যীচু খ্ৰীষ্ট কোন?



প্রশ্ন: যীচু খ্ৰীষ্ট কোন?

উত্তৰ:
“ঈশ্বৰৰ অস্তিতৃ আছেনে?”ৰ দৰে প্ৰশ্ন নহৈ খুব কম মানুহে যীচুৰ আছিল নে বুলি প্ৰশ্ন কৰে। এইটো সাধাৰণাভাৱে গ্ৰহণ কৰি লোৱা হয় যে যীচু খ্ৰীষ্ট সঁচাকৈ এজন মানুহ আছিল যিজনে পৃথিৱীত খোজ কাঢ়িছিল প্ৰায় ২০০০ বছৰৰ পূৰ্বে ইজ্ৰায়েলত। যেতিয়া যীচুৰ সম্পূৰ্ণ পৰিচয়ৰ কথা ওলাই তেতিয়া বিতৰ্ক আৰম্ভ হয়। প্ৰায় সকলো ঘাই ধৰ্মই শিকাই যে যীচু এজন ভাৱবাদী বা সৎ গুৰু বা ঈশ্বৰপৰায়ণ লোক আছিল। সমস্যাটো এই যে বাইবেলে আমাক কৈছে যে যীচু নিশ্চয়কৈ এজন ভাৱবাদী, বা এজন গুৰু বা এজন ঈশ্বৰপৰায়ণ লোকতকৈ অধিক।

চি এচ লিউছে তেওঁৰ কিতাপ মেয়াৰ খ্ৰীষ্টীয়ানিটিত এনেদৰে লিখিছে, “যিকোনোৱে তেওঁৰ(যীচু খ্ৰীষ্ট) বিষয়ে মূৰ্খ কথা কোৱাৰ পৰা প্ৰতিৰোধ কৰিবলৈ ইয়াত মই চেষ্টা কৰিছোঁ: মই যীচুক এজন নৈতিক শিক্ষকহিচাপে গ্ৰহণ কৰিবলৈ প্ৰস্তুত, কিন্তু তেওঁ ঈশ্বৰ বুলি দাবী কৰাটো মই গ্ৰহণ কৰিব নোৱাৰোঁ। সেইটো কথা আমি নিশ্চয় ক’ব লাগিব। কেৱল এজন সাধাৰণ মানুহ আৰু যীচুৱে কোৱাৰ দৰে কৈছিল তেওঁ এজন মহান নৈতিক শিক্ষক হ’ব নোৱাৰে। হয় তেওঁ এজন বাতুল- মানুহ হ’ব- যিজনে কৈছে তেওঁ হয় এটা ভজা কণী- নতুবা তেওঁ নৰকৰ চয়তান হ’ব। আপুনি নিশ্চয় আপোনাৰ বাচনি খাটাং কৰিব লাগিব। হয়তো এই মানুহজন আছিল, আৰু আছে, ঈশ্বৰৰৰ পুত্ৰ বা এজন পাগল মানুহ বা কিবা বেয়া। আপুনি মূৰ্খৰ মুখ বন্ধ কৰিব পাৰিব, আপুনি তেওঁক থুৱাব পাৰে আৰু এটা চয়তান বুলি বধ কৰিব পাৰে; বা আপুনি তেওঁৰ ভৰিত পৰিব আৰু তেওঁক প্ৰভু আৰু ঈশ্বৰ বুলি মাতিব। কিন্তু আমি তেনে মূৰ্খামিৰ পৃষ্ঠপোষক নহওঁ যেন তেওঁ এজন মহান গুৰু হোৱাৰ বাবে। তেওঁ সেই ইচ্ছাটো আমাৰ বাবে মুকলি কৰি যোৱা নাই। তেওঁ তেনে অভিপ্ৰায় কৰা নাছিল।”

সেয়েহে, যীচুৱে কোন বুলি দাবী কৰিছিল? বাইবেলে যীচু কোন বুলি কৈছে? প্ৰথমে যোহন ১০:৩০, যীচুৰ নিজৰ কথা, “মই আৰু পিতৃ এক।” প্ৰথম দৃষ্যত, ই ঈশ্বৰ বুলি দাবী কৰা যেন নালাগে। অৱশ্যে কথাত যিহুদীসকলৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰক, “ভাল কাৰ্মৰ নিমিত্তে নহয়, কিন্তু তুমি মানুহ হৈয়ো, নিজকে ঈশ্বৰ বুলি ঈশ্বৰ-নিন্দা কৰিছা; এই কাৰণে তোমাক শিল দলিয়াই মাৰোঁ”(যোহন ১০:৩৩)। যিহুদীসকলে বুজি পাইছিল ঈশ্বৰ বুলি দাবী কৰা যীচুৰ কথাষাৰ। এই পদকেটাই, যীচুৱে কেতিয়াও যিহুদীসকলক “মই ঈশ্বৰ বুলি দাবী কৰা নাই” কথাটি শুধৰুৱা নাছিল। সেইটোৱে ইংগিত দিছে যে যীচুৱে সঁচাকৈ কৈছিল যেতিয়া তেওঁ ঈশ্বৰ বুলি ঘোষণা কৰিছিল, “মই আৰু পিতৃ এক(যোহন ১০:৩০)। যোহন ৮:৫৮ আন এটা উদাহৰণ: “মই তোমালোকক অতি স্বৰূপকৈ কওঁ, আব্ৰহামৰ জ্ন্মৰ আগৰে পৰা মই আছোঁ!” আকৌ যিহুদীসকলে উত্তৰত শিল দলিয়াবলৈ লৈছিল(যোহন ৮:৫৯)। যীচুৱে তেওঁৰ ঈশ্বৰত্ব ঘোষণা কৰিছিল “ময়েই” বুলি পোনে পোনে পুৰণি নিয়ম প্ৰয়োগ কৰিছিল(যাত্ৰাপুস্তক ৩:১৪)। যিহুদীসকলে কিয় পুনৰ যীচুক শিল দলিয়াবলৈ বিচাৰিছিল যদি তেওঁলোকে কিবা ঈশ্বৰ নিন্দা বুলি বিশ্বাস নকৰিলহেঁতেন, যেনেকৈ ঈশ্বৰ বুলি দাবী কৰাটো?

যোহন ১:১ কৈছে, “বাক্যই ঈশ্বৰ।” যোহন ১:১৪ কৈছে, “বাক্য মাংস হ’ল।” এইটোৱে স্প্ষ্ট ইংগিত দিছে যে যীচু মাংসত ঈশ্বৰ। শিষ্য থমাই যীচুক কৈছিল, “মোৰ প্ৰভু আৰু মোৰ ঈশ্বৰ”(যোহন ২০:২৮)। যীচুৱে তেওঁক শুধৰুৱা নাই। পাঁচনি পৌলে তেওঁক বৰ্ণনা কৰিছে, “অমাৰ মহান ঈশ্বৰ ত্ৰাণকৰ্তা, যীচু খ্ৰীষ্ট(তীত ২:১৩)। সেইবাবে পিতৰেও একেই কৈছে, “…আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্ট”(২ পিতৰ ১:১)। পিতৃ ঈশ্বৰ যীচু খ্ৰীষ্টৰ সম্পূৰ্ণ পৰিচয়ৰ একে সাক্ষ্য, “কিন্তু পুত্ৰৰ উদ্দেশ্যে হ’লে কয়, হে ঈশ্বৰ, তোমাৰ সিংহাসন সদাকালস্থায়ী, তোমাৰ ৰাজদণ্ড সৰলতাৰ দণ্ড”। খ্ৰীষ্টৰ পুৰণি নিয়মৰ ভাৱবাণীয়ে তেওঁৰ ঈশ্বৰত্ব জনাইছে, “কিয়নো আমালৈ এটি ল’ৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য, মন্ত্ৰী, পৰাক্ৰমী ঈশ্বৰ, অনন্তকাল স্থায়ী পিতৃ, আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ’ব”(যিচয়া ৯:৬)।

সেয়েহে চি এচ লিউছে যুক্তি দিয়াৰ দৰে, যীচুক এজন কেৱল সৎ গুৰু বুলি বিশ্বাস কৰাটো এটা ইচ্ছা প্ৰকাশৰ কথা নহয়। যীচুৱে স্পষ্ট আৰু অনস্বীকাৰ্যৰে ঈশ্বৰ বুলি দাবী কৰিছে। যদি তেওঁ ঈশ্বৰ নহয়, তেতিয়াহ’লে তেওঁ এজন মিছলীয়া আৰু এজন ভাৱবাদী, সৎ গুৰু বা ধাৰ্মিকলোকো নহয়। আধুনিক পণ্ডিতসকলে যীচুৰ বাক্যবিলাক ব্যাখ্যা কৰিবলৈ যাওঁতে “প্ৰকৃত ঐতিহাসিক যীচু” দাবী কৰোঁতে বাইবেলে তেওঁৰ বিষয়ে কোৱা বহতো কথা নকয়। আমিনো কোন ঈশ্বৰৰ বাক্যলৈ যুক্তি কৰিবলৈ যিবিলাক যীচুৱে কোৱা নাছিল বা কৰা নাছিল? কেনেকৈ এজন “পণ্ডিতে” যীচুৰ পৰা দুহাজাৰ বছৰ আঁতৰি যীচুৱে যিটো কৰা নাছিল বা কোৱা নাছিল যীচুৰ লগত থকা, তেওঁৰ সেৱা কৰা আৰু যিবিলাকক যীচুৱে নিজে শিক্ষা দিছিল তেওঁলোকতকৈ ভালকৈ জানিব পাৰিব(যোহন ১৪:২৬)?

যীচুৰ পৰিচয়ৰ কোনটো প্ৰশ্ন আটাতকৈ দৰকাৰী? যীচু ঈশ্বৰ হয় বা নহয় কিয় এইটো লাগে? সকলোতকৈ দৰকাৰী যুক্তিটো যীচু ঈশ্বৰ হ’ব লাগিব যদিহে তেওঁ ঈশ্বৰ নহয়। তেওঁৰ মৃত্যু জগতৰ পাপৰ বেচৰ বাবে যথেষ্ট নহ’লহেঁতেন (১ যোহন ২:২)। কেৱল ঈশ্বৰেহে তেনে অনন্ত শাস্তিৰ মূল্য দিব পাৰে(ৰোমীয়া ৫:৮;২ কৰিন্থীয়া ৫:২১)। যীচু ঈশ্বৰ হ’ব লাগিব যাতে তেওঁ আমাৰ ধাৰ পৰিশোধ কৰিব পাৰে। যীচু মানুহ হ’ব লাগিব যাতে তেওঁ মৃত্যু বৰণ কৰিব পাৰে। পৰিত্ৰাণ কেৱল যীচুৰ যোগেদিহে পোৱা যায়। যীচুৰ ঈশ্বৰত্বৰ বাবেহে তেওঁ পৰিত্ৰাণৰ একমাত্ৰ বাট। যীচুৰ ঈশ্বৰত্বৰ বাবেহে তেওঁ ঘোষণা কৰিছিল, “ময়ে বাট, আৰু সত্য আৰু জীৱন। মোৰ যোগেদি নগ’লে পিতৃৰ ওপৰলৈ কোনো নযায়”(যোহন ১৪:৬)।



অসমীয়া হোম পেজলৈ ঘূৰি যাওক



যীচু খ্ৰীষ্ট কোন?