settings icon
share icon
প্রশ্ন

পাপীৰ প্ৰাৰ্থনা কি?

উত্তৰ


পাপীৰ প্ৰাৰ্থনা হৈছে এজন ব্যক্তিয়ে যেতিয়া বুজি পাই তেওঁ পাপী বুলি আৰু তেওঁক এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন বুলি জানি ঈশ্বৰলৈ কৰা এটা প্ৰাৰ্থনা। পাপীৰ প্ৰাৰ্থনা কৈ দিলেই ইয়াৰে একো সাধন নহয়। পাপীৰ প্ৰাৰ্থনা এটাই কাম কৰে যদিহে প্ৰকৃততে মানুহজনে জানে তেওঁ কি হয় বুজি পায়, আৰু পাপময় অৱস্থাৰ বিষয়ে আৰু ত্ৰাণকৰ্তাৰ প্ৰয়োজনীয়তাত বিশ্বাস কৰে।

পাপীৰ প্ৰাৰ্থনাৰ প্ৰথম ৰীতি হৈছে যে আমি সকলো পাপী বুলি জনাটো। ৰোমীয়া ৩:১০ত কৈছে, “সকলোৱে পাপৰ অধীন, এই বিষয়ে লিখাও আছে, ধাৰ্মিক কোনো নাই, এজনো নাই।” বাইবেলে এইটো স্পষ্ট কৰি দিছে যে আমি সকলোৱে পাপ কৰিলো। আমি সকলোৱেই পাপী আৰু আমাক ঈশ্বৰৰ দয়া আৰু ক্ষমাৰ প্ৰয়োজন(তীত ৩:৩-৫)। আমাৰ পাপৰ বাবে, আমি অনন্ত শাস্তি পোৱাৰ যোগ্য(মথি ২৫:৪৬)। পাপীৰ প্ৰাৰ্থনা হৈছে সোধবিচাৰৰ পৰিৱৰ্তে দয়া বিচাৰা। এইটো ক্ৰোধৰ পৰিৱৰ্তে দয়া অনুৰোধ জনোৱা।

পাপীৰ প্ৰাৰ্থনাৰ দ্বিতীয় ৰীতিটো হৈছে ঈশ্বৰে আমাৰ পতিত আৰু পাপময় অৱস্থাৰ বাবে কি বিহিত উপায় ললে জনাটো। যীচু খ্ৰীষ্টত ঈশ্বৰ শৰীৰৰূপী মানুহ হ’ল(যোহন ১:১,১৪)। যীচুৱে আমাক ঈশ্বৰৰ সত্যতাৰ বিষয়ে শিকালে আৰু তেওঁ সম্পূৰ্ণ ধাৰ্মিক আৰু নিষ্পাপী জীৱন কটালে(যোহন ৮:৪৬; ২ কৰিন্থীয়া ৫:২১)। যীচুৱে পিছত আমাৰ পাপৰ বাবে আমি পাবলগীয়া শাস্তি লৈ আমাৰ পৰিৱৰ্তে ক্ৰুচত মৃত্যু হ’ল(ৰোমীয়া ৫:৮)। যীচু মৃত্যুৰ পৰা পুনৰ উঠি পাপ, মৃত্যু আৰু নৰকৰ ওপৰত তেওঁৰ জয়যুক্ততা প্ৰমাণিত হ’ল(কলচীয়া ২:১৫;১ কৰিন্থীয়া ১৫)। এই সকলোৰ বাবে, আমাৰ পাপ ক্ষমা হ’ব পাৰে আৰু স্বৰ্গত অনন্ত ঘৰৰ প্ৰতিজ্ঞা লভিব পাৰোঁ- যদিহে আমি যীচু খ্ৰীষ্টত আমাৰ বিশ্বাস স্থাপন কৰোঁ। আমি কেৱল অনুগ্ৰহেৰে, কেৱল বিশ্বাসৰ যোগেদি আৰু কেৱল যীচু খ্ৰীষ্টত পৰিত্ৰাণ পাপ পাৰোঁ। ইফিচীয়া ২:৮ত ঘোষণা কৰিছে, “কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা; আৰু সেয়ে তোমালোকৰ পৰা নহয়; ঈশ্বৰৰহে দান।”

পাপীৰ প্ৰাৰ্থনা কৰাটো আপুনি যে যীচু খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তাহিচাপে ভৰসা কৰিছে সেইটোহে সহজভাৱে প্ৰকাশ কৰে। তাত পৰিত্ৰাণ দিয়াৰ কোনো “যাদু”ৰ কথা নাই। কেৱল যীচু খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানত বিশ্বাস কৰাৰ দ্বাৰা পৰিত্ৰাণ পোৱা যায়। যদি আপুনি বুজিছে যে আপুনি এজন পাপী আৰু যীচু খ্ৰীষ্টৰ যোগেদি পৰিত্ৰাণৰ পোৱাৰ প্ৰয়োজন, এইয়া এটা প্ৰাৰ্থনাৰ নমুনা। মনত ৰাখিব যে এই প্ৰাৰ্থনা বা আন যিকোনো প্ৰাৰ্থনা কৰিলেই আপুনি পৰিত্ৰাণ নাপায়। কেৱল যীচুক বিশ্বাস কৰিহে আপুনি পাপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল আপোনাৰ বিশ্বাস ঈশ্বৰক জনোৱাৰ এটা উপায় আৰু তেওঁক ধন্যবাদ দিয়ক আপোনাৰ পৰিত্ৰাণৰ বাবে। “ঈশ্বৰ, মই জানো যে আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলো আৰু শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচুৱে মই পাবলগীয়া শাস্তি ল’লে, যাতে তেওঁক বিশ্বাস কৰা যোগেদি মই ক্ষমা পাওঁ। পৰিত্ৰাণৰ বাবে মই আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ- অনন্ত জীৱনৰ দান! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

পাপীৰ প্ৰাৰ্থনা কি?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries