settings icon
share icon
প্রশ্ন

খ্ৰীষ্টীয়ান কি?

উত্তৰ


অভিধানত এজন খ্ৰীষ্টীয়ানৰ সংজ্ঞা এনেধৰণৰ হ’ব, “যীচুক খ্ৰীষ্ট বুলি স্বীকাৰ কৰা এজন মানুহ বা যীচুৰ শিক্ষাত ভিত্তি কৰা এটি ধৰ্ম”। যিহেতু এইটো এটা ভাল আৰম্ভ কৰা কথা, আন বহুতো অভিধানৰ সংজ্ঞাৰ দৰে, ই বাইবেলে কোৱা খ্ৰীষ্টীয়ানৰ ব্যাখ্যা দিব নোৱাৰে। “খ্ৰীষ্টীয়ান” শব্দটো নতুন নিয়মত তিনিবাৰ ব্যৱহাৰ কৰিছে(পাঁচনিৰ কৰ্ম ১১:২৬:২৬:২৮; ১ পিতৰ ৪:১৬)। প্ৰথমে আন্তিয়খিয়াত যীচুৰ অনুগামীসকলক খ্ৰীষ্টীয়ান বুলি কোৱা হৈছিল(পাঁচনিৰ কৰ্ম ১১:২৬)। কাৰণ তেওঁলোকৰ স্বভাৱ, কাৰ্য আৰু কথা যীচুৰ দৰে আছিল। “খ্ৰীষ্টীয়ান” শব্দটো আক্ষৰিক অৰ্থত “খ্ৰীষ্টৰ দলৰ লোক” বা এজন খ্ৰীষ্টৰ অনুগামী”।

দুৰ্ভাগ্যবশতঃ সময় যোৱাত “খ্ৰীষ্টীয়ান” শব্দটোৰ বহুতো তাৎপৰ্য হেৰাল আৰু অনেক সময়ত যি জন ধাৰ্মিক বা উচ্চ নৈতিক মূল্য আছে বুলি বুজালেও যীচুৰ প্ৰকৃত অনুগামী নহ’ব পাৰে। বহুতো মানুহে যীচু খ্ৰীষ্টক বিশ্বাস আৰু অস্থা নাৰাখে তেওঁলোকে নিজকে খ্ৰীষ্টীয়ান বুলি বিবেচনা কৰে কাৰণ তেওঁলোক গিৰ্জালৈ যায় বা তেওঁলোক খ্ৰীষ্টীয়ান দেশত থাকে। কিন্তু গিৰ্জালৈ গ’লে, আপোনাতকৈ কম ভাগ্যৱানসকলক সেৱা কৰি বা এজন ভাল মানুহ হোৱাৰ কাৰণে আপোনাক এজন খ্ৰীষ্টীয়ান কৰে মানে গেৰেজলৈ গৈ মটৰ গড়ী হোৱৰ দৰে হ’ব। এটা মণ্ডীৰ সভ্য হ’লে, নিয়মিত সেৱা-উপাসনাত যোগ দিলে, আৰু মণ্ডলীৰ কামত আত্মনিয়োগ কৰিলেই এজন খ্ৰীষ্টীয়ান নহয়।

বাইবেলে শিকাইছে যে আমি কৰা ভাল কামে ঈশ্বৰৰ দৃষ্টিত আমাক গ্ৰহণীয় নকৰে। তীত ৩:৫ কৈছে, “তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে”। সেয়েহে খ্ৰীষ্টীয়ান এজন সেইজনেই যি জনৰ ঈশ্বৰৰ দ্বাৰাই নতুন জন্ম হ’ল(যোহন ৩:৩; যোহন ৩:৭; ১ পিতৰ ১:২৩) আৰু যীচু খ্ৰীষ্টত বিশ্বাস আৰু আস্থা ৰাখিলে। ইফিচীয়া ২:৮ আমাক এইটো কৈছে, “….অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা- সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান।”

এজন প্ৰকৃত খ্ৰীষ্টীয়ান এজন ব্যক্তি যিজনে পাপৰ বেচস্বৰূপে যীচু খ্ৰীষ্টৰ ক্ৰুচত মৃত্যু আৰু তৃতীয় দিনা তেওঁৰ পুনৰুত্থানসহ যীচুৰ ব্যক্তি আৰু কাৰ্যত বিশ্বাস আৰু আস্থা স্থাপন কৰিলে। যোহন ১:১২ কৈছে, “তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।” এজন প্ৰকৃত খ্ৰীষ্টীযানৰ চিন হৈছে আনৰ বাবে প্ৰেম আৰু ঈশ্বৰৰ বাক্যৰ বাধ্যতা(১ যোহন ২:৪,১০)। এজন প্ৰকৃত খ্ৰীষ্টীয়ান সঁচাকৈয়ে ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ পৰিয়ালৰ এটি অংশ, আৰু যিজনক খ্ৰীষ্টত নতুন জীৱন দিয়া হ’ল।

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

খ্ৰীষ্টীয়ান কি?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries