জীৱনৰ অৰ্থ কি?



প্রশ্ন: জীৱনৰ অৰ্থ কি?

উত্তৰ:
জীৱনৰ অৰ্থ কি? জীৱনত মই কেনেকৈ উদ্দেশ্য, পৰিপূৰ্ণতা আৰু তৃপ্ততা পাব পাৰোঁ? স্থায়ীহিচাপে দৰকাৰী কিবা ৰাখি যাব পৰা কৰিবলৈ মোৰ সম্ভাৱনীয়তা আছেনে? বহুতো মনুহে এই দৰকাৰী প্ৰশ্নবিলাক কেতিয়াও এৰি দিয়া নাই। তেওঁলোকে বিগত বছৰবোৰলৈ চাই আচৰিত হয় যে কিয় তেওঁলোকে সম্পৰ্কৰ পৰা পিছলি গৈছে আৰু কিয় ইমান উদাসীন অনুভৱ কৰে যদিও তেওঁলোকে কি কৰিবলৈ লৈছিল তাত কৃতকাৰ্যতা লভিব পাৰে। এজন নামজ্বলা বেচবল খেলুৱৈক সুধা হৈছিল যে তেওঁ যেতিয়া প্ৰথমে বেচবল খেলিবলৈ লৈছিল তেওঁ কি হ’বলৈ ইচ্ছা কৰিছিল। তেওঁ উত্তৰ দিছিল, “মই ইচ্ছা কৰোঁ যদি কোনোৱে মোক ক’লেহেঁতেন যে একেবাৰে ওপৰ পোৱাৰ পিছত, তাত একো নাথাকে।” ভালেমান বছৰ অবাবত অনুসৰণ কৰাৰ পিছত বহুতে তেওঁলোকৰ আসাৰতাহে প্ৰকাশ কৰে।

আমাৰ আনৱতাদৰদী সমাজত, বহুতো লোকে উদ্দেশ্য অনুসন্ধান কৰে, ভাবে যে তাত তেওঁলোকৰ জীৱনৰ অৰ্থ বিচাৰি পাব। এই অনুসৰণবিলাকৰ ভিতৰত থাকিব পাৰে ব্যৱসায়ত কৃতকাৰ্যতা, সম্পত্তি, সু-সম্পৰ্ক, যৌন, ৰং-ধেমালি আৰু আনৰ হিত কৰা। মানুহে সম্পত্তি, সম্বন্ধ, আৰু ভোগবিলাসত মত্তহৈ সেই লক্ষ্যবিলাকত উপনীত হৈয়ো ভিতৰত যে একোৰে পূৰাব নোৱাৰা কিবা উদং বা খালী অনুভৱ কৰে।

বাইবেলৰ পুস্তক উপদেশকৰ লেখকে সেইয়া অনুভৱ কৰি বৰ্ণনা কৰিছে, “অসাৰৰ অসাৰ, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ”(উপদেশক ১:২)। ৰজা চলোমন, উপদেশক লেখকৰ অসীম সম্পত্তি আছিল, তেওঁ আৰু আমাৰ সময়ৰ সকলোতকৈ অধিক জ্ঞান, শ শ ভাৰ্যা, দেশবিলাকৰ মজত লোভনীয় ৰাজকাৰেং আৰু বাগিছা, উত্তম আহাৰ আৰু মদ তথা পাব পৰা সকলোধৰণৰ আমোদ-প্ৰমোদ অনুসৰণ কৰিছিল। আৰু তেওঁ এবাৰ কৈছিল যে মনে বিচৰা সকলো, তেওঁ অনুসৰণ কৰিব পাৰে। তথাপি তেওঁ সাৰাংশত কৈছে “সূৰ্যৰ তলত” অমি জীৱনত জীয়াই থাকি পোৱা যিবিলাক আমি চকুৰে দেখোঁ আৰু অভিজ্ঞতাৰে অভুভৱ কৰোঁ অৰ্থহীন! কিয় তেনে এটা শূন্য? কিয়নো আমি ইয়াত এতিয়া যি অভিজ্ঞতা পাওঁ তাৰ উপৰি আন কিহবাৰ বাবে ঈশ্বৰে আমাক সৃষ্টি কৰিছিল। চলোমনে ঈশ্বৰক কৈছিল, “তেওঁবিলাকৰ হৃদয়ত অনন্ত কালো ৰাখিছে….”(উপদেশক ৩:১১)। আমি আমাৰ হৃদয়ত জানো যে “ইয়াত আৰু এতিয়া” সকলো নাই।

বইবেলৰ প্ৰথম পুস্তক অদিপুস্তকত আমি পাওঁ যে ঈশ্বৰে মানুহক নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰিছিল(আদিপুস্তক ১:২৬)। তাৰমানে আমি আন যিকোনোতকৈ ঈশ্বৰৰ নিচিনাহে(জীৱন থকা আন যিকোনোতকৈ)। আমি এইটোও পাওঁ যে মানুহ পাপত পতিত হোৱাৰ আগেয়ে পাপৰ অভিশাপ ভূমিত পৰিল, এইবিলাক সত্য:(১) ঈশ্বৰে মানুহক সামাজিক প্ৰাণী কৰিলে(আদিপুস্তক ২:১৮-২৫); (২) ঈশ্বৰে মানুহক কৰ্ম দিলে(আদিপুস্তক ২:১৫);(৩) মানুহৰ সৈতে ঈশ্বৰৰ সহভাগিতা আছিল(আদিপুস্তক ৩:৮), আৰু (৪) ঈশ্বৰে মানুহক পৃথিৱীৰ ওপৰত অধিকাৰ চলাবলৈ দিছিল(আদিপুস্তক ১:২৬)। এইবিলাকৰ তাৎপৰ্য কি? ঈশ্বৰে এইবিলাকৰ প্ৰতিটোৰে আমাৰ জীৱনত পৰিপূৰ্ণতা আনিবৰ বাবে ইচ্ছা কৰিছিল(বিশেষকৈ মনুহৰ লগত ঈশ্বৰৰ সহভাগিতা) যিটো মানুহ পাপত পতিত হোৱাত বিপদ আহিল আৰু পৰিণতিত পৃথিৱীত অভিশাপ পৰিল(আদিপুস্তক ৩)।

বাইবেলৰ শেষ পুস্তক প্ৰকাশিত বাক্য, ঈশ্বৰে প্ৰকাশ কৰিছে যে তেওঁ বৰ্তমান প্ৰথিৱী আৰু অকাশমণ্ডল ধ্বংস কৰিব আৰু নতুন প্ৰথিৱী আৰু নতুন আকাশমণ্ডল সৃষ্টি কৰিব। সেই সময়ত, তেওঁ পৰিত্ৰাণপ্ৰাপ্ত সকলোৰে লগত সহভাগিতা ৰক্ষা কৰিব, আৰু পৰিত্ৰাণ নোপোৱাসকলক অযোগ্য বিচাৰ কৰি অগ্নিৰ সৰোবৰলৈ নিক্ষেপ কৰিব(প্ৰকাশিত বাক্য ২০:১১-১৫)। পাপৰ অভিশাপ দূৰ হ’ব আৰু পাপ, শোক, ৰোগ, মৃত্যু, বেদনা আদি কেতিয়াও নথাকিব(প্ৰকাশিত বাক্য ২১:৭)। তেতিয়া, ঈশ্বৰে তেওঁৰ লগত সহভাগিতাত থাকিবৰ বাবে সৃষ্টি কৰা যি আমি ঈশ্বৰে যোগ্য জ্ঞান কৰা সকলৰসহ ঈশ্বৰৰ সম্পূৰ্ণ আৰু অনন্ত সহভাগিতাত থাকিম। এতিয়া যিকোনো আৰু সকলো পাবলৈ বিচৰা মানে ঈশ্বৰৰ পৰা অনন্ত কালৰ বাবে মৃত্যু বা পৃথক হোৱা যিটো সকলোতকৈ অসাৰ হ’ব। কিন্তু ঈশ্বৰে এটা উপায় দিলে, কেৱল অনন্ত আশীৰ্বাদ সম্ভৱেই নহয়(লূক ২৩:৪৩), কিন্তু পৃথিৱীতো সন্তুষ্ট আৰু অৰ্থপূৰ্ণ জীৱন যাপন কৰিবৰ বাবে। কেনেকৈ এই অনন্ত আশীৰ্বাদ “পৃথিৱীত স্বৰ্গ” পাব পাৰি?

যীচু খ্ৰীষ্টৰ যোগেদি জীৱনৰ অৰ্থ ৰক্ষিত

বৰ্তমান আৰু অনন্তত জীৱনৰ প্ৰকৃত অৰ্থ পোৱা যায় আদম আৰু হৱা পাপত পতিত হোৱাত হেৰাই যোৱা ঈশ্বৰৰ সহিত সম্বন্ধ পুনৰুদ্ধাৰত। আজি, ঈশ্বৰৰ লগত সেই সম্বন্ধ সম্ভৱ হয় কেৱল তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি (পাঁচনিৰ কৰ্ম ৪:১২; যোহন ১৪:৬; যোহন ১:১২)। অনন্ত জীৱন লাভ কৰে যেতিয়া কোনোৱে তেওঁৰ পাপৰ পৰা মনপালটাই(ইয়াত আৰু থাকিব নিবিচাৰে কিন্তু খ্ৰীষ্টই জীৱনটো পৰিৱৰ্তন কৰি নতুন হোৱাটো বিচাৰে) আৰু যীচু খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি চলে(এই দৰকাৰী কথাটো আধিক জানিবৰ বাবে চাওক “আনন্ত জীৱনৰ পৰিকল্পনা কি?)।

জীৱনৰ প্ৰকৃত অৰ্থ কেৱল যীচুক এজন ত্ৰাণকৰ্তাহিচাপে বিচাৰি পোৱাতে নাথাকে(এয়ো এটা আচৰিত যদিও)। বৰং, জীৱনৰ প্ৰকৃত অৰ্থ তাত যেতিয়া সেইজনে যীচু খ্ৰীষ্টক তেওঁৰ শিষ্যহিচাপে চলি যায়, তেওঁৰ বিষয়ে শিক্ষা লয়, তেওঁৰ লগত বাক্য অৰ্থাৎ বাইবেল অধ্যয়নত সময় কটায়, তেওঁৰ লগত প্ৰাৰ্থনাৰে যোগাযোগ ৰাখে আৰু তেওঁৰ আদেশৰ বাধ্য হৈ চলে। যদি আপুনি এজন অবিশ্বাসী(বা কিজানি নতুন বিশ্বাসী) আপুনি নিজকে কব, “সেইটো বৰ উদ্দীপক নহয় বা মোক পূৰ্ণ নকৰে!” কিন্তু অনুগ্ৰহ কৰি আৰু অলপ পঢ়ক। যীচুৱে এইকেইটা উক্তি কৰিছিল:

“হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ, মই তোমলোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে তোমলোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা, কিয়নো মোৰ যুৱলি সুসহ্য, আৰু ভাৰো লঘু”(মথি ১১:২৮-৩০)। “মই হ’লে, তেওঁবিলাকে যেন জীৱন পায়, আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলো”(যোহন ১০:১০(খ)। “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লি, মোৰ পছে পাছে আহক। কিয়নো যি কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁ তাক পাব”(মথি ১৬:২৪-২৫)।

এই পদবিলাকে কৈছে যে আমাৰ এটা মনোনয়ন আছে। আমি আমাৰ নিজৰ জীৱন নিজে পৰিচালনা কৰিব বিচাৰোঁ যিটোৰ পৰিণতি অসাৰ জীৱন বা আমি ঈশ্বৰক মনোনীত কৰি আমাৰ জীৱনত সকলো হৃদয়েৰে তেওঁৰ ইচ্ছাত চলিবলৈ দিয়াৰ ফলত জীৱনৰ পৰিপূৰ্ণতা লভি আমাৰ মনৰ কামনা পূৰহৈ সন্তুষ্টি আৰু তৃপ্ততা লভিব পাৰোঁ। তেনে হ’ব পাৰে কিয়নো আমাৰ সৃষ্টকৰ্তাই আমাক প্ৰেম কৰে আৰু আমাৰ বাবে উত্তমতা বিচাৰে(সেইবুলি সহজে চলি যোৱা জীৱন নহয়, কিন্তু অতি পৰিপূৰ্ণতাৰ)

যদি আপুনি এজন খেল ভাল পোৱা লোক আৰু বৃত্তিধাৰী খেল খেলিবৰ বাবে সিদ্ধান্ত লয়, আপুনি কিছু টকা খৰচ কৰি ষ্টেডিয়ামৰ ওপৰৰ শাৰীত “নাক-বোৱা” পতি পাব পাৰে বা আপুনি আৰু অধিক টকা ব্যয় কৰি ওপৰত হ’ব পাৰে আৰু এতিয়া কাৰ্যৰ বাবে যুগুত। খ্ৰীষ্টিয়ান জীৱন তেনেকুৱা। প্ৰথমে ঈশ্বৰে কাম কৰা চাই সকলো হৃদয়েৰে খ্ৰীষ্টৰ শিষ্য যিজনে সঁচাকৈ নিজৰ জীৱন নিজে চলোৱা বন্ধ কৰি তেওঁ ঈশ্বৰৰ পৰিকল্পনা বিচাৰিব পাৰে। তেওঁলোকৰ মূল্য দিয়া আছে(খ্ৰীষ্ট আৰু তেওঁৰ ইচ্ছালৈ সম্পূৰ্ণ সমৰ্পণ); তেওঁলোকে জীৱনৰ সম্পূৰ্ণতা পায় আৰু তেওঁলোকে বিনা অনুশোচনাই সৃষ্টিকৰ্তা ঈশ্বৰ আৰু অনুগামীসকলৰ মুখামুখি হ’ব পাৰে। আপুনিও মূল্যটো দিলেনে? আপুনি ইচ্ছা কৰেনে? যদি হয়, জীৱনৰ অৰ্থ আৰু উদ্দেশ্য বিচাৰি আপুনি পুনৰ হাবাথুৰি খাব নালাগিব।



অসমীয়া হোম পেজলৈ ঘূৰি যাওক



জীৱনৰ অৰ্থ কি?