প্রশ্ন
পোহনীয়া জন্তু স্বৰ্গলৈ যায় নে? পোহনীয়া জন্তুৰ আত্মা আছেনে?
উত্তৰ
পোহনীয়া জন্তুৰ অত্মা আছে নে নাই বা পোহনীয়া জন্তু স্বৰ্গত থাকিব নে নাথাকে বাইবেলে স্পষ্ট শিক্ষা নিদিয়ে। অৱশ্যে, এই বিষয়ত মুকলি হ’বলৈ আমি বাইবেলৰ সাধাৰণ নীতিবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। বাইবেলে কৈছে যে মানুহ(আদিপুস্তক ২:৭) আৰু জন্তুৰ(আদিপুস্তক ১:৩০; ৬:১৭; ৭:১৫, ২২) ‘প্ৰাণবায়ু” আছে; তাৰ মানে মানুহ আৰু জন্তু জীয়া প্ৰাণী। মানুহ আৰু জন্তুৰ প্ৰাৰ্থমিক পাৰ্থক্য হৈছে মানুহক ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু সাদৃশ্যৰে নিৰ্মাণ কৰা হৈছে(আদিপুস্তক ১:২৬-২৭), কিন্তু জন্তুবিলাকক নহয়। ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু সাদৃশ্যৰে নিৰ্মণ কৰা মানে, মানুহ ঈশ্বৰৰ নিচিনা, অধ্যাত্মিকতাৰ সামৰ্থ থকা মন, আবেগ আৰু ইচ্ছাসহ আৰু তেওঁলোকৰ কোনো অংশ মৃত্যুৰ পিছতো জীয়াই থাকে। যদি পোহনীয়া জীৱ-জন্তুৰ “আত্মা”বা অমৰণশীল দিশ থকাহ’লে ই নিশ্চয় বেলেগ আৰু নিম্ন “গুণ” বিশিষ্ট হ’ব। এইটোৱে ইয়াকে বুজাব যে পোহনীয়া জীৱ-জন্তুৰ মৃত্যুৰ পিছত অস্তিত্ব নাথাকে।
আন এটা কাৰণ বিবেচনা কৰিব লাগে আদিপুস্তকত জীৱ-জন্তুবিলাক ঈশ্বৰৰ সৃষ্টিৰ এটি প্ৰক্ৰিয়া। ঈশ্বৰে জীৱ-জন্তু সৃষ্টি কৰি ক’লে যে সেইবিলাক উত্তম(আদিপুস্তক ১:২৫)। সেইবাবে, নতুন পৃথিৱীত যে জন্তু নাথাকিব তাৰ কোনো মানে নাই(প্ৰকাশিত বাক্য ২১:১)। যীচুৰ হাজাৰ বছৰীয়া ৰাজ্যত নিশ্চয় জন্তুও থাকিব(যিচয়া ১১:৬;৬৫:২৫)। এইটো কোৱা অসম্ভৱ যে ইয়াৰ কিছুমান জীৱ-জন্তু এতিয়া আমি পোহাবিলাকৰো থাকিব বুলি। আমি জান যে ঈশ্বৰ ন্যায়ৱান আৰু আমি যেতিয়া স্বৰ্গ পাম তেতিয়া জানিম যে যেয়ে নহ’লেও এই চিন্তনীয় বিষয়টোৰ লগত ঈশ্বৰৰ সিদ্ধান্তবিলাকৰ মিল আছে।
English
পোহনীয়া জন্তু স্বৰ্গলৈ যায় নে? পোহনীয়া জন্তুৰ আত্মা আছেনে?