বাইবেলে ত্ৰিত্বৰ বিষয়ে কি শিকায়?



প্রশ্ন: বাইবেলে ত্ৰিত্বৰ বিষয়ে কি শিকায়?

উত্তৰ:
আটাতকৈ কঠিন খ্ৰীষ্টীয় ধাৰণা হৈছে ত্ৰিত্বৰ ধাৰণা যিটো ভালকৈ বুজাই দিয়াৰ উপায় নাই। কোনো মানুহে ত্ৰিত্বৰ ধাৰণাটো সম্পূৰ্ণকৈ বুজি পোৱাটো অসম্ভৱ, ই নিজেই বুজাওক। ঈশ্বৰ আমাতকৈ অসীমভাৱে মহান; সেইবাবে আমি তেওঁক সম্পূৰ্ণকৈ বুজিম বুলি আশা কৰিব নালাগে। বাইবেলে শিকাইছে যে পিতৃ ঈশ্বৰ, যীচু ঈশ্বৰ, আৰু পবিত্ৰ আত্মা ঈশ্বৰ। বাইবেলে এইটোও শিকাইছে যে ঈশ্বৰ কেৱল এজনেই। যদিও আমি ত্ৰিত্বৰ ব্যক্তিকেইজনৰ ইজন-সিজনৰ মাজৰ সম্বন্ধ কিছু কথা বুজিব পাৰোঁ, মুঠতে ই মানৱ মনৰ বাবে অবোধ্য। অৱশ্যে, ইয়াৰ মানে যে ত্ৰিত্ব সঁচা নহয় তেনে নহয়, নতুবা ই বাইবেলৰ শিক্ষাভিত্তিক যে নহয় সেইটোও নহয়।

ত্ৰিত্ব হৈছে এজন ঈশ্বৰ তিনি ব্যক্তিত থাকে। বুজিব লাগে যে ইয়াৰ মানে কোনোপধ্যে তিনিজন নুবুজায়। যেতিয়া এই বিষয়টো আলোচনা কৰা হৈছে মনত ৰাখিব লাগে যে “ত্ৰিত্ব” শব্দটো শাস্ত্ৰত পোৱা নাযায়। এই সংজ্ঞাটোৰে ত্ৰিত্ব ঈশ্বৰ- তিনিয়ে সহবাস কৰে, সহ-অনন্তকলীয়া ব্যাক্তি যাক লৈ ঈশ্বৰ হৈছে তাকে বুজাবলৈ চেষ্টা কৰা হয়। আচল কথাটো হ’লে যে “ত্ৰিত্ব” ধাৰণাটো শাস্ত্ৰত আছে। তলত উল্লেখ কৰা অনুযায়ী ঈশ্বৰৰ বাক্যই ত্ৰিত্বৰ বিষয়ে কৈছে:

১) ঈশ্বৰ এজন(দ্বিতীয় বিবৰণ ৬:৪; ১ কৰিন্থীয়া ৮:৪; গালাতীয়া ৩:২০; ১ তীমথিয় ২:৫)

২) ত্ৰিত্ব তিনি ব্যক্তিৰে গঠিত(আদিপুস্তক ১:১, ২৬; ৩:২২;১১:৭; যিচয়া ৬:৮, ৪৮:১৫; মথি ৩:১৬-১৭, ২৮:১৯; ২ কৰিন্থীয়া ১৩:১৪)। আদিপুস্তক ১:১ পদত, ইব্ৰী বহুবচন বিশেষ্য এলোহিম ব্যৱহাৰ কৰিছে। আদিপুস্তক ১:২৬,৩:২২, ১১:৭ আৰু যিচয়া ৬:৮, “আমাৰ” বহুবচন সৰ্বনাম ব্যৱহাৰ হৈছে। এলোহিম শব্দটো আৰু সৰ্বনাম “আমাৰ” বহুবচন ৰূপত, নিশ্চয় ইব্ৰী ভাষাত দুইতকৈ অধিক বুজাইছে। যদিও এইটো ত্ৰিত্বৰ একমাত্ৰ যুক্তি নহয়, ই ঈশ্বৰৰ বহুত্ব দিশ সূচায়। ঈশ্বৰৰ বাবে ইব্ৰী শব্দ এলোহিম, নিশ্চয়ে ত্ৰিত্বৰ বাবে অনুমতি জনায়।

যিচয়া ৪৮:১৬ আৰু ৬১:১ পদত, পুত্ৰই কথা কোৱাটো পিতৃ আৰু পবিত্ৰ আত্মালৈ উল্লেখ কৰা হৈছে। যিচয়া ৬১:১ পদৰ লগত লূক ৪:১৪-১৯ পদ তুলনা কৰি দেখা যায় যে পুত্ৰই কথা কৈছে। মথি ৩:১৬-১৭ পদে যীচুৰ বাপ্তিস্মৰ ঘটনা বুজাইছে। এই শাস্ত্ৰাংশত দেখা যায় যে ঈশ্বৰ পবিত্ৰ আত্মা, ঈশ্বৰ পুত্ৰত নামি অহা যেতিয়া পিতৃ ঈশ্বৰে তেওঁৰ পুত্ৰত সন্তুষ্ট হোৱা ঘোষণা কৰিছে। মথি ২৮:১৯ আৰু ২ কৰিন্থীয়া ১৩:১৪ পদ ত্ৰিত্বত তিনি নিৰ্দিষ্ট ব্যক্তিৰ উদাহৰণ।

৩) বিভিন্ন শাস্ত্ৰাংশই ত্ৰিত্বৰ সদস্যসকলৰ ইজন-সিজনৰ পৰা পৃথক কৰিছে। পুৰণি নিয়মত, “যিহোৱা”ৰ পৰা “যিহোৱা” পৃথক কৰিছে(আদিপুস্তক ১৯:২৪ হোচেয়া ১:৪)। যিহোৱাৰ এটি পুত্ৰ আছে(গীতমালা ২:৭,১২; হিতোপদেশ ৩০:২-৪)। আত্মাক “যিহোৱা”ৰ (গণনাপুস্তক ২৭:১৮)আৰু “ঈশ্বৰ”ৰ( গীতমালা ৫১:১০-১২)পৰা প্ৰভেদ কৰিছে। পুত্ৰ ঈশ্বৰক পিতৃ ঈশ্বৰৰ পৰা( গীতমালা ৪৫:৬-৭; ইব্ৰী ১:৮-৯)প্ৰভেদ কৰিছে। নতুন নিয়মত, যীচুৱে এজন সহায়কৰ্তা, পবিত্ৰ আত্মা পঠাবৰ বাবে পিতৃক কৈছে(যোহন ১৪:১৬-১৭)। এয়াই দেখুৱাইছে যে যীচুৱে নিজকে পিতৃ বা পবিত্ৰ আত্মা বুলি বিবেচনা কৰা নাই। শুভবাৰ্তাত আন কেবাঠাইতো যীচুৱে পিতৃক কোৱা বিবেচনা কৰা হয়। তেওঁ নিজকে কৈছিল নে? নহয়, তেওঁ ত্ৰিত্বৰ আন ব্যক্তিক কৈছিল- সেয়ে পিতৃ।

৪) ত্ৰিত্বৰ প্ৰতিজন সদস্যই ঈশ্বৰ। পিতৃ ঈশ্বৰ(যোহন ৬:২৭; ৰোমীয়া ১:৭; ১ পিতৰ ১:২)। পুত্ৰ ঈশ্বৰ( যোহন ১:১,১৪;ৰোমীয়া ৯:৫; কলচীয়া ২:৯; ইব্ৰী ১৮; ১ যোহন ৫:২০)। পবিত্ৰ আত্মা ঈশ্বৰ (পাঁচনিৰ কৰ্ম ৫:৩-৪; ১ কৰিন্থীয়া ৩:১৬)।

৫) ত্ৰিত্বৰ ভিতৰত অধীনতা থাকে। শাস্ত্ৰই দেখুৱাইছে যে পবিত্ৰ আত্মা পিতৃ আৰু পুত্ৰৰ অধীনত, পুত্ৰ পিতৃৰ অধীনত। এয়া এক আভ্যন্তৰীণ সম্পৰ্ক যি ত্ৰিত্বৰ ইজন ব্যক্তিৰ ঈশ্বৰত্ব অস্বীকাৰ নকৰে। এইয়া আমাৰ সীমিত মনে অসীম ঈশ্বৰৰ বিষয়ে বুজিব নোৱাৰোঁ। পুত্ৰৰ সম্পৰ্কে চাওক লূক ২২:৪২, যোহন ২০:২১, আৰু ১ যোহন ৪:১৪। পবিত্ৰ আত্মাৰ সম্পৰ্কে চাওক যোহন ১৪:১৬,১৪২৬, ১৫:২৬, ১৬:৭ আৰু বিশেষকৈ যোহন ১৬:১৩-১৪,১৬) ত্ৰিত্বৰ প্ৰত্যেক বক্তিৰে বেলেগ বেলেগ কাম। পিতৃ বিশ্বব্ৰহ্মাণ্ডৰ চূড়ান্ত উৎস আৰু কাৰণ(১ কৰিন্থীয়া ৮:৬; প্ৰকাশিত বাক্য ৪:১১); ঐশ্বৰিক প্ৰকাশ(প্ৰকাশিত বাক্য ১:১); পৰিত্ৰাণ (যোহন ৩:১৬-১৭); যীচুৰ মানৱ কৰ্ম(যোহন ৫:১৭,১৪:১০)। পিতৃয়ে এই সকলো আৰম্ভ কৰে।

পুত্ৰ হৈছে প্ৰতিনিধি যাৰ যোগে পিতৃয়ে এইবিলাক কৰে: বিশ্বব্ৰহ্মাণ্ড সৃষ্টি আৰু ৰক্ষা কৰে(১ কৰিন্থীয়া ৮:৬;যোহন ১:৩; কলচীয়া ১:১৬-১৭); ঐশ্বৰিক প্ৰকাশ( যোহন ১:১,১৬:১২-১৫; মথি ১১:২৭; প্ৰকাশিত বাক্য ১:১); আৰু পৰিত্ৰাণ (২ কৰিন্থীয়া ৫:১৯; মথি ১:২১; যোহন ৪:৪২)। পিতৃয়ে এই সকলো তেওঁৰ পুত্ৰৰ যোগেদি কৰে, যিজনে তেওঁৰ প্ৰতিনিধিহিচাপে কাম কৰে।

পবিত্ৰ আত্মা হৈছে মাধ্যম যাৰ যোগেদি পিতৃয়ে এইবিলাক কৰে: বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু ৰক্ষা(আদিপুস্তক ১:২; ইয়োব ২৬:১৩; গীতমালা ১০৪:৩০); ঐশ্বৰিক প্ৰকাশ( যোহন ১৬:১২-১৫; ইফিচীয়া ৩:৫; ২ পিতৰ ১:২১); পৰিত্ৰাণ(যোহন ৩:৬; তীত ৩:৫; ১ পিতৰ ১২); আৰু যীচুৰ কাৰ্য(যিচয়া ৬১:১; পাঁচনিৰ কৰ্ম ১০:৩৮)। গতিকে পিতৃয়ে এই সকলো পবিত্ৰ আত্মাৰ শাক্তিৰে কৰে।

ত্ৰিত্বৰ বিষয়ে বুজাবলৈ বহুতো উদাৰহৰণ গঠনৰ চেষ্টা কৰা হৈছে। অৱশ্যে কোনো জনপ্ৰিয় উদাৰহৰণ সম্পূৰ্ণ সঠিক নহয়। কণী(বা আপেল)ৰ চোকোৰা, বগা অংশ আৰু কুহুম হৈছে কণীৰ অংশ, প্ৰতিটো নিজেই কণী নহয়, যেনেকৈ বাকলি, মঙহ আৰু গুটি আপেলৰ অংশ, প্ৰতিটো নিজে আপেল নহয়। পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ অংশ নহয়; প্ৰতিজনেই ঈশ্বৰ। পানীৰ উদাহৰণ কিছু ভাল, তথাপি সঠিককৈ ত্ৰিত্ব বুজাব নোৱাৰে। পানী, ভাপ আৰু বৰফ পানীৰ আকাৰ। পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ আকাৰ নহয়, তেওঁলোকৰ প্ৰত্যেকেই ঈশ্বৰ। সেয়েহে, যেতিয়া উদাহৰণবিলাকে আমাক ত্ৰিত্বৰ এটা ছবি দিব পাৰে, ছবিটো সম্পূৰ্ণ শুদ্ধ নহয়। এজন অসীম ঈশ্বৰক সীমিত উদাহৰণেৰে সম্পূৰ্ণকৈ বুজাব নোৱাৰি।

খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসৰ মাজেদি ত্ৰিত্ববাদৰ শিক্ষা বিভাজ্য বিষয় হৈ আহিছে। যেতিয়া ঈশ্বৰৰ বাক্যৰে ত্ৰিত্বৰ মূল দিশবিলাক স্পষ্টকৈ উত্থাপন কৰিছে, কিছুমান উপদিশ সিমান স্পষ্ট নহয়। পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, আৰু পবিত্ৰ আত্মা ঈশ্বৰ- কিন্তু ঈশ্বৰ কেৱল এজনেই আছে। এইয়া ত্ৰিত্বৰ বিষয়ে বাইবেলৰ শিক্ষা। তাৰোপৰি, বিষয়বিলাক বিতৰ্কিত আৰু অপ্ৰয়োজনীয়। ত্ৰিত্বক আমাৰ সীমিত মগজুৰে সম্পূৰ্ণকৈ বৰ্ণনা কৰিবলৈ চেষ্টা কৰাৰ সলনি, আমি ঈশ্বৰৰ মহত্ব আৰু তেওঁৰ অসীম স্বভাৱৰ প্ৰতি লক্ষ্য কৰিলে অধিক ভাল হ’ব। “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য! কিয়নো তেওঁৰ মন্ত্ৰীয়েই বা কোন হ’ল?”(ৰোমীযা ১১:৩৩-৩৪)।



অসমীয়া হোম পেজলৈ ঘূৰি যাওক



বাইবেলে ত্ৰিত্বৰ বিষয়ে কি শিকায়?