰখীয়াক জানিম। আমৰ মৃত্যুৰ পিছতো যে জীৱন থাকিব আমি জানিম- স্বৰ্গত যীচুৰ লগত অনন্ত কালৰ বাবে পুনৰুত্থিত জীৱন!

“কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়”(যোহন ৩:১৬)।

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।



অসমীয়া হোম পেজলৈ ঘূৰি যাওক



পৰিত্ৰাণৰ আঁচনি/ উপায় কি?