প্রশ্ন
মোৰ জীৱনৰ বাবে ঈশ্বৰৰ ইচ্ছা কেনেকৈ জানিম?
উত্তৰ
ঈশ্বৰৰ ইচ্ছা জনাতো প্ৰয়োজন। যীচুৱে কৈছিল যে তেওঁৰ প্ৰকৃত সম্পৰ্কীয় সেইসকল যিসহকলে পিতৃ’ৰ ইচ্ছা জানিব আৰু পালন কৰিব: “যিকোনোৱে ঈশ্বৰৰ ইচ্ছা পালন কৰে, মোৰ ভাই, ভনী আৰু আয়ো সেয়েহে”(মাৰ্ক ৩:৩৫)। দুজন পুত্ৰৰ দৃষ্টান্তত, পিতৃৰ ইচ্ছা পালন নকৰাৰ বাবে যীচুৱে প্ৰধান পুৰোহিত আৰু বৃদ্ধলোকক গৰিহণা দিছিল, নিৰ্দিষ্টকৈ, “তেওঁলোকে অনুতপ্ত নোহোৱা আৰু বিশ্বাস নকৰাৰ বাবে”(মথি ২১:৩২)। ইয়াৰ প্ৰাথমিক ভিত্তিটো হৈছে, ঈশ্বৰৰ ইচ্ছা যে আমি আমাৰ পাপৰ বাবে মনপালটাওঁ আৰু খ্ৰীষ্টত বিশ্বাস ৰাখোঁ। যদি আমি প্ৰথম খোজটো লোৱা নাই; তেতিয়াহ’লে আমি ঈশ্বৰৰ ইচ্ছা গ্ৰহণ কৰা নাই।
আমি যেতিয়া বিশ্বাসেৰে খ্ৰীষ্টক গ্ৰহণ কৰোঁ, আমাক ঈশ্বৰৰ সন্তান কৰা হয়(যোহন ১:১২), আৰু তেওঁ আমাক তেওঁৰ ইচ্ছাত চলাটো কামন কৰে।(গীতমালা ১৪৩:১০)। আমাৰ পৰা ঈশ্বৰে তেওঁৰ ইচ্ছা লুকুৱাবলৈ চেষ্টা নকৰে; বৰং তেওঁ ইয়াক প্ৰকাশ কৰিবলৈ বিচাৰে। দৰাচলতে, তেওঁ অমাক তেওঁৰ বাক্যত বহুতো নিৰ্দেশ দিছে। আমি “সকলো বিষয়তে ধন্যবাদ কৰা; কিয়নো তোমালোকৰ প্ৰতি যীচু খ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা”(১ থিচলনীকীয়া ৫:১৭)। আমি ভাল কাম কৰিব লাগে(১ পিতৰ ২:১৫)। আৰু “কিয়নো ঈশ্বৰৰ এই যে, তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোকে যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা”( ১ থিচলনীকীয়া ৪:৩)।
ঈশ্বৰৰ ইচ্ছা জানিব পাৰি আৰু প্ৰমাণ কৰিব পাৰি। ৰোমীয়া ১২:২ পদত কৈছে, “আৰু তোমালোক জগতৰ অনুৰূপ নহ’বা; কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।” এই শাস্ত্ৰাংশই আমাক এটা দৰকাৰী অনুক্ৰম দিছে: ঈশ্বৰৰ সন্তানে জগতৰ অনুৰূপ হ’বলৈ অস্বীকাৰ কৰে আৰু তাৰ পৰিবৰ্তে নিজকে আত্মাৰ দ্বাৰা পৰিবৰ্তন হ’বলৈ দিয়ে। তেওঁৰ মনটো ঈশ্বৰৰ বিষয়েৰে নতুন কৰা হয়, যাতে তেওঁ ঈশ্বৰৰ সিদ্ধ ইচ্ছা কি জানিব পাৰে।
আমি ঈশ্বৰৰ ইচ্ছা চিন্তা কৰোঁতে, আমি নিশ্চিত হ’ব লাগে যে বাইবেলে নিষেধ কৰা কিবা বস্তু আমি চিন্তা কৰা নাই। উদাহৰণস্বৰূপে, বাইবেলে চুৰ কৰাটো মানা কৰিছে; যেহেতু ঈশ্বৰে এই চিন্তনীয় বিষয়ত স্পষ্টকৈ কৈছে, আমি জানো যে বেংক ডকাইতি কৰাটো তেওঁৰ ইচ্ছা নহয়- আমি আনকি ইয়াৰ বাবে প্ৰাৰ্থনাও কৰিব নালাগে। তদুপৰি আমি নিশ্চিত হ’ব লাগে যে আমি চিন্তা কৰা ইচ্ছাই ঈশ্বৰক গৌৰৱান্বিত কৰিব আৰু আমাক তথা আনক আধ্যাত্মিক বৃদ্ধিত সহয় কৰিব।
কেতিয়াবা ঈশ্বৰৰ ইচ্ছা জনাটো কঠিন, কিয়নো ইয়াত ধৈৰ্যৰ প্ৰয়োজন। ঈশ্বৰৰ সকলো ইচ্ছা এবাৰতে জানিবলৈ বিচৰাটো স্বাভৱিক কথা, কিন্তু তেওঁ সাধাৰণতে তেনেদৰে নকৰে। তেওঁ আমালৈ লাহে লাহে প্ৰকাশ কৰে-প্ৰতিটো এটা বিশ্বাসৰ খোজেৰে- আৰু আমি যেন তেওঁতেই ভৰসা কৰি চলিম তেনে হ’বলৈ দিয়ে। দৰকাৰী কথটো এই যে, আমাক অধিক পৰিচালনা লাগে, আমি যি ভাল বুলি ভাবো তাকহে লৈ ব্যস্ত থাকোঁ(যাকোব ৪:১৭)।
অনেক সময়ত, ঈশ্বৰে আমাক কিবা নিৰ্দিষ্টকৈ দিয়াটো বিচাৰোঁ- ক’ত কাম কৰিম, ক’ত থাকিম, কাক বিয়া পাতিম, কি গাড়ী কিনিব লাগিব,ইত্যাদি। ঈশ্বৰে আমাক মনোনয়ন কৰিবলৈ দিয়ে, আৰু অমি যদি তেওঁত সমৰ্পিত, তেওঁ ভুল মনোনয়নৰ পৰা আঁতৰায় ৰখে (চাওক পাঁচনিৰ কৰ্ম ১৬:৬-৭)
আমি যেতিয়া এজন মানুহক ভালকৈ জানো, যিমানে অধিক জানো সিমানে তেওঁৰ ইচ্ছা জানিব পাৰোঁ। উদাহৰণস্বৰূপে, বাটৰ সিপৰে উফৰি পৰা বলটোৰ বাবে এটি শিশুৱে চাব পাৰে, কিন্তু তেওঁ ইয়াৰ পিছত ল’ৰ নামাৰে কিয়নো তেওঁ জানে যে “মোৰ দেউতাই সেইটো কৰাটো নিবিচাৰে”। তেওঁ পৰামৰ্শৰ বাবে তেওঁৰ পিতৃক সাদয়ে সকলো পৰিস্থিতিতে সুধি থাকিবলগীয়া নাই; কিয়নো তেওঁৰ পিতৃয়ে কি ক’ব জানে কিয়নো তেওঁ তেওঁৰ পিতৃক জানে। ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কতো একে কথা। তেওঁৰ বাক্য মানি আৰু তেওঁৰ আত্মাত নিৰ্ভৰ কৰি আমি যেতিয়া প্ৰভুৰ লগত চলো, আমি বিচাৰি পাওঁ যে আমাক খ্ৰীষ্টৰ মন দিয়া হৈছে(১ কৰিন্থীয়া ২:১৬)। আমি তেওঁক জানো, আৰু সেয়ে আমাক তেওঁৰ মন জানিবলৈ দিয়ে। আমি দৈনিক ঈশ্বৰৰ পৰিচালানা পাওঁ। “সিদ্ধজনৰ ধাৰ্মিকতাই তেওঁৰ পথ সমন কৰে; কিন্তু দুষ্ট নিজ দুষ্টতাৰ দ্বাৰাই পতিত হয়”(হিতোপদেশ ১১:৫)। যদি আমি ঘনিষ্ঠভাৱে প্ৰভুৰ লগত চলিছোঁ আৰু সঁচাকৈ আমাৰ বাবে তেওঁৰ ইচ্চা বিচাৰিছোঁ, ঈশ্বৰে আমাৰ হৃদয়ত তেওঁৰ ইচ্ছা প্ৰদান কৰিব। মূল কথাটো হৈছে আমাৰ নহয়, ঈশ্বৰৰ ইচ্ছা জানিবলৈ বিচৰা। “যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব”(গীতমালা ৩৪:৪)।
English
মোৰ জীৱনৰ বাবে ঈশ্বৰৰ ইচ্ছা কেনেকৈ জানিম?