ঈশ্বৰৰ গুণবিলাক কি? ঈশ্বৰ কেনেকুৱা?


প্রশ্ন: ঈশ্বৰৰ গুণবিলাক কি? ঈশ্বৰ কেনেকুৱা?

উত্তৰ:
এইটো ভাল বাৰ্তা যে আমি যেতিয়া এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ, ঈশ্বৰৰ বিষয়ে বহুতো কথা পোৱা যয়! যি সকলে এই বৰ্ণনাটো নিৰীক্ষণ কৰে তেওঁলোকে এই সকলো প্ঢ়িলে সহায় পাব, তেতিয়া নিৰ্বাচিত শাস্ত্ৰ অংশলৈ গৈ অধিক স্পষ্ট হ’ব পাৰিব। শাস্ত্ৰীয় বিষয়বিলাক অতি প্ৰয়োজনীয়, কিয়নো বইবেলৰ কৰ্তৃত্বৰ অবিহনে, এই সংগৃহীত কথাবিলাক মানুহৰ মতামততকৈ অধিক ভাল নহ’ব, যিটো নিজে বুজাত অশুদ্ধ(ইয়োব ৪২:৭)। ঈশ্বৰ কেনেকুৱা আমাৰ বাবে বুজিবলৈ চেষ্টা কৰাটো এটা বৰ দৰকাৰী কথা! তেনে কৰিব নোৱাৰিলে আমি ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে মিছা দেৱ-দেৱতাৰ পিছত গৈ সেৱা কৰিবলৈ লাগি যাম(যাত্ৰাপুস্তক ২০:৩০৫)।

কেৱল ঈশ্বৰে নিজকে প্ৰকাশ কৰিবলৈ যাক মনোনীত কৰিলে জানিব পাৰি। ঈশ্বৰৰ এটা গুণ বা ধৰ্ম হৈছে “পোহৰ”, অৰ্থাৎ তেওঁ নিজৰ বিষয়ে নিজে প্ৰকাশ কৰে(যিচয়া ৬০:১৯, যাকোব ১:১৭)। দৰাচলতে ঈশ্বৰ প্ৰকাশ হোৱা জ্ঞান অৱহেলা কৰিব নালাগিব, অন্যথা আমাৰ কোনোৱে তেওঁৰ বিশ্ৰামত প্ৰৱেশ কৰিব নোৱৰিব(ইব্ৰী ৪:১)। সৃষ্টি, বাইবেল আৰু বক্য মাংস হোৱা(যীচু খ্ৰীষ্ট) ঈশ্বৰ কেনেকুৱা জনাত আমাক সহায় কৰিব।

ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা আৰু আমি তেওঁৰ সৃষ্টিৰ অংশহিচাপে বুজিবৰ বাবে আমি আৰম্ভ কৰোঁহক(আদিপুস্তক ১:১; গীতমালা ২৪:১)। ঈশ্বৰে কৈছিল যে মানুহ তেওঁৰ প্ৰতিমূৰ্তিৰে সৃষ্টি। মানুহ আন সকলো সৃষ্টিৰ ওপৰত আৰু সেইবিলাকৰ ওপৰত অধিকাৰ চলাবলৈ দিয়া হৈছিল(আদিপুস্তক ১:২৬-২৮)। পতনৰ যোগে সৃষ্টিখন কলুষিত হ’ল যদিও তেওঁৰ কাৰ্যৰ এটা আভাস পোৱা যায়(আদিপুস্তক ৩:১৭-১৮; ৰোমীয়া ১:১৯-২০)। সৃষ্টিৰ বিশালতা, জটিলতা, সৌন্দৰ্য, আৰু শৃংখলা চিন্তা কৰি ঈশ্বৰৰ আশ্চৰ্য আমাৰ বোধগম্য হয়।

ঈশ্বৰৰ কিছুমান নাম পঢ়িলে ঈশ্বৰ কেনেকুৱা জানিবলৈ সহায় হয়। সেইবিলাক এনে ধৰণৰ:

এলোহিম- শক্তিশালীজনা, ঈশ্বৰ(আদিপুস্তক ১:১)
এডোনাই- প্ৰভু, গৰাকী আৰু দাসৰ সম্পৰ্ক বুজায়(যাত্ৰাপুস্তক ৪:১০-১৩)
এল এলায়ন- অতি উচ্চ, সৰ্বশক্তিমানজনা(আদিপুস্তক ১৪:২০)
এল ৰৈ- শক্তিমান যিজনে দেখে(আদিপুস্তক ১৬:১৩)
এল চাদ্দায়- সৰ্বশক্তিমান ঈশ্বৰ(আদিপুস্তক ১৭:১)
এল ওলাম- অনন্তকাল স্থায়ী ঈশ্বৰ(যিচয়া ৪০:২৮)
যিহোৱা-প্ৰভু “মই আছোঁ” মানে অনন্ত স্ব-অস্তিত্ব(যাত্ৰাপুস্তক ৩:১৩-১৪)

আমি এতিয়া ঈশ্বৰৰ অধিক গুণবিলাক পৰীক্ষা কৰিম; ঈশ্বৰ অনন্ত, মানে তেওঁৰ আৰম্ভ নাই আৰু তেওঁৰ অস্তিত্ব কেতিয়াও শেষ নহ’ব। তেওঁ অমৰ, অসীম(দ্বিতীয় বিবৰণ ৩৩:২৭; গীতমালা ৯০:২; ১ তীমথিয় ১:১৭)। ঈশ্বৰ অপৰিৱৰ্তিত অৰ্থাৎ তেওঁৰ পৰিৱৰ্তন নাই; তাৰ মানে ঈশ্বৰক সম্পূৰ্ণ নিৰ্ভৰ কৰিব পাৰি আৰু তেওঁ বিশ্বাসী(মলাখী ৩:৬; গণনাপুস্তক ২৩:১৯; গীতমালা ১০২:২৬, ২৭)। ঈশ্বৰ অতুল্য, তাৰ মনে তেওঁৰ নিচিনা কাৰ্যত বা অৱস্থাত কোনো নাই; ঈশ্বৰ অদ্বিতীয় আৰু সিদ্ধ(২ চমূৱেল ৭:২২; গীতমালা ৮৬:৮; যিচয়া ৪০:২৫; মথি ৫:৪৮)। ঈশ্বৰ অপৰীক্ষিত আৰ্থাৎ তেওঁক জোখিব নোৱাৰি, বিচাৰি উলিয়াব নোৱাৰি, অতীত উদ্ঘাট্ন কৰি তেওঁক সম্পূৰ্ণ জানিব নোৱাৰি(যিচয়া ৪০:২৮; গীতমলা ১৪৫:৩; ৰোমীয়া ১১:৩৩-৩৪)।

ঈশ্বৰ ন্যায়ৱান, মানে তেওঁ কাৰো প্ৰতি পক্ষপাতিতা নকৰে( দ্বিতীয় বিবৰণ ৩২:৪; গীতমালা ১৮:৩০)। ঈশ্বৰ সৰ্বশক্তিমান, মানে তেওঁ সকলোতকৈ শক্তিমান; তেওঁ ভাল পোৱা যিকোনো কৰিব পাৰে, কিন্তু কাৰ্যবিলাক সদায়ে তেওঁৰ আন গুণবিলাকৰ লগত মিল থাকে(প্ৰকাশিত বাক্য ১৯:৬; যিৰিমিয়া ৩২:১৭, ২৭)। ঈশ্বৰ সৰ্বব্যাপি, মানে তেওঁ সকলোতে আৰু সদায়ে থাকে; তাৰমানে এইটো নহয় যে সকলোৱেই ঈশ্বৰ(গীতমলা ১৩৯:৭-১৩; যিৰিমিয়া ২৩:২৩)। ঈশ্বৰ সৰ্বজ্ঞানী, মানে তেওঁ অতীত, বৰ্তমান, ভৱিষ্যত আনকি আমি কোনো সময়ত যিয়ে ভাবো তেওঁ জানে; যিহেতু তেওঁ সকলো জানে। তেওঁৰ ন্যায় বিচাৰ সদায়ে সুন্দৰকৈ চলায়(গীতমালা ১৩৯:১-৫;হিতোপদেশ ৫:২১)।

ঈশ্বৰ এজনা, তাৰমানে যে আন নাই সেইটোৱেই নহয়, কিন্তু তেওঁ অকলেই আমাৰ হৃদয়ৰ গভীৰতাৰ প্ৰয়োজনীয়তা আৰু একাগ্ৰতা পূৰাব পাৰে, আৰু তেওঁ অকলেই অমাৰ সেৱা আৰু ভক্তি পোৱাৰ যোগ্য(দ্বিতীয় বিবৰণ ৬:৪)। ঈশ্বৰ ধাৰ্মিক, মানে ঈশ্বৰে ভুল কাৰ্য কৰিব নোৱাৰে আৰু আনৰ ভুলবিলাক এৰি নিদিয়ে; তেওঁৰ ধাৰ্মিকতা আৰু ন্যায়ৰ বাবে অমাৰ পাপ ক্ষমা হ’বলৈ যীচু খ্ৰীষ্টত আমাৰ পাপৰ ভাৰ দি ঈশ্বৰে ন্যায়বিচাৰ ললে।(যাত্ৰাপুস্তক ৯:২৭; মথি ২৭:৪৫-৪৬; ৰোমীয়া৩:২১-২৬)।

ঈশ্বৰ সাৰ্বভৌম, মানে তেওঁ সৰ্বোচ্চ; তেওঁৰ সকলো সৃষ্টি একেলগে, জ্ঞাতে হওক বা অজ্ঞাতে হওক, তেওঁৰ উদ্দেশ্যৰ প্ৰতি ভাবুকি দিব নোৱাৰে(গীতমালা ৯৩:১; ৯৫:৩; যিৰিমিয়া ২৩:২০)। ঈশ্বৰ আত্মা, মানে তেওঁ অদৃশ্য(যোহন ১:১৮;৪:২৪)। ঈশ্বৰ ত্ৰিত্ব, অৰ্থাৎ তেওঁ এজনাত তিনিজনা, একে সাৰ-পদাৰ্থৰ, শক্তি আৰু মহিমাত সমান। লক্ষ্য কৰক যে উল্লিখিত প্ৰথম শাস্ত্ৰাংশত ‘নাম’ একবচন যদিও “পিতৃ, পুত্ৰ, পবিত্ৰ আত্মা” তিনি স্পষ্ট ব্যক্তিক বুজাইছে(মথি ২৮:১৯; মাৰ্ক ১:৯-১১)। ঈশ্বৰ সত্য, মানে তেওঁ সকলোতে যি হয় তাত মিল থাকে, তেওঁ অবিকৃত থাকে আৰু তেওঁ মিছলীয়া হ’ব নোৱাৰে(গীতমালা ১১৭:২; ১ চমূৱেল ১৫:২৯)।

ঈশ্বৰ পবিত্ৰ, মানে তেওঁ সকলো পাপ আৰু অশুচিতাৰ পৰা পৃথক আৰু সেইবিলাকৰ প্ৰতি তেওঁ বিৰুদ্ধ। ঈশ্বৰে সকলো পাপ দেখে আৰু ই তেওঁৰ খং উঠায়; শাস্ত্ৰত পবিত্ৰতাৰ লগত সাধাৰণতে জুইৰ কথা উল্লেখ কৰা হৈছে। ঈশ্বৰক গ্ৰাহকাৰী অগ্নি বুলি কোৱা হৈছে(যিচয়া ৬:৩; হবক্কুক ১:১৩; যাত্ৰাপুস্তক ৩:২,৪,৫; ইব্ৰী ১২:২৯)। ঈশ্বৰ অনুগ্ৰহশীল- ইয়াত তেওঁৰ সাধুতা, দয়া, মৰম আৰু প্ৰেম- যিবিলাক শব্দই তেওঁৰ সততা বুজায়। ঈশ্বৰৰ অনুগ্ৰহ নথকা হ’লে তেওঁৰ ইবিলাক গুণে আমাক ঈশ্বৰৰ পৰা বঞ্চিত কৰাব। ধন্যবাদ দিয়ক যে তেনে নহয়, কিয়নো তেওঁ আমাক প্ৰতিজনকে ব্যক্তিগতভাৱে জানিবলৈ ইচ্ছা কৰে(যাত্ৰাপুস্তক ৩৪:৬; গীতমালা ৩১:১৯; ১ পিতৰ ১:৩; যোহন ৩:১৬; যোহন ১৭:৩)।

এইয়া কেৱল ঈশ্বৰ বিষয়ক প্ৰশ্নৰ উত্তৰ দিবলৈ বিনম্ৰ প্ৰয়াস। অনুগ্ৰহ কৰি তেওঁক অনুসন্ধান কৰি যাওক (যিৰিমিয়া ২৯:১৩)।

English
অসমীয়া হোম পেজলৈ ঘূৰি যাওক
ঈশ্বৰৰ গুণবিলাক কি? ঈশ্বৰ কেনেকুৱা?