খ্ৰীষ্টৰ ঈশ্বৰত্ব বাইবেল সন্মত নে?


প্রশ্ন: খ্ৰীষ্টৰ ঈশ্বৰত্ব বাইবেল সন্মত নে?

উত্তৰ:
যীচুৱে নিজৰ বিষয়ে দাবী কৰাৰ উপৰি, তেওঁৰ শিষ্যবিলকেও খ্ৰীষ্টৰ ঈশ্বৰত্ব স্বীকাৰ কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে পাপ ক্ষমা দিয়াৰ অধিকাৰ যীচুৰ আছিল- যিটো কেৱল ঈশ্বৰেহে কৰিব পাৰে- কাৰণ পাপৰ দ্বাৰা ঈশ্বৰ অসন্তুষ্ট হয়।(পাঁচনিৰ কৰ্ম ৫:৩১; কলচীয়া ৩:১৩; গীতামালা ১৩০:৪; যিৰিমিয়া ৩১:৩৪)। সেই শেষৰ দাবীৰ ঘণিষ্ঠ সম্পৰ্কত, যীচুৱেও কৈছিল তেওঁ “জীয়া অৰু মৰাসকলৰ বিচাৰ কৰিব” বুলি(২ তীমথিয় ৪:১)। থোমাই যীচুৰ প্ৰতি কান্দি উঠিছিল, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!”(যোহন ২০:২৮)। পৌলে যীচুক “মহান ঈশ্বৰ আৰু ত্ৰাণকৰ্তা”(তীত ২:১৩) আৰু দেখুৱাইছে যে মানুহৰূপে প্ৰকাশ হোৱাৰ পূৰ্বেও যীচু “ঈশ্বৰৰূপী” আছিল(ফিলিপীয়া ২:৫-৮)। পিতৃ ঈশ্বৰে যীচুৰ বিষয়ে কৈছে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন সদাকলস্থায়ী”(ইব্ৰী ১:৮)। যোহনে কৈছে, “আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰে সৈতে আছিল, আৰু বাক্যই(যীচু) স্বয়ং ঈশ্বৰ(যোহন ১:১)। যীচুৰ ঈশ্বৰত্বৰ বিষয়ে শিকোৱা শাস্ত্ৰত বহুত উদাহৰণ আছে(চাওক প্ৰকাশিত বাক্য ১:১৭,২:৮, ২৩;১৩; ১ কৰিন্থীয়া ১০:৪; ১ পিতৰ ২:৬-৮; গীতমালা ১৮:২, ৯৫:১; ১ পিতৰ ৫:৪; ইব্ৰী ১৩:২০), কিন্তু যীচু খ্ৰীষ্টক যে তেওঁৰ অনুগামীসকলে ঈশ্বৰ বুলি বিবেচনা কৰিছিল সেইটো বুজাবলৈ এইবিলাকৰ এটা উদাহৰণেই যথেষ্ট।

যীচুক কিছুমান উপাদি দিয়া হৈছিল যিবিলাক কেৱল যিহোৱাকহে(ঈশ্বৰৰ আনুষ্ঠানিক নাম) পুৰণি নিয়মত দিছিল।

পুৰণি নিয়মত উপাধি “মুক্তিদাতা”(গীতমালা ১৩০:৭; হোচেয়া ১৩:১৪) নতুন নিয়মত যীচুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে(তীত ২:১৩; প্ৰকাশিত বাক্য ৫:৯)। মথি ১ আধ্যাত যীচুক ইম্মানুৱেল-“আমাৰ লগত ঈশ্বৰ” বুলি কোৱা হৈছে। জখৰিয়া ১২:১০, এইয়া যিহোৱাই কৈছে, “তাতে তেওঁলোকে বিন্ধা যি মই, মোলৈ তেওঁবিলাকে চাব”। কিন্তু নতুন নিয়মে এইটো যীচুৰ ক্ৰুচবিদ্ধত প্ৰয়োগ কৰিছে(যোহন ১৯:৩৭; প্ৰকাশিত বাক্য ১:৭)। যদি যিহোৱাক বিন্ধিলে আৰু সেইজনলৈ চোৱ হ’ল, তেনেহ’লে যীচুক বিন্ধা হৈছিল আৰু তেওঁক চোৱা হৈছিল, আৰু সেয়েহে যীচুৱেই যিহোৱা। পৌলে যিচয়া ৪৫:২২-২৩ ব্যাখ্যা কৰি ফিলিপীয়া ২:১০-১২পদত যীচুৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছে। তদুপৰি প্ৰাৰ্থনাত ঈশ্বৰৰ লগতে যীচুৰ নামটো ব্যৱহাৰ কৰা হয় “পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক”(গালাতীয়া ১:৩; ইফিচীয়া ১:২)। খ্ৰীষ্ট ঈশ্বৰ নোহোৱা হ’লে ই এটা ঈশ্বৰনিন্দা হ’লহেঁতেন। যীচুৱে বাপ্তিষ্ম দিবলৈ দিয়া আদেশত ঈশ্বৰৰ লগত যীচুৰ নামটো আছে “পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত(এক বচন, মথি ২৮:১৯; ২ কৰিন্থীয়া ১৩:১৪)।

যিবিলাক কাম কেৱল ঈশ্বৰে কৰে তেনেবিলাক যীচুৱে কৰা বুলি উল্লেখ আছে। যীচুৱে কেৱল মৃতকক পুনৰ জীউৱা(যোহন ৫:২১, ১১:৩৮-৪৪) আৰু পাপ ক্ষমা দিয়াই(পঁচনিৰ কৰ্ম ৫:৩১, ১৩:৩৮) নহয়, তেওঁ বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰি চলাইছেও(যোহন ১:২; কলচীয়া ১:১৬-১৭)। এইটো অধিক স্পষ্ট হয় যেতিয়া কোনোৱে যিহোৱাই কেৱল সৃষ্টি কৰিছে বুলি কয়( যিচয়া ৪৪:২২)। তদুপৰি, খ্ৰীষ্টৰ এনে গুণবিলাক আছে যিবিলাকৰ কেৱল ঈশ্বৰৰহে থাকিব পাৰে: অনন্ত(যোহন ৮:৫৮), সৰ্বব্যাপি(মথি ১৮:২০, ২৮:২০), সৰ্বজ্ঞানী(মথি ১৬:২১) আৰু সৰ্বশক্তিমান (যোহন ১১:৩৮-৪৪)।

এতিয়া, এইটো এটা কথা ঈশ্বৰ বুলি দাবী কৰাটো বা কাৰোবাক এইটো সঁচা বুলি বিশ্বাস কৰাবলৈ মিছাকে কোৱা

আৰু আন কিবা প্ৰকাৰে প্ৰমাণ কৰিলেও সম্পূৰ্ণ একে থাকিব। খ্ৰীষ্টই বহুতো আচৰিত কামেৰে তেওঁৰ ঈশ্বৰত্বৰ দাবী কৰিছিল। কেইটামান যীচুৰ আচৰিত কাম হৈছে পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰা(যোহন ২:২:৭), পানীৰ ওপৰত খোজ কঢ়া(মথি ১৪:২৫), পাৰ্থিব বস্তু বৃদ্ধি কৰা(যোহন ৬:১১), অন্ধ(যোহন ৯:৭), লেঙেৰা (মাৰ্ক ২:৩) আৰু ৰোগীক সুস্থ কৰা(মথি ৯:৩৫; মাৰ্ক ১:৪০-৪২) আৰু আনকি মানুহক মৃত্যুৰ পৰা পুনৰ জীওৱা(যোহন ১১:৪৩-৪৪; লূক ৭:১১-১৫; মাৰ্ক ৫:৩৫)। তাৰোপৰি, খ্ৰীষ্ট নিজে মৃত্যুৰ পৰা উঠিছিল। অন্য ধৰ্মৰ পৌৰণিক গল্পৰ মৰা আৰু পুনৰ উঠা দেৱতাবিলাকৰ দৰে নহৈ, আন ধৰ্মত পুনৰুত্থান জোৰেৰে দাবীও কৰা নাই আৰু কোনো দাবীত শাস্ত্ৰৰ উপৰি প্ৰমাণ নাই।

যীচুৰ বিষয়ে কমেও বাৰটা ঐতিহাসিক তথ্য আছে যিবিলাক অখ্ৰীষ্টিয়ান আনকি সমালোচক পণ্ডিতেও মানি লয়:

১। ক্ৰুচবিদ্ধ হৈ যীচুৰ মৃত্যু হৈছিল।
২। তেওঁক মৈদাম দিয়া হৈছিল।
৩। যীচুৰ মৃত্যুৱে শিষ্যসকলক নিৰাশ আৰু হতাশাগ্ৰস্থ কৰিছিল।
৪। যীচুৰ কবৰটো কেইদিনমানৰ পিছতে খালী হোৱা বুলি আবিস্কাৰ কৰা হৈছিল(বা আবিস্কাৰ হোৱা বুলি দাবী কৰা হৈছিল)।
৫। শিষ্যবিলাকে পুনৰুত্থিত যীচুক দেখি বিশ্বাস কৰিছিল।
৬। ইয়াৰ পিছত, শিষ্যবিলাক সন্দেহৰ পৰা সাহসী বিশ্বাসীলৈ পৰিবৰ্তন হ’ল।
৭। আদি মণ্ডলীত এই বাৰ্তাটোৱেই কেন্দ্ৰ আছিল।
৮। বাৰ্তাটো জেৰুজালেমত প্ৰচাৰ কৰা হৈছিল।
৯। এই শুভবাৰ্তা প্ৰচাৰৰ ফলস্বৰূপে মণ্ডলী জন্ম হ’ল আৰু বৃদ্ধি পালে।
১০। পুৰুত্থানৰ দিন, দেওবাৰ, বিশ্ৰামবাৰৰ(শনিবাৰ)সলনি হৈ উপাসনাৰ বাবে প্ৰথম দিন হ’ল।
১১। থোমা এজন সন্দেহবাদী আছিল, তেৱোঁ পুনৰুত্থিত যীচুক দেখি বিশ্বাসী হ’ল।
১২। পৌল, এজন খ্ৰীষ্টীয়ানৰ শত্ৰু, তেৱোঁ পুনৰুত্থিত যীচুৰ দৰ্শন লাভৰ অভিজ্ঞতাৰে বিশ্বাসী হ’ল।

এই নিৰ্দিষ্ট তালিকাখন কোনোৱে আপত্তি কৰিলেও, কেইটামান কথাহে লাগে পুনৰুত্থান প্ৰমাণ আৰু শুভবাৰ্তা প্ৰতিষ্ঠাৰ বাবে: যীচুৰ মৃত্যু, মৈদাম দিয়া, পুনৰুত্থান, আৰু দেখা দিয়া( ১ কৰিন্থীয়া ১৫:১-৫)। উপৰুক্ত সত্য কথাকেইটাৰ এটা বা দুটা বুজাবৰ বাবে কিবা তথ্য থাকিলেও, কেৱল পুনৰুত্থানে আটাইৰে বাবে বুজায়। শিষ্যসকলে পুনৰুত্থিত যীচুক দেখা বুলি সমালোচকসকলে স্বীকাৰ কৰে। পুনৰুত্থানে মানুহৰ জীৱন পৰিবৰ্তন কৰাৰ দৰে মিছা বা মায়াই কৰিব নোৱাৰে। প্ৰথমে তেওঁলোকে লাভকৰিবলীয়া কি আছিল? খ্ৰীষ্টীয়ান ধৰ্ম জনপ্ৰিয় নাছিল আৰু নিশ্চয় ইয়াৰে তেওঁলোকে একো ধন উপাৰ্জন কৰিব পৰা নাছিল। দ্বিতীয়তে মিছলীয়াই ভাল ছহীদ বনাব নোৱাৰে। পুনৰুত্থানৰ আন ভাল ব্যাখ্যা থাকিব নোৱাৰে যেতিয়া শিষ্যসকলে তেওঁলোকৰ বিশ্বাসৰ বাবে ভয়ানক ভাবে মৃত্যু লবলৈও একো কুণ্ঠাবোধ কৰা নাছিল। হয়, বহুতো মানুহ মিছাটোকে সঁচা বুলি ভাবি মৃত্যু হয়, কিন্তু মানুহে অসত্য বুলি জানি নমৰে।

সামৰণিত, খ্ৰীষ্টই দাবী কৰিছিল যে তেওঁ যিহোৱা, সেইয়া তেওঁ ঈশ্বৰ( কেৱল “এজন ভাল” নহয়, কিন্তু সত্য ঈশ্বৰজনা; তেওঁৰ অনুগামীসকল(যিহুদী যিসকলে মূৰ্তিপূজা ভয়ংকৰ হিচাপে লয়) তেওঁক ঈশ্বৰহিচাপে বিশ্বাস কৰিলে। খ্ৰীষ্টই তেওঁৰ ঈশ্বৰত্বৰ দাবী প্ৰমাণ কৰিলে পৃথিৱী সলনি কৰি দিয়া পুনৰুত্থানসহ তেওঁৰ আচৰিত কাৰ্যবিলাকে। হয়, খ্ৰীষ্টৰ ঈশ্বৰত্ব বাইবেলসন্মত।

English
অসমীয়া হোম পেজলৈ ঘূৰি যাওক
খ্ৰীষ্টৰ ঈশ্বৰত্ব বাইবেল সন্মত নে?