ক্ষমা লাভ কৰিছেনে? মই ঈশ্বৰৰ পৰা কেনেকৈ ক্ষমা লাভ কৰিম?
প্রশ্ন: ক্ষমা লাভ কৰিছেনে? মই ঈশ্বৰৰ পৰা কেনেকৈ ক্ষমা লাভ কৰিম?
উত্তৰ:
এক্ট 13:38 ত ঘোষণা কৰা হৈছে, "সেই কাৰণে, মোৰ ভাইসকল, মই তোমালোকক জনাব বিচাৰিছোঁ যে যীশুৰ মাধ্যমেৰে তোমালোকৰ সকলো পাপ ক্ষমা কৰা হৈছে বুলি ঘোষণা কৰা হৈছে।"
ক্ষমা কি আৰু মোক ইয়াৰ কিয় আৱশ্যক?
"ক্ষমা" শব্দটোৰ অর্থ হৈছে ফলিখন সম্পূর্ণকৈ পৰিষ্কাৰ কৰি পেলোৱা, মাফ কৰা, ঋণ মুক্ত কৰা। আমি যেতিয়া কাৰোবাক জগৰ লগাও, আমি তেওঁলোকৰ পৰা ক্ষমা বিচাৰো যাতে সম্পর্ক আকৌ স্থাপন হয়। ক্ষমা এই কাৰণে কৰা নহয় যে ব্যক্তিজনৰ বাবে ই প্রাপ্য। ক্ষমা কাৰোৰে প্রাপ্য নহয়। ক্ষমা এক প্রেম, কৰুণা আৰু দয়াৰ কৃত কর্ম। আপোনাৰ বিপক্ষে যিয়েই নকৰক কিয়, ক্ষমা হৈছে কোনো ব্যক্তিৰ বিপক্ষে কোনো অভিযোগ নৰখাৰ এটি সিদ্ধান্ত।
বাইবেলত আমাক কোৱা হৈছে যে আমাৰ সকলোকে ঈশ্বৰৰ পৰা ক্ষমা লাভ কৰা আৱশ্যক। আমি সকলোৱে পাপ কৰিছোঁ। একলেচিয়াচটিচ 7:20 ঘোষণা কৰা হৈছে, "পৃথিবীত এনে কোনো ব্যক্তি নাই যিজনে সকলো সময়তে কেৱল উচিত কর্মহে কৰে আৰু কেতিয়াও পাপ কৰা নাই।" 1 জন 1:8 ত কোৱা হৈছে, "আমি যদি পাপহীন বুলি দাবি কৰোঁ, আমি নিজকে নিজে ঠগোৱা হ'ব আৰু সত্য আমাৰ পৰা দূৰ হৈ যাব।" অৱশেষত সকলো পাপ ঈশ্বৰৰ বিৰুদ্ধে কৰা বিদ্রোহ (ছাম 51:4)। ফল স্বৰূপে, আমাৰ সঁচাকৈয়ে ঈশ্বৰৰ পৰা ক্ষমা লাভ কৰা আৱশ্যক। যদি আমাৰ পাপ মার্জনা কৰা নহয়, আমি আমাৰ পাপৰ বাবে চিৰদিন কষ্ট ভোগ কৰিব লাগিব (মেথিউ 25:46; জন 3:36)।
ক্ষমা- মই ইয়াক কেনেকৈ লাভ কৰিম?
আমি কৃতজ্ঞ হ'ব লাগিব, ঈশ্বৰ বৰ মৰমিয়াল আৰু কৰুণাময় – তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰি দিবলৈ সদায়ে সাজু। 2 পিটাৰ 3:9 ত আমাক কোৱা হৈছে, "...তেওঁ তোমালোকৰ সৈতে ধৈর্যশীল, তেওঁ নিবিচাৰে যে কোনো ব্যক্তি ধ্বংস হৈ যাওক, কিন্তু সকলোৱে অনুতাপ কৰা উচিত।" ঈশ্বৰে আমাক ক্ষমা কৰি দিব বিচাৰে, সেইকাৰণে তেওঁ আমাৰ বাবে ক্ষমাৰ মাধ্যমো দিছে।
আমাৰ পাপৰ প্রকৃত শাস্তি হৈছে মৃত্যু। ৰোমানচ 6:23 ৰ প্রথম ভাগত ঘোষণা কৰা হৈছে, "পাপৰ মূল্য হৈছে মৃত্যু..." আমাৰ পাপৰ বাবে আমি চিৰস্থায়ী মৃত্যু অর্জন কৰিছোঁ। ঈশ্বৰ, এয়া তেওঁৰ নিখুঁত পৰিকল্পনা, এজন মানৱ হৈ পৰিল – এয়া হৈছে যীশু (জন 1:1,14)। যীশুৱে ক্রুচত মৃত্যুবৰণ কৰিলে, আমাৰ প্রাপ্য শাস্তি তেওঁ গাত পাতি ললে – এয়া হৈছে মৃত্যু। 2 কৰিনথিয়াচ 5:21 এ আমাক শিক্ষা দান কৰিছে, "ঈশ্বৰে তেওঁক সৃষ্টি কৰিলে যিয়ে কোনো পাপ কৰা নাই যাতে আমাৰ পাপবোৰ ল'ব পাৰে, যাতে তেওঁৰ মাজত ঈশ্বৰৰ সাধুতা আহিব পাৰে।" যীশুৱে ক্রুচত মৃত্যুবৰণ কৰিলে, আমাৰ প্রাপ্য শাস্তি তেওঁ গাত পাতি ললে ! ঈশ্বৰ ৰূপে, যীশুৰ মৃত্যুৱে সম্পূর্ণ পৃথিবীৰ বাবে ক্ষমা লাভ কৰিলে। 1 জন 2:2 ত ঘোষণা কৰা হৈছে, "তেওঁ আমাৰ পাপৰ বাবে প্রায়চ্চিত কৰি আত্মত্যাগ কৰিলে, কেৱল আমাৰ বাবেই নহয় সম্পূর্ণ পৃথিবীৰ পাপৰ বাবে।" যীশুৱে মৃত্যুৰ পিছত পুনৰুত্থান কৰিলে, এনেদৰে পাপ আৰু মৃত্যুৰ বিৰুদ্ধে বিজয় ঘোষণা কৰিলে (1 কৰিনথিয়াচ 15:1-28)। যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ মাজেৰে, ঈশ্বৰৰ মহিমা ঘোষণা কৰা, ৰোমানচ 6:23 ৰ দ্বিতীয় ভাগৰ কথা সত্য, "...কিন্তু আমাৰ প্রভু যীশুৰ মাজেৰে ঈশ্বৰে আমাক শাশ্বত জীৱন উপহাৰ দিছে"।
আপুনি আপোনাৰ পাপৰ মার্জনা বিচাৰেনে? আপুনি বাৰু পাপবোধ কৰেনে যিটো আতঁৰি যাব নুখুজে? আপুনি আপোনাৰ পাপৰ বাবে ক্ষমা লাভ কৰিব যদি আপুনি যীশুক ত্রাণকর্তা বুলি বিশ্বাস কৰে। ইফেচিয়ানচ 1:7 ত কোৱা হৈফে. "তেওঁৰ মাজত মই তেওঁৰ তেজৰ দ্বাৰা আমাৰ পাপমোচন হ'ব, আমাৰ পাপবোৰ মার্জনা কৰা হ'ব, এইবোৰ সকলো ঈশ্বৰৰ কৰুণাৰ বাবেহে হৈছে। যীশুৱে আমাৰ ঋণ পৰিশোধ কৰিলে, যিতে আমি ক্ষমা লাভ কৰিব পাৰোঁ। আপুনি কেৱল যীশুৰ মাজেৰে ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিলেই হ'ব, বিশ্বাস কৰিব লাগিব যে আমাৰ ক্ষমা লাভৰ বাবে যীশুৱে মৃত্যু বৰণ কৰিলে – আৰু তেওঁ আপোনাক ক্ষমা কৰিব! জন 3:16-17 ত এই সুন্দৰ বার্তাটো অন্তর্ভুক্ত কৰা হৈছে, "যিহেতু ঈশ্বৰে পৃথিবীখন ইমানেই ভাল পায় যে তেওঁ নিজৰ একমাত্র পুত্রক পঠিয়ালে যাতে যিজনেই তেওঁক বিশ্বাস কৰিব তেওঁ ধ্বংস নহ'ব বৰঞ্চ শাশ্বত জীৱন লাভ কৰিব। ঈশ্বৰে তেওঁৰ পুত্রক পৃথিবীক অভিশাপ দিবৰ বাবে পৃথিবীলৈ পঠোৱা নাছিল, বৰঞ্চ তেওঁৰ মাজেৰে পৃথিবীক ৰক্ষা কৰিবলৈহে পঠাইছিল।"
ক্ষমা – ই বাৰু সঁচাকৈয়ে ইমান সহজ কথা নে?
হয়, ক্ষমা সঁচাকৈয়ে বৰ সহজ কথা! আপুনি ঈশ্বৰৰ পৰা ক্ষমাৰ প্রাপ্য নহয়। আপুনি ঈশ্বৰৰ পৰা ক্ষমা ক্রয় কৰিব নোৱাৰে। আপুনি কেৱল বিশ্বাসৰ দ্বাৰাহে ইয়াক পাব পাৰে, ঈশ্বৰৰ দয়া আৰু কৰূণাৰ দ্বাৰা। যদি তুমি যীশুক নিজৰ ত্রাণকর্তা ৰূপে গ্রহণ কৰিবলৈ আৰু ঈশ্বৰৰ পৰা ক্ষমা লাভ কৰিবলৈ বিচাৰিছা এয়া ইয়াত দিয়া আছে প্রার্থনাৰ এটা নমুনা। এইটো বা আন এটা প্রার্থনা কৰিলেই তুমি মুক্তি লাভ কৰিব নোৱাৰা। কেৱল যীশুক বিশ্বাস কৰিলেহে পাপৰ বাবে ক্ষমা লাভ কৰিব পাৰিবা। এই প্রার্থনাটোৰ দ্বাৰা ঈশ্বৰৰ ওপৰত থকা তোমাৰ বিশ্বাস প্রকাশ কৰিব পাৰিবা আৰু তোমাক মুক্তি দান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব পাৰিবা। হে ঈশ্বৰ, মই জানো যে মই তোমাৰ বিৰুদ্ধে পাপ কৰিছো আৰু মই শাস্তিৰ প্রাপ্য। কিন্তু যীশুৱে মোৰ প্রাপ্য শাস্তি নিজে গাত পাতি ললে যাতে তেওঁৰ মাজেৰে মই ক্ষমা লাভ কৰিব পাৰো। মই মোৰ মুক্তিৰ বাবে তোমাৰ ওপৰত বিশ্বাস আনিছোঁ। তোমাৰ অপূর্ব দয়া আৰু কৰুণাৰ বাবে ধন্যবাদ! আমেন!"
যাৰ বাবে আপুনি এয়া পঢ়ি আছে সেই যীশুৰ বাবে আপুনি সিদ্ধান্ত গ্ৰহণ কৰিলেনে? যদি কৰিলে, তেন্তে অনুগ্ৰহ কৰি তলত থকা "মই আজি যীশুক গ্ৰহণ কৰিলো”ত ক্লিক কৰক"।
অসমীয়া গৃহপৃষ্ঠালৈ ঘূৰি যাওক
ক্ষমা লাভ কৰিছেনে? মই ঈশ্বৰৰ পৰা কেনেকৈ ক্ষমা লাভ কৰিম?
|