বাইবেলে বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহৰ বিষয়ে কি কয়?


প্রশ্ন: বাইবেলে বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহৰ বিষয়ে কি কয়?

উত্তৰ:
প্ৰথমে, বিবাহ বিচ্ছেদৰ প্ৰতি কোনোৱে যিয়ে দৃষ্টি ভংগী নলওক লাগে, মলাখী ২:১৬: “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, মই ভাৰ্যা-ত্যাগ ঘিণ কৰোঁ।” বাইবেল অনুযায়ী বিবাহ হৈছে জীৱন-জোৰা সমৰ্পণ। “তেন্তে তেওঁলোক দুজন নহয়, কিন্তু এক দেহ। এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে, তাক মানুহে বিয়োগ নকৰক” (মথি ১৯:৬)। ঈশ্বৰে অনুভৱ কৰে, যিহেতু বিবাহত দুজন পাপী মানুহ জড়িত, বিবাহ বিচ্ছেদ ঘটিব। পুৰণি নিয়মত, তেওঁ কিছুমান বিধান দিছে যাতে বিবাহ বিচ্ছেদিতৰ, বিশেষকৈ মহিলাৰ অধিকাৰ ৰক্ষা পৰে(দ্বিতীয় বিবৰণ ২৪:১-৪)। যীচুৱে আঙুলিয়াই দিছিল যে এই বিধানবিলাক যে ঈশ্বৰৰ ইচ্ছাৰ বাবে দিয়া হৈছিল তেনে নহয়, মানুহৰ মনৰ কঠিনতাৰ বাবেহে(মথি ১৯:৮)।

মথি ৫:৩২ আৰু ১৯:৯ পদত যীচুৰ বাক্যৰ বাবে বাইবেলত বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহ অনুমতি দিয়ে নে নিদিয়ে কথাটো লৈ বিতৰ্ক হয়। বাক্যাংশ “ব্যভিচাৰত বাজে” কথাত শাস্ত্ৰত বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহৰ বাবে ঈশ্বৰে অনুমতি দিয়া যেন লাগে। বহুতো ব্যাখ্যাকাৰীয়ে “বাজে বাক্যাংশ”ই বাগ্দান কৰা সময়ৰ ভিতৰত হোৱা “ব্যভিচাৰ” বুজাইছে। যিহুদীসকলৰ দস্তুৰ অনুযায়ী এজন পুৰুষ আৰু এগৰাকী মহিলা “বাগ্দান” কৰা বা জোৰোণ দিয়াৰ সময়ৰ পৰা বিবাহিত বুলি গণ্য কৰে। এই দৃষ্টিভংগী অনুযায়ী বিবাহৰ পূৰ্বে “বাগ্দান” কৰা সময়ৰ ভিতৰত হোৱা ব্যাভিচাৰ হ’লে বিবাহ বিচ্ছেদৰ বৈধ কাৰণ হ’ব।

অৱশ্যে, অনুদিত গ্ৰীক শব্দ “বৈবাহিক অবিশ্বস্ততা” মানে যিকোনো ধৰণৰ যৌনজ অনৈতিকতাকে বুজাব পাৰে। ই পৰিস্ত্ৰীগমণ, বেশ্যাগমণ, ব্যাভিচাৰ আদি বুজাব পাৰে। যীচুৱে যথা সম্ভৱ কৈছিল যে বিবাহ বিচ্ছেদত অনুমতি থাকে যদি যৌনজ অনৈতিকতাৰ কাৰ্য হয়। যৌন সম্পৰ্ক বৈবাহিক বন্ধনৰ অবিচ্ছেদ্য অংগ: “দুয়ো এক দেহ হ’ব” (আদিপুস্তক ২:২৪; মথি ১৯:৫; ইফিচীয়া ৫:৩১)। গতিকে বৈবাহিক সম্বন্ধৰ বাহিৰত যিকোনো যৌনজ সম্পৰ্ক বিবাহ বিচ্ছেদৰ অনুমতি হ’ব পাৰে। যদি তেনে, যীচুৰ মনত পুনৰ বিবাহৰ কথাটোও আছিল। “অন্যক বিয়া পাতে”(মথি ১৯:৯)বাক্যাংশই দেখুৱাই যে বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহ অনুমতি দিয়া হয় কেৱল বিশেষ কাৰণ বশতঃ, যদিও তেনে হ’ব পাৰে বুলি ব্যাখ্যা কৰা হয়। এইটো লক্ষ্য কৰিবলগীয়া যে শাস্ত্ৰাংশত নক’লেও, বিবাহ বিচ্ছেদৰ পিছত পুনৰ বিবাহৰ অনুমতি দিয়াটো যিজনৰ বিৰুদ্ধে পাপ কৰিলে তেওঁৰ বাবে ঈশ্বৰৰ দয়া, যিজনে ব্যভিচাৰ কৰিলে সেইজনৰ প্ৰতি নহয়। “দোষীজনে” হয়তু পুনৰ বিবাহৰ অনুমতিৰ উদাহৰণ থাকিব পাৰে, কিন্তু সেইটো এই শাস্ত্ৰংশত শিকোৱা নাই।

কিছুমানে ১ কৰিন্থীয়া ৭:১৫ পদটি যদি এজন অবিশ্বাসীয়ে এজন বিশ্বাসীক ত্যাগ কৰা আন এটা “আপত্তি” বুলি বুজে। অৱশ্যে, প্ৰসংগটোত পুনৰ বিবাহ উল্লেখ নাই, কেৱল কৈছে এজন বিশ্বাসীক বৈবাহিক সম্বন্ধ ধৰি ৰাখিবলৈ বান্ধি ৰাখিব নোৱাৰি যদিহে অবিশ্বাসী সংগীজনে এৰি যাব বিচাৰে। আনসকলে দাবী কৰে যে অপব্যৱহাৰ(ভাৰ্যা বা শিশু) বিচ্ছেদৰ বৈধ কাৰণ যদিও বাইবেলত এই কাৰণটো লিপিবদ্ধ কৰা নাই। যদিও এইটো ভাল কাৰণ হ’ব পাৰে, সেয়ে ঈশ্বৰৰ বাক্যৰ কথা বুলি ভবাটো উচিত নহয়।

কেতিয়াবা আপত্তিজনক বাক্যাংশে বিতৰ্ক হৈ “বৈবাহিক বিশ্বস্ততা” কথাটোত হেৰাই যাবলগীয়া হয়, যে বিবাহ বিচ্ছেদৰ অনুমতি দিয়া হৈছে, ইয়াৰ বাবে ই এটা দৰকাৰী কথা কথা নহয়। আনকি যেতিয়া ব্যাভিচাৰ কৰে, এটি যুগলে, ঈশ্বৰৰ অনুগ্ৰহত, ক্ষমা কৰিবলৈ শিকে আৰু বৈবাহিক সম্বন্ধ পুনৰ গঢ়ি তোলে। ঈশ্বৰে আমাক অনেক ক্ষমা কৰিলে। আমি তেওঁৰ আৰ্হি লৈ ব্যভিচাৰৰ পাপো ক্ষমিব পাৰোঁ(ইফিচীয়া ৪:৩২)। অৱশ্যে, বহুতো উদাহৰণ আছে, কোনো সংগীয়ে মন পালটন নকৰি ব্যভিচাৰৰ পাপতেই থাকে। তেনে ক্ষেত্ৰত সম্ভৱ মথি ১৯:৯ পদ প্ৰয়োগ কৰিব পাৰি। বহুতে আকৌ বিবাহ বিচ্ছেদৰ পিছত সোনকালে পুনৰ বিবাহ হ’বলৈ বিচাৰে যি ক্ষেত্ৰত ঈশ্বৰে হয়তো তেওঁলোক অকলশৰেই থকাটো ইছ্ছা কৰে। ঈশ্বৰে কেতিয়া মানুহ অবিবাহিত হৈ থাকিবলৈ আহ্বান কৰে যেন তেওঁলোকৰ মনোযোগ বিভক্ত হৈ নাযায়(১ কৰিন্থীয়া ৭:৩২-৩৫)। বিবাহ বিচ্ছেদৰ পিছত পুনৰ বিবাহ হোৱাটো কিছুমান পৰিস্থিতিত তেনে ইচ্ছা হ’ব পাৰে, কিন্তু তাৰ মানে সেইটোৱেই যে একমাত্ৰ উপায় তেনে নহয়।

এইটো বৰ দুখৰ কথা যে খ্ৰীষ্টীয়ান ধৰ্মীয় লোকসকলৰ মাজত অখ্ৰীষ্টীয়ানতকৈ বিবাহ বিচ্ছেদৰ হাৰ বৃদ্ধি হৈছে। বাইবেলে অধিক স্পষ্ট কৰি দিছে যে বিবাহ বিচ্ছেদ ঈশ্বৰে ঘিণ কৰে(মলাখী ২:১৬) আৰু ক্ষমা আৰু পুনৰ মিলন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰ স্বাক্ষৰ হ’ব লাগে(লূক ১১:৪; ইফিচীয়া ৪:৩২)। অৱশ্যে, ঈশ্বৰে জানে যে বিবাহ বিচ্ছেদ থাকিব, আনকি তেওঁৰ সন্তানসকলৰ মাজতো। এটা বিবাহ বিচ্ছেদ/নতুবা পুনৰ বিবাহিতে ঈশ্বৰে কমকৈ প্ৰেম কৰে বুলি ভাবিব নালাগে যদিও সম্ভাব্য আপত্তিজনক বাক্যাংশ মথি ১৯:৯ পদত সাঙুৰি নলয়। ঈশ্বৰে আনকি খ্ৰীষ্টীয়ানৰ পাপীষ্ঠ অবাধ্য সকলকো মহৎ কাৰ্য সাধনৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

English
অসমীয়া হোম পেজলৈ ঘূৰি যাওক
বাইবেলে বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহৰ বিষয়ে কি কয়?