জুৱাখেলা এটা পাপ নে? বাইবেলে জুৱাখেলাৰ বিষয়ে কি কয়?


প্রশ্ন: জুৱাখেলা এটা পাপ নে? বাইবেলে জুৱাখেলাৰ বিষয়ে কি কয়?

উত্তৰ:
বাইবেলে নিৰ্দিষ্টকৈ জুৱাখেলা, বাজী ৰখা, বা ভাগ্যখেলা দোষী নকৰে। অৱশ্যে ধন লোভৰ পৰা আঁতৰি থাকিবৰ বাবে বাইবেলে আমাক সাৱধান কৰিছে(১ তীমথিয় ৬:১০; ইব্ৰী ১৩:৫)। শাস্ত্ৰই আমাক “বেগতে ধনী হোৱা”চেষ্টাৰ পৰাও আঁতৰিবলৈ পৰামৰ্শ দিছে(হিতোপদেশ ১৩:১১;২৩:৫; উপদেশক ৫:১০)। জুৱাখেলত নিশ্চয়কৈ ধন লোভলৈ লক্ষ্য কৰে আৰু অস্বীকাৰ কৰিব নোৱাৰি যে ই মানুহ বেগতে আৰু সহজে ধনী হ’বলৈ বিচৰাৰ প্ৰতিজ্ঞাৰ পৰীক্ষা।

জুৱাখেলৰ কি ভুল? জুৱাখেল এটা জটিল বিষয় কিয়নো এইটো পৰিমিতভাৱে আৰু কেৱল প্ৰয়োজনত কৰা হয়, ইয়াৰে ধন অপব্যৱহাৰ কৰা হয়, কিন্তু ই যে বেয়া বা পাপ তেনে নহয়। মানুহে অনেক ধৰণৰ কাৰ্যত ধন ব্যয় কৰে। জুৱাখেলাও চিনেমা চোৱাতকৈ(বহুতো ক্ষেত্ৰত), অনাৱশ্যকীয়ভাৱে অধিক খৰচী আহাৰ খোৱা, আৰু অদৰকাৰী বস্তু কিনাতকৈ কম ধন অপব্যয় কৰা নহয়। একে সময়ত, কথাটো হ’ল যে আন বস্তুত ধন অপব্যহাৰ হ’লেও জুৱাখেলৰ ন্যাৰ্যতা নিদিয়ে। ধন অপব্যৰ কৰা উচিত নহয়। অতিৰিক্ত ধন ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে বচাব লাগে বা প্ৰভুৰ কামৰ বাবে দান কৰিব লাগে, জুৱাখেলেৰে নহয়।

যেতিয়া জুৱাখেলৰ বিষয়ে বাইবেলে স্পষ্টকৈ উল্লেখ কৰা নাই, ই “ভাগ্য” বা “সুযোগ”ৰ কাৰ্য বুলি উল্লেখ কৰিছে। উদাহৰণস্বৰূপে, লেবীয়া পুস্তকত বলিৰ ছাগলী আৰু পাপাৰ্থক বলি ভাগ্য খেলেৰে বাচিবলৈ কোৱা হৈছে। যিহোচূৱাই ভাগ্য খেলেৰে জাতিবিলাকক মাটিৰ আবণ্টন দিছিল। নহিমিয়াই ভাগ্য খেলেৰে নিৰ্ণয় কৰিছিল যিৰূচালেমৰ দেৱালৰ ভিতৰফালে কোন থাকিব। পাঁচনিবিলাকে চিঠী খেলি যিহুদাৰ পৰিৱৰ্তে এজনক নিৰ্ণয় কৰি লৈছিল। হিতোপদেশ ১৬: ৩৩ পদত কৈছে, “চিঠী-খেলৰ গুটি কোঁচত পৰে হয়, কিন্তু তাৰ সকলো নিস্পত্তি যিহোৱাৰ পৰা হয়।”

বাইবেলে নাচঘৰ আৰু লটাৰীৰ বিষয়ে কি ক’ব? নাচঘৰ বা কেছিনোত সকলো ধৰণৰ বজাৰ-সমাৰেৰে মানুহক যিমান সম্ভৱ সিমান ধৰণৰ জুৱাখেললৈ প্ৰলোভন দেখুওৱা হয়। তেওঁলোকে বহুত সময় দামী আনকি বিনামূল্যে মদ খাবলৈ উৎসাহিত কৰি মদ আগবঢ়ায়, আৰু তেতিয়া মানুহে বুদ্ধিমানৰ সিদ্ধান্তত ল’ব নোৱাৰা কৰি দিয়ে। নাচঘৰত মানুহবিলাকৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় ল’বলৈ সকলো চেষ্টা কৰে আৰু ইয়াৰ বিনিময়ত মন ভুলুৱা আৰু অসাৰ আনন্দৰ বাহিৰে একে নিদিয়ে। লটাৰী খেলবিলাকো শিক্ষাৰ বাবে ধন গোটোৱা বা সামাজিক কামৰ বাবে বুলি বুজাব বিচাৰে। অৱশ্যে, অধ্যয়নে দেখুৱাইছে যে সাধাৰণতে লটাৰীত ভাগ লোৱা সকলে কোনো মতেহে ধন দি লটাৰীৰ টিকেট লোৱাৰ সামৰ্থ আছে। যিসকলে প্ৰাণটাকি “বেগতে ধনী হোৱা” এই প্ৰলোভনত পৰে তেওঁলোকে তাক প্ৰতিৰোধ কৰাত ই এটা ডাঙৰ পৰীক্ষা। জিকাৰ সুযোগ নিচেই সামান্য, যিটোৱে বহুতো লোকৰ জীৱন ধ্বংস লৈ নিছে।

লটো/লটাৰীত যি ওলায় তাৰে ঈশ্বৰৰ সন্তুষ্ট হয়নে? বহুতে লটাৰী বা জুৱা খেলে যেন তাৰ টকা মণ্ডলী বা কিবা হিতৰ অৰ্থে দিব পাৰে। এইটো ভল উদ্দেশ্য হ’লেও, প্ৰকৃততে খুব কমেহে জুৱা লেখি পোৱা টকা ভাল কমত ব্যৱহাৰ কৰে। অধ্যয়নে দেখুৱাইছে অধিক সংখ্যক লটাৰী বিজেতা লটাৰীৰ ধন পোৱাৰ পিছত বেছি বেয়া অৱস্থাহে হয়। যদি আছে, খুব কমেহে ভাল কামত টকা খটুৱায়। তদুপৰি, ঈশ্বৰে তেওঁৰ মিছন পুজিৰ বাবে ধন নিবিচাৰে। হিতোপদেশ ১৩: ১১ পদত কৈছে, “ছল কৰি অৰ্জা ধন কমি যায়; কিন্তু যিজনে পৰিশ্ৰমেৰে আৰ্জে, তেওঁৰ ধন বৃদ্ধি পায়।” ঈশ্বৰৰ সাৰ্বভৌম আৰু তেওঁ সজ উপায়েৰে মণ্ডলীৰ অভাৱ পূৰায়। ড্ৰাগ ব্যৱহায়ৰ বা বেংক ডাকাইটিৰ ধনেৰে ঈশ্বৰ সুখী হ’ব নে? অৱশ্যে নহয়। ঈশ্বৰে ধনী হোৱাৰ পৰীক্ষাত পোৱা “চুৰী ধন” নলয় বা নিবিচাৰে।

১ তীমথিয় ৬:১০ পদে কৈছে, “ধন-লোভেই সকলো মন্দতাৰ মূল; তালৈ অকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ, যাতনাৰূপ শলাৰে নিজকেই শালিলে।” ইব্ৰী ১৩:৫ পদে ঘোষণা কৰিছে, “তোমালোকৰ স্বভাৱ নিৰ্লোভ হওক; তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।” মথি ৬:২৪ পদে কৈছে, “কোনেও দুজনা গৰাকীত খাটিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি, আন জনক ভাল পাব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব; তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে খাটিব নোৱাৰা।”

English
অসমীয়া হোম পেজলৈ ঘূৰি যাওক
জুৱাখেলা এটা পাপ নে? বাইবেলে জুৱাখেলাৰ বিষয়ে কি কয়?