ঈশ্বৰ সঁচা নে? মই কেনেকৈ নিশ্চয়কৈ জানিম যে ঈশ্বৰ সঁচা?


প্রশ্ন: ঈশ্বৰ সঁচা নে? মই কেনেকৈ নিশ্চয়কৈ জানিম যে ঈশ্বৰ সঁচা?

উত্তৰ:
আমি জানো যে ঈশ্বৰ সঁচা কিয়নো তেওঁ তিনি প্ৰকাৰে: সৃষ্টিত, তেওঁৰ বাক্যত, আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টত নিজকে প্ৰকাশ কৰিছে।

ঈশ্বৰৰ অস্তিত্বৰ আটাইতকৈ প্ৰাথমিক প্ৰমাণ হৈছে তেওঁ যি সৃষ্টি কৰিলে তাত। “কিয়নো, সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায়, এই কাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ, জগতৰ সৃষ্টি-কালৰে পৰা তেওঁৰ নানা কাৰ্যত বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে”(ৰোমীয়া ১:২০)। “গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়”(গীতমালা ১৯:১)।

যদি মই এখন পথাৰ মাজত এটা হাত-ঘড়ী পাওঁ, মই ধৰি নলম যে এইটো একো নথাকাৰ পৰা ঠিক “দেখা গৈছে” বা এইটো সদয়েই আছিল। ঘড়ীৰ নক্সা নিৰ্ভৰ কৰি, মই ভাবিম যে ইয়াৰ এটা নক্সা দিওঁতা বা কাৰিকৰ আছে। কিন্তু তাতোতকৈ অধিক আৰু সুন্দৰ নক্সা আমাৰ পৃথিৱীৰ কেউকাষে আছে। আমাৰ সময়ৰ পৰিমাণ ঘড়ীত নিৰ্ভৰ নকৰে, কিন্তু ঈশ্বৰৰ হাতৰ কামত- নিয়মিত পৃথিৱীখনৰ আৱৰ্তন( আৰু চেচিয়াম-১৩৩ পৰমাণুৰ তেজষ্ক্ৰিয়তা)। বিশ্বব্ৰহ্মাণ্ডখনে মহান নক্সা প্ৰদৰ্শন কৰে, আৰু এইটোৱে এজন মহান খনিকৰ থকাৰ যুক্তিলৈ নিয়ে।

মই যদি কোনো সংকেতবদ্ধ কোনো বাণী পাওঁ, তেতিয়া বণীটো মুকলি কৰিবলৈ মই তেনে এজন কাৰিকৰী লোক বিচাৰিম। মোৰ ধাৰণা হ’ব যে এজন বুদ্ধিয়কে বাণীটো পঠাইছে যিজনে ইয়াক বণীবদ্ধ কৰিছিল। ডি এন এৰ “সংকেত” কিমান জটিল যিটো আমি আমাৰ শৰীৰৰ প্ৰত্যেক কোষতে বহন কৰোঁ? ডি এন এৰ জটিলতাই বুদ্ধিয়ক সংকেত লেখক এজনক নেদেখুৱাই জানো?

ঈশ্বৰে কেৱল এখন জটিল আৰু সুন্দৰ পাৰ্থিব জগতেই সৃষ্টি কৰা নাই; তেওঁ প্ৰতিজন মনুহৰ হৃদয়ত অনন্তৰ জ্ঞানো সুমুৱাই দিছে(উপদেশক ৩:১১)। মানৱ জাতিৰ এটা সহজাত ধাৰণা আছে যে চকুৰে দেখাতকৈ জীৱনত আনি কিবা আছে, আৰু এই জগতৰ কাম-কাৰ্যতকৈ কিবা উচ্চ ধৰণৰ অস্তিত্ব আছে। আমাৰ জগতৰ চেতনাই দুটা কথা প্ৰকাশ কৰে: বিধাতা আৰু উপাসনা।

ইতিহাসৰ মাধ্যমে সকলো সভ্যতাত কিছুমান নৈতিক প্ৰমূল্যবোধ আছে যিবিলাক আচৰিত ধৰণে ইটোৰ-সিটো সংস্কৃতিৰ মাজত মিল আছে। উদাহৰণস্বৰূপে, প্ৰেমৰ আদৰ্শ সাৰ্বজনীনভাৱে সমাদৃত, যি ক্ষেত্ৰত মিছা কথা কোৱাটো সকলোৱে গৰিহণা দিয়ে। এই সাধাৰণ নৈতিকতা- ভাল-বেয়াৰ এই গোলকীয় বুজাবুজিয়ে এজন সৰ্বশ্ৰেষ্ঠ নৈতিক ব্যক্তিকে সূচায় যিজনে এনে ভবাৰ অৱকাশ দিছে।

একেদৰে, সংস্কৃতি নিৰ্বিশেষে গোটেই জগতৰ লোকসকলে, সদায়ে কিবা ধৰণৰ উপাসনা কৰি আহিছে। উপসনাৰ বিষয়-বস্তু বেলেগ বেলেগ হ’ব পৰে, কিন্তু এটা “উচ্চ শক্তি” থকাটো মানুহহিচাপে অনস্বীকাৰ্য। আমাৰ উপাসনাৰ প্ৰবণতা ঈশ্বৰে যে আমাক “তেওঁৰ প্ৰতিমূৰ্তিৰে” সৃষ্টি কৰিলে সেই কথাটোৰ লগত মিল আছে(আদিপুস্তক ১:২৭)।

ঈশ্বৰ তেওঁ বাক্য, বাইবেলৰ যোগেদিও আমালৈ প্ৰকাশিত হ’ল। গোটেই শাস্ত্ৰত, ঈশ্বৰ অস্তিত্ব নিজে স্পষ্ট বুলি গ্ৰহণ কৰিছে(আদিপুস্তক ১:১; যাত্ৰাপুস্তক ৩:১৪)। যেতিয়া বেঞ্জামিন ফ্ৰেংকলিনে তেওঁৰ জীৱনী লিখিছিল, তেওঁ নিজৰ অস্তিত্বৰ প্ৰমাণ কৰিবলৈ সময় নষ্ট কৰা নাছিল। সেইদৰে, ঈশ্বৰে নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ তেওঁৰ গ্ৰন্থত সময় নষ্ট কৰ নাই। বাইবেলৰ জীৱন পৰিৱৰ্তন কৰিব পৰা গুণ, ইয়াৰ সাধুতা, আৰু আচৰিত কামবিলাক ঈশ্বৰৰ সত্যতাৰ যথেষ্ট সমৰ্থন কৰে যিবিলাক আমি ওচৰৰ পৰা চাবৰ বাবে আছে।

তৃতীয়তে ঈশ্বৰ নিজে প্ৰকাশ হৈছে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগে(যোহন ১৪:৬-১১)। “আদিতে বাক্য আছিল,আৰু বক্য ঈশ্বৰে সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। সেই বক্য মাংস হ’ল আৰু আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলো, যিজন পিতৃৰ পৰা আহিল, অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ”( যোহন ১:১,১৪, ১৬,১৮; কলচীয়া ২:৯)।

যীচুৰ আচৰিত জীৱনত, তেওঁ সম্পূৰ্ণ পুৰণি নিয়মৰ বিধান ৰাখিলে আৰু মছীহ বিষয়ৰ ভাববাণীবিলাক সিদ্ধ কৰিলে(মথি ৫:১৭)। তেওঁৰ বাৰ্তা সঁচা বুলি প্ৰমাণিত হ’বলৈ আৰু ঈশ্বৰত্বৰ সাক্ষ্য বহন কৰিবলৈ তেওঁ ৰাজহুকৈ বহুতো দয়াৰ অচৰিত কাম কৰিছিল(যোহন ২১:২৪-২৫)। তেওঁক ক্ৰুচত দিয়া তিনি দিনৰ পিছত, তেওঁ মৃত্যুৰ পৰা পুনৰ উঠিল যিটো শ শ লোকে স্বচক্ষে সাক্ষ্য বহন কৰিছিল(১ কৰিন্থীয়া ১৫:৬)। অনেক “প্ৰমাণিত” ঐতিহাসিক তথ্য আছে যীচুৰ বিষয়ে। পাঁচনি পৌলে কোৱাৰ দৰে, এইটো এটা “চুকত কৰা হোৱা নাই”(পাঁচনিৰ কৰ্ম ২৬:২৬)।

আমি স্বীকাৰ কৰোঁ যে সদায়ে অজ্ঞবাদীসকল থাকিব যিসকলৰ ঈশ্বৰ বিষয়ক নিজৰ ধ্যান-ধাৰণা থাকিব আৰু তেওঁলোকে সাক্ষ্যবিলাক পঢ়িব। কিছুমানে যিমানে প্ৰমাণ পালেও বিশ্বাস নকৰিব (গীতমালা ১৪:১)। এইয়া সকলো বিশ্বাসেৰে আহে (ইব্ৰী ১১:৬)।

English
অসমীয়া হোম পেজলৈ ঘূৰি যাওক
ঈশ্বৰ সঁচা নে? মই কেনেকৈ নিশ্চয়কৈ জানিম যে ঈশ্বৰ সঁচা?