settings icon
share icon
প্রশ্ন

অনন্ত জীৱন পালেনে?

উত্তৰ


বাইবেলে অনন্ত জীৱনলৈ এটি স্পষ্ট বাট দিছে। প্ৰথমে, আমি নিশ্চয় স্বীকাৰ কৰিব লাগিব যে আমি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিলো: “কিয়নো একো প্ৰভেদ নাই; কাৰণ সকলোৱে পাপ কৰিলে, আৰু ঈশ্বৰৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে”(ৰোমীয়া৩:২৩)। আমি ঈশ্বৰে বেয়া পোৱা কাম কৰিলো, যাৰ বাবে আমি শাস্তি পোৱাৰ যোগ্য। যিহেতু আমাৰ সকলো পাপ অৱশেষত অনন্ত ঈশ্বৰৰ বিৰুদ্ধে, কেৱল এটা অনন্ত শাস্তি যথেষ্ট। “কিয়নো পাপৰ বেচ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন” (ৰোমীয়া ৬:২৩)।

অৱশ্যে, যীচু খ্ৰীষ্ট, নিষ্পাপীজনা(১ পিতৰ ২:২২), অনন্ত ঈশ্বৰৰ পুত্ৰ এজন মানুহ হ’ল(যোহন ১:১,১৪) আৰু আমাৰ শাস্তিৰ মূল্য দিবলৈ মৃত্যূবৰণ কৰিলে। “কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্বেই যেতিয়া আমি পাপী আছিলো, তেতিয়া খ্ৰীষ্টে আমাৰ নিমিত্তে আপোন প্ৰাণ দিলে”(ৰোমীয়া ৫:৮)। যীচু খ্ৰীষ্ট ক্ৰুচত মৃত্যু হ’ল(যোহন ১৯:৩১-৪২), আমি পাবলগীয়া শাস্তি তেওঁ বহন কৰিলে(২ কৰিন্থীয়া ৫:২১)। তিনি দিনৰ পিছত তেওঁ মৃত্যুৰ পৰা উঠিল(১ কৰিন্থীয়া ১৫:১-৪), পাপৰ ওপৰত তেওঁৰ জয়যুক্ততা প্ৰমাণ কৰিলে। “তেওঁ নিজ প্ৰচুৰ দয়া অনুসাৰে, মৃতবিলাকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই, জীৱনময় আশাৰ নিমিত্তে আৰু অক্ষয়, নিৰ্মল আৰু অজৰ উত্তৰাধিকাৰৰ নিমিত্তে আমাক পুনৰ্জন্ম দিলে”( ১ পিতৰ ১:৩)।

বিশ্বাসৰ দ্বাৰাই আমি নিশ্চয় খ্ৰীষ্টৰ বিষয়ে আমাৰ মনোভাৱ সলনি কৰিব লাগিব–তেওঁ কোন হয়, তেওঁ কি কৰিলে, আৰু কিয় আমাৰ পৰিত্ৰাণৰ বাবে(পাঁচনিৰ কৰ্ম ৩:১৯)। আমি যদি তেওঁত বিশ্বাস স্থাপন কৰোঁ, আমাৰ পাপৰ বেচহিচাপে ক্ৰুচত মৃত্যুবৰণ কৰিলে, আমাক ক্ষমা দিয়া হ’ব আৰু আমি অনন্ত জীৱনৰ প্ৰতিজ্ঞাৰ ভাগী হ’ম। “কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়”(যোহন ৩:১৬)। “কিয়নো তুমি যদি যীচুক প্ৰভু বুলি স্বীকাৰ কৰা, আৰু ঈশ্বৰে যে মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা”(ৰোমীয়া ১০:৯)। কেৱল খ্ৰীষ্টে ক্ৰুচত সিদ্ধ কৰা বিশ্বাসহে অনন্ত জীৱনলৈ নিয়া সত্য বাট! “কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা; আৰু সেয়ে তোমালোকৰ পৰা নহয়; ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়”(ইফিচীয়া২:৮-৯)।

আপুনি যদি যীচু খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব বিচাৰে, এইয়া এটা প্ৰাৰ্থনাৰ নমুনা। মনত ৰাখিব, এই প্ৰাৰ্থনা কৰিলে বা আন যিকোনো প্ৰাৰ্থনাই আপোনাক পৰিত্ৰাণ নিদিব। কেৱল যীচুক আস্থাত লোৱাৰ দ্বাৰাই পাপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল আপোনাৰ বিশ্বাস ঈশ্বৰক জনোৱাৰ এটা উপায় আৰু তেওঁক ধন্যবাদ দিয়ক আপোনাৰ পৰিত্ৰাণৰ বাবে। “ঈশ্বৰ, মই জানো যে আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলো আৰু শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচুৱে মই পাবলগীয়া শাস্তি ল’লে যাতে তেওঁক বিশ্বাস কৰা যোগেদি মই ক্ষমা পাওঁ। পৰিত্ৰাণৰ বাবে মই আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ- অনন্ত জীৱনৰ দান! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

অনন্ত জীৱন পালেনে?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries