মৃত্যুৰ পিছত জীৱন আছেনে?



প্রশ্ন: মৃত্যুৰ পিছত জীৱন আছেনে?

উত্তৰ:
মৃত্যুৰ পিছত জীৱন আছেনে? বাইবেলে আমাক কৈছে, “তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰে বেগেৰে চলি যায়, স্থিৰ হৈ নাথাকে…মানুহ মৰিলে পুনৰায় জীৱ নে?”(ইয়োব ১৪:১-২, ১৪)।

ইয়োবৰ দৰে, আমি প্ৰায় সকলোৱেই এই প্ৰশ্নৰ প্ৰত্যাহ্বান পাইছোঁ। আচলতে আমাৰ মৃত্যুৰ পিছত কি হয়? আমি কেৱল অস্তিত্বহীন হৈ পৰোনে? জীৱনটো গুচি যোৱা আৰু পুনৰ পৃথিৱীলৈ আহি ঘূৰি থকা দুৱাৰ নে যাতে আমাৰ ব্যক্তিগত মহানতা লভিব পাৰোঁ? সকলো একেই ঠাইলৈ যায়নে নতুবা আমি বেলেগ বেলেগ ঠাইলৈ যাওঁনে? সঁচাকৈ স্বৰ্গ আৰু নৰক আছেনে, নে ই কেৱল মনৰ এটা অৱস্থাহে?

বাইবেলে কৈছে যে মৃত্যুৰ পিছত যে কেৱল জীৱন আছে তেনে নহয়, কিন্তু অনন্ত জীৱন ইমান গৌৰৱোজ্জ্বল যে “চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, আৰু মানুহৰ হৃদয়তো যি যি নোসোমাল, ঈশ্বৰে তেওঁক প্ৰেমকৰোঁতাবিলাকৰ নিমিত্তে যি সকলো যুগুত কৰিলে”( ১ কৰিন্থীয়া ২:৯)। যীচু খ্ৰীষ্ট, মাংসত ঈশ্বৰ, জগতলৈ আহিল এই অনন্ত জীৱন দান কৰিবলৈ। “কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁক খোঁচা হ’ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে গুড়ি কৰা হ’ল, আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাঁচ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ’লো”(যিচয়া ৫৩:৫)।

যীচুৱে আমি প্ৰতিজনে পাবলগা শাস্তি ল’লে আৰু তেওঁৰ নিজৰ জীৱন বলি দিলে। তিনি দিনৰ পিছত, মৈদামৰ পৰা আত্মা আৰু শৰীৰত পুনৰুত্থিত হৈ মৃত্যুৰ ওপৰত তেওঁৰ জয়যুক্ততা প্ৰমাণিত হ’ল। তেওঁ পৃথিৱীত আৰু চল্লিছ দিন থাকি হাজাৰজনক সাক্ষী কৰি অনন্ত স্বৰ্গীয় ঘৰলৈ উঠিল। ৰোমীয়া ৪:২৫ কৈছে, “সেই যীচু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ’ল; আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ’ল।”

খ্ৰীষ্টৰ পুনৰুত্থান সুপ্ৰমাণিত ঘটনা। পাঁচনি পৌলে চাক্ষুষ সাক্ষীৰ বাবে প্ৰশ্ন উত্থাপন কৰিছিল ইয়াৰ বৈধতাৰ বাবে, আৰু কোনেও সত্যটো প্ৰত্যাহ্বান জনবলৈ সমৰ্থ নহ’ল। পুনৰুত্থান খ্ৰীষ্টীয়ান বিশ্বাসৰ চুকৰ শিল; কাৰণ মৃত্যুৰ পৰা খ্ৰীষ্ট উঠিল, আমাৰ বিশ্বাস হ’ব পাৰে যেন আমিও পুনৰুত্থিত হম।

আদি মণ্ডলীৰ কিছুমানক পৌলে অনুযোগ কৰিছিল যিবিলাকে এই কথা বিশ্বাস কৰা নাছিল: “কিন্তু খ্ৰীষ্টক যে মৃতবিলাকৰ মাজৰ পৰা তোলা হ’ল, ইয়াক যদি ঘোষণা কৰা হয়, তেন্তে মৃতবিলাকৰ পুনৰুত্থান নাই বুলি তোমালোকৰ কোনো কোনোৱে কেনেকৈ কয়? যদি মৃতবিলাকৰ পুনৰুত্থান নাই, তেন্তে খ্ৰীষ্টকো তোলা নহ’ল” ( ১ কৰিন্থীয়া ১৫:১২-১৩)।

পুনৰুত্থান হ’বলগীয়াসকলৰ খ্ৰীষ্ট কেৱল ডাঙৰ শস্য চপোৱাৰ প্ৰথম ফল। শাৰীৰিক মৃত্যু আহিল এজন মানুহ, আদমৰ যোগে যাৰ লগত আমাৰ সকলোৰে সম্বন্ধ আছে। কিন্তু যিসকলো যীচু খ্ৰীষ্টক বিশ্বাস কৰা যোগে ঈশ্বৰৰ গৃহত তুলনীয়া সন্তানস্বৰূপ হ’ল তেওঁলোকে নতুন জীৱন পাব (১ কৰিন্থীয়া ১৫:২০-২২)। যেনেকৈ ঈশ্বৰে যীচুৰ শৰীৰ তুলিলে, তেনেকৈ যীচু পুনৰ আগমনত আমাৰ শৰীৰো পুনৰুত্থিত হ’ব(১ কৰিন্থীয়া ৬:১৪)।

অৱশেষত আমাৰ সকলোৰে পুনৰুত্থান হ’ব, প্ৰত্যেকেই একেলগে স্বৰ্গলৈ নাযাব। অনন্তলৈ যাব নে নাযায় তাৰ মনোনয়ন প্ৰত্যেক ব্যক্তিয়ে এই জীৱনতে কৰিব লাগিব। বাইবেলে কৈছে যে আমাৰ বাবে এবাৰ মৃত্যু নিৰূপিত আছে, আৰু তাৰ পিছতে সোধ-বিচাৰ(ইব্ৰী ৯:২৭)। যিসকলক ধাৰ্মিকতা দিয়া হ’ল তেওঁলোকে অনন্ত জীৱনৰ বাবে স্বৰ্গলৈ, কিন্তু অবিশ্বাসীসকল অনন্ত শাস্তি, নৰকলৈ যাব(মথি ২৫:৪৬)।

স্বৰ্গৰ দৰে নৰক, কেৱল এটা অস্তিত্বৰ অৱস্থা নহয়, কিন্তু এটা সৰল আৰু সঁচা ঠাই। ই এনে এখন ঠাই য’ত অধাৰ্মিকসকলে কেতিয়াও শেষ নোহোৱা ঈশ্বৰৰ অনন্ত ক্ৰোধৰ অভিজ্ঞতা পাব। তেওঁলোকে আৱেগিক, মানসিক আৰু শাৰীৰিক যাতনা, সজ্ঞানে লাজ, অনুশোচনা আৰু ঘৃণা ভুগিব লাগিব।

নৰকখন অগাধ ঠাই বুলি বৰ্ণনা কৰা হৈছে(লূক ৮:৩১; প্ৰকাশিত বাক্য ৯:১), আৰু গন্ধকেৰে জ্বলি থকা অগ্নিৰ সৰোবৰ, য’ত নিৱাসীসকল দিনে-ৰাতিয়ে অনন্ত কালৰ বাবে যাতনা পাই থাকিব(প্ৰকাশিত বাক্য ২০:১০)। নৰকত ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব, অৰ্থাৎ ই অতিশয় শোক আৰু ক্ৰোধৰ স্থান(মথি ১৩:৪২)। ই এখন ঠাই য’ত কেতিয়াও পোকো নমৰে আৰু জুয়ো কেতিয়াও নুনুমায়(মাৰ্ক ৯:৪৮)। দুষ্টৰ মৃত্যুত ঈশ্বৰ সুখী নহয়, কিন্তু তেওঁ ইচ্ছা কৰে যে তেওঁলোকে দুষ্টতাৰ পাৰা ঘূৰি জীয়াই থাকিব পাৰে(যিহিষ্কেল ৩৩:১১)। কিন্তু তেওঁ আমাক সমৰ্পিত হ’বলৈ জোৰ নকৰে; যদি আমি তেওঁক অগ্ৰাহ্য কৰিবলৈ বাচি লওঁ, তেওঁ আমি বিচৰাটোকে দিব- তেওঁৰ পৰা আঁতৰি থাকিবলৈ।

পৃথিৱীত থকা জীৱনটো এটা পৰীক্ষা, আহিবলগীয়াটোৰ বাবে এটা প্ৰস্তুতি। বিশ্বাসীসকলৰ বাবে, ঈশ্বৰৰ সান্নিধ্যৰ উপস্থিতিত এইয়া অনন্ত জীৱন। তেতিয়াহ’লে আমাক কেনেকৈ ধাৰ্মিক আৰু অনন্ত জীৱন পাবৰ যোগ্য কৰোৱা হয়? এটাই বাট আছে- ঈশ্বৰৰ পুত্ৰ, যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ যোগে। যীচুৱে কৈছিল, “ময়েই পুনৰুত্থানো আৰু জীৱনো; যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীৱ; আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, কেতিয়াও নমৰিব…”(যোহন ১১:২৫-২৬)।

অনন্ত জীৱনৰ দান সকলোৱে পাব পাৰে, কিন্তু ইয়াৰ বাবে আমি যেন কিছু জাগতিক ভোগ-বিলাস অস্বীকাৰ আৰু নিজকে ঈশ্বৰলৈ উৎসৰ্গ কৰাৰ প্ৰয়োজন। “পুত্ৰত বিশ্বাস কৰাজনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰাজনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে”(যোহন ৩:৩৬)। আমাৰ মৃত্যুৰ পিছত আমাক পাপৰ পৰা মনপালটাবলৈ সুযোগ দিয়া নহ’ব, কিয়নো আমি ঈশ্বৰক মুখামুখিকৈ দেখিলে, আমি বিশ্বাস কৰাৰ বাহিৰে কোনো ইচ্ছা নাথাকিব। তেওঁ বিচাৰে আমি যেন বিশ্বাসেৰে তেওঁৰ ওচৰলৈ আহোঁ আৰু তেওঁক প্ৰেম কৰোঁ। আমি যদি ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি আমাৰ পাপবোৰৰ কাৰণে যীচুৱে বেচস্বৰূপে তেওঁৰ মৃত্যুবৰণ হোৱাটো বিশ্বাস কৰোঁ, আমাক কেৱল পৃথিৱীত অৰ্থপূৰ্ণ জীৱন নিৰ্বাহ কৰায়ে নহয় খ্ৰীষ্টৰ সহিত আমাক অনন্ত জীৱনৰ নিশ্চয়তা দিয়ে।

যদি আপুনি যীচু খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তাহিচাপে বিশ্বাস কৰে, এইয়া এটা প্ৰাৰ্থনাৰ নমুনা। মনত ৰাখিব যে এই প্ৰাৰ্থনা বা আন যিকোনো প্ৰাৰ্থনা কৰিলেই আপুনি পৰিত্ৰাণ নাপায়। কেৱল যীচুক বিশ্বাস কৰিহে আপুনি পাপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল আপোনাৰ বিশ্বাস ঈশ্বৰক জনোৱাৰ এটা উপায় আৰু তেওঁক ধন্যবাদ দিয়ক আপোনাৰ পৰিত্ৰাণৰ বাবে। “ঈশ্বৰ, মই জানো যে আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলো আৰু শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচুৱে মই পাবলগীয়া শাস্তি ল’লে যাতে তেওঁক বিশ্বাস কৰা যোগেদি মই ক্ষমা পাওঁ। পৰিত্ৰাণৰ বাবে মই আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ- অনন্ত জীৱনৰ দান! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।



অসমীয়া হোম পেজলৈ ঘূৰি যাওক



মৃত্যুৰ পিছত জীৱন আছেনে?