পৰভাষাত কোৱা বৰনো কি?


প্রশ্ন: পৰভাষাত কোৱা বৰনো কি?

উত্তৰ:
পাঁচনিৰ কৰ্ম ২:১-৪ পদ অনুযায়ী পৰভাষা কোৱা প্ৰথমে পঞ্চাছদিনীয়া পৰ্বৰ দিনা ঘটিছিল। পাঁচনিবিলাক ওলাই গৈ লোকসমূহক শুভবাৰ্তা দিছিল, তেওঁলোকৰ নিজৰ ভাষাতে কৈছিল: “আমি, আমাৰ নিজৰ নিজৰ ভাষাৰে এওঁবিলাকে ঈশ্বৰৰ মহৎ কৰ্মৰ কথা শুনি আছোঁ!”(পাঁচনিৰ কৰ্ম ২:১১)। অনুদিত গ্ৰীক শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে “ভাষাবিলাক”। সেইবাবে, পৰভাষাৰ বৰ হৈছে কোৱা মানুহজনে নজনা আনৰ প্ৰতি পৰিচৰ্যা আগ বঢ়োৱা হয় যিজনে সেই ভাষা জানে। ১ কৰিন্থীয়া ১২-১৪ আধ্যায়বিলাকত, পৌলে আচৰিত বৰবিলাকৰ বিষয়ে আলোচনা কৰি কৈছে, “এতিয়া, হে ভাইবিলাক, মই তোমালোকৰ ওচৰলৈ গৈ, প্ৰকাশিত বাক্য বা জ্ঞান, ভাববাণী বা উপদেশ, এইবোৰ বৰৰ অনুক্ৰমে নকৈ, যদি পৰভাষা কওঁ, তেন্তে তোমালোকৰ কি লাভ হ’ব?” (১ কৰিন্থীয়া ১৪: ৬)। পাঁচনি পৌলৰ মতে, আৰু পাঁচনিৰ কৰ্মত বৰ্ণনা কৰা বাৰ্তাৰ লগত সংগতি ৰাখি, পৰভাষাত কথা কোৱাটো বহুমূলীয়া যেতিয়া এজনে তেওঁৰ নিজৰ ভাষাত ঈশ্বৰৰ বাণী শুনে, কিন্তু ই আন সকলোৰে বাবে অদৰকাৰী যদিহে ইয়াক বুজাই দিব নোৱাৰে।

পৰভাষাৰ অৰ্থ বুজাব পৰা বৰ(১ কৰিন্থীয়া ১২:৩০) পোৱা লোকেহে জানিব পাৰে পৰভাষা কোৱাজনেনো কি কৈছে যদিও কোৱাজনে নিজে নাজানিব তেওঁনো কি কৈছে। পৰভাষা বুজাব পৰাজনে সকলোকে পৰভাষাৰ বাণী জনাই, যাতে সকলোৱে বুজিব পাৰে। “এই কাৰণে যি জনে পৰভাষা কয়, তেওঁ অৰ্থকো যেন বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰক” (১ কৰিন্থীয়া ১৪:১৩)। পৰভাষাৰ কথাত পৌলৰ সিদ্ধান্ত যে যি পৰভাষা বুজোৱা নহয় সেইয়া শক্তিশালী: “তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ, মানুহক শিক্ষা দিবলৈ, বুদ্ধিৰে পাঁচোটা কথাকে ক’বলৈ ভাল পাওঁ”( ১কৰিন্থীয়া ১৪:১৯)।

পৰভাষা কোৱাৰ বৰ অজিৰ বাবেও নে? ১ কৰিন্থীয়া ১৩:৮ পদত উল্লেখ কৰিছে যে “সম্পূৰ্ণতা” (১ কৰিন্থীয়া ১৩::১০) উপস্থিত হ’লে পৰভাষা কোৱা বৰ লুপ্ত হ’ব। কিছুমানে গ্ৰীক ক্ৰিয়া পদৰ কাল ভাববাণী আৰু জ্ঞান “লুপ্ত হ’ব” আৰু পৰভাষা “গুচিব”, সাক্ষ্য দিয়ে যে “সম্পূৰ্ণতা” অহাৰ পূৰ্বে লুপ্ত হ’ব। ইয়াৰ সম্ভাৱনা থাকিলেও শাস্ত্ৰাংশই তাকে স্পষ্ট নকৰে। কিছুমানে যিচয়া ২৮:১১ আৰু যোৱেল ২:২৮-২৯ পদৰ দৰে শাস্ত্ৰাংশলৈ উনুকিয়াই যে পৰভাষা কোৱাটো ঈশ্বৰৰ বিচাৰ অহাৰ এটি চিন। ১ কৰিন্থীয়া ১৪:২২ পদে বৰ্ণনা কৰে যে পৰভাষা কোৱাটো “বিশ্বাস নকৰাসকললৈ চিন।” এই যুক্তি অনুযায়ী, পৰভাষা কোৱা বৰ যিহুদীসকললৈ সাৱধান বাণী যে যীচু খ্ৰীষ্টক মছীহ হিচাপে অগ্ৰাহ্য কৰাৰ বাবে ঈশ্বৰে ইস্ৰায়েলক বিচাৰ কৰিব। সেইবাবে, ঈশ্বৰে সঁচাকৈ ইস্ৰায়েলক বিচাৰ কৰিলে(৭০ খ্ৰীষ্টাব্দত ৰোমীয়াসকলে যিৰূচালেম ধ্বংস কৰিলে), পৰভাষা কোৱাৰ বৰে ইয়াৰ আৰু উদ্দেশ্য সাধন কৰিবলগীয়া নাই। এই দৃষ্টি সম্ভৱ হ’ব পাৰে, পৰভাষা কোৱা বৰৰ উদ্দেশ্য সিদ্ধ হ’লেও যে বৰটো লুপ্ত হ’ব লাগিব তেনে নহয়। শাস্ত্ৰই স্পষ্ট সিদ্ধান্ত দিয়া নাই যে পৰভাষা কোৱাৰ বৰ লুপ্ত হ’ল।

একে সময়ত, যদি আজিও মণ্ডলীত পৰভাষা কোৱাৰ বৰ সক্ৰিয়, এইয়া শাস্ত্ৰ অনুযায়ী চলাব লাগে। এইটো প্ৰকৃত আৰু বুজিব পৰা ভাষা হওক(১ কৰিন্থীয়া ১৪:১০)। এইটো ঈশ্বৰৰ বাক্য কোনোজনক আন এটা ভাষাৰে জনাবৰ বাবে হওক(পাঁচনিৰ কৰ্ম ২:৬-১২)। এইটো ঈশ্বৰে পৌলৰ যোগে দিয়া আদেশ অনুযায়ী, কোনোৱে যদি পৰভাষা কয়, তেন্তে দুজন বা তাতকৈ অধিক হ’লেও, প্ৰতিজনে পালৰ অনুক্ৰমে কওক আৰু এজনে অৰ্থ বুজাই দিয়ক; কিন্তু অৰ্থ বুজাওঁতা যদি কোনো নাই, তেন্তে তেওঁ মণ্ডলীত নিজম দি থাকক; কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক।” এইটো ১ কৰিন্থীয়া ১৪:৩৩ পদৰ লগতো মিল, “কিয়নো ঈশ্বৰ উটাপুটা কৰাওঁতা নহয়, কিন্তু শান্তি দিওঁতা।”

ঈশ্বৰে নিশ্চয় কোনোজনক পৰভাষা কোৱা বৰ দিব পাৰে যাতে তেওঁ আন ভাষা কোৱাজনক ঈশ্বৰৰ বাণী দিবলৈ সমৰ্থ হয়। পবিত্ৰ আত্মাৰ ইচ্ছানুযায়ী আত্মাৰ বৰবিলাক দিয়ে( ১ কৰিন্থীয়া ১২:১১)। ভাবি চাওক কিমান ফলদায়ক মিছনেৰী হ’লহেঁতেন যদিহে তেওঁলোকে ভাষা শিক্ষা অনুষ্ঠানলৈ যাবলগীয়া নহ’লহেঁতেন, আৰু যদি লগে লগে আন মানুহবিলাকৰ ভাষাৰে ক’ব পৰা হ’লে। অৱশ্যে ঈশ্বৰে এনেদৰে নকৰে যেন লাগে। নতুন নিয়মৰ সময়ৰ দৰে পৰভাষা কোৱা এতিয়া নাথাকে যেন লাগে, যদিও এইটো খুব ব্যৱহাৰৰ উপযোগী হ’ব পাৰে। যিসকলে পৰভাষা বৰ পোৱা বুলি দাবী কৰে তেওঁলোকৰ বেছিভাগ বিশ্বাসীয়েই ওপৰত শাস্ত্ৰই কোৱাৰ দৰে নকৰে। এই কথাবিলাকেৰে এইটো সিদ্ধান্তলৈ আনে যে পৰভাষা কোৱা বৰ লুপ্ত হ’ল নতুবা কাচিৎহে ই আজিৰ মণ্ডলীৰ বাবে ঈশ্বৰৰ পৰিকল্পনা।

English
অসমীয়া হোম পেজলৈ ঘূৰি যাওক
পৰভাষাত কোৱা বৰনো কি?