settings icon
share icon
প্রশ্ন

চাৰিটা আধ্যাত্মিক বিধান কি কি?

উত্তৰ


চাৰিটা অধ্যাত্মিক বিধান যীচু খ্ৰীষ্টক বিশ্বাস কৰি পোৱা পৰিত্ৰাণৰ শুভবাৰ্তা জনোৱাৰ এটি উপায়। এইটো সৰলভাৱে শুভবাৰ্তাৰ জ্ঞান চাৰিটা মূল কথাৰে সজোৱাৰ এটি উপায়।

চৰিখন শুভবাৰ্তাৰ প্ৰথম আধ্যাত্মিক বিধান হৈছে, “ঈশ্বৰে আপোনাক প্ৰেম কৰে আৰু আপোনাৰ জীৱনৰ বাবে আচৰিত পৰিকল্পনা আছে।” যোহন ৩:১৬ত আমাক কৈছে, “কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” যোহন ১০:১০ত যীচু অহাৰ কাৰণ দিছে, “ মই হ’লে, তেওঁবিলাকে যেন জীৱন পায়, আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে মই আহিলো।” ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কিহে বাধা দিছে? কিহে আমাক প্ৰচুৰ জীৱন পোৱাত বাধা দিছে?

চাৰিটা আধ্যাত্মিক বিধানৰ দ্বিতীয়টো হৈছে, “মানৱ জাতি পাপেৰে কলুষিত আৰু সেয়েহে ঈশ্বৰৰ পৰা পৃথক। পৰিণতিস্বৰূপে, আমাৰ জীৱনৰ বাবে ঈশ্বৰৰ আচৰিত পৰিকল্পনাৰ কথা নাজানো।” এইটো ৰোমীয়া ৩:২৩ত খাটাং কৰিছে, “কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে।” আমাক ৰোমীয়া ৬:২৩ত পাপৰ পৰিণতি দিছে, “পাপৰ বেচ মৃত্যু।” ঈশ্বৰে আমাক সৃষ্টি কৰিলে তেওঁৰ লগত সহভাগিতা থাকিবৰ বাবে। তথাপি মনৱজাতিয়ে জগতলৈ পাপ আনিলে আৰু সেই বাবে ঈশ্বৰৰ পৰা পৃথক হ’ল। ঈশ্বৰৰ লগত থকা সম্বন্ধ আমি ধ্বংস কৰিলো যিটো ঈশ্বৰে ৰাখিব বিচাৰিছিল। উপায়টো কি?

চাৰিটা আধ্যাত্মিক বিধানৰ তৃতীয়টো হৈছে, “যীচু খ্ৰীষ্টই পাপৰ বাবে ঈশ্বৰে দিয়া একমাত্ৰ উপায়। যীচু খ্ৰীষ্টৰ যোগে, পাপ ক্ষমা হ’ব পাৰে আৰু ঈশ্বৰৰ লগত সঠিক সম্পৰ্ক ৰক্ষিত হ’ব পাৰে।” ৰোমীয়া ৫:৮ত কৈছে যে, “ কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্বেই আমি যেতিয় পাপী আছিলো, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।” ১ কৰিন্থীয়া ১৫:৩-৪ত আমাক কৈছে পৰিত্ৰাণ পাবৰ বাবে আমি কি জানিব লাগে আৰু বিশ্বাস কৰিব লাগে, “…শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল; আৰু তেওঁক মৈদাম দিয়া হ’ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ’ল…” যোহন ১৪:৬ত যীচুৱে নিজে ঘোষণা কৰিছে যে পৰিত্ৰাণৰ একমাত্ৰ বাট তেৱেঁই, “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে পিতৃৰ ওচৰলৈ কোনো নযায়।” মই কেনেকৈ পৰিত্ৰাণৰ আচৰিত দান পাম?

চাৰিটা আধ্যাত্মিক বিধানৰ চতুৰ্থটো হৈছে, “পৰিত্ৰাণৰ দান পাবলৈ হ’লে আৰু আমাৰ জীৱনত ঈশ্বৰৰ পৰিকল্পনা জানিবলৈ হ’লে আমি নিশ্চয় যীচু খ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তাহিচাপে বিশ্বাস কৰিব লাগিব। যোহন ১:১২ত আমাক জনাইছে, “তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমত দিলে।” পাঁচনিৰ কৰ্ম ১৬:৩১ত খুব স্পষ্টকৈ কৈছে, “প্ৰভু যীচুত বিশ্বাস কৰা, আৰু তুমি পৰিত্ৰাণ পাবা!” আমি কেৱল অনুগ্ৰহেৰে, কেৱল যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ যোগে পৰিত্ৰাণ পাওঁ(ইফিচীয়া ২:৮-৯)।

যদি আপুনি যীচুক আপোনাৰ ত্ৰাণকৰ্তাহিচাপে বিশ্বাস কৰিব বিচাৰে, এই কথাকেইটা ঈশ্বৰক কওক। মনত ৰাখিব যে এই প্ৰাৰ্থনা বা আন যিকোনো প্ৰাৰ্থনা কৰিলেই আপুনি পৰিত্ৰাণ নাপায়। কেৱল যীচুক বিশ্বাস কৰিহে আপুনি পাপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল আপোনাৰ বিশ্বাস ঈশ্বৰক জনোৱাৰ এটা উপায় আৰু তেওঁক ধন্যবাদ দিয়ক আপোনাৰ পৰিত্ৰাণৰ বাবে। “ঈশ্বৰ, মই জানো যে আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলো আৰু শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচুৱে মই পাবলগীয়া শাস্তি ল’লে যাতে তেওঁক বিশ্বাস কৰা যোগেদি মই ক্ষমা পাওঁ। পৰিত্ৰাণৰ বাবে মই আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ- অনন্ত জীৱনৰ দান! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

চাৰিটা আধ্যাত্মিক বিধান কি কি?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries