প্রশ্ন
যীচুৱেই স্বৰ্গলৈ একমাত্ৰ বাটনে?
উত্তৰ
হয়, যীচুৱেই স্বৰ্গলৈ একমাত্ৰ বাট। তেনে এটি একমাত্ৰ উক্তিয়ে অত্যাধুনিক কাণত বিৰক্তি জন্মাব পাৰে, কিন্তু যি নহ’লেও ই সত্য। বাইবেলে শিকাইছে যে পৰিত্ৰাণৰ বাবে যীচুৰ যোগে নহ’লে আন একো বাট নাই। যোহন ১৪:৬ত যীচুৱে নিজে কৈছে, “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” তেওঁ বহুতো বাটৰ এটা নহয়; তেৱেঁই একমাত্ৰ বাট। যিয়েই সুনাম, যোগ্যতা, বিশেষ জ্ঞান বা ব্যক্তিগত পবিত্ৰতা নাথাকক লাগে, যীচুৰ বাহিৰে কোনো পিতৃৰ ওচৰলৈ আহিব নোৱাৰে।
কেবাটাও কাৰণত যীচুৱেই স্বৰ্গলৈ একমাত্ৰ বাট। যীচুক ঈশ্বৰে “মনোনীত কৰে” ত্ৰাণকৰ্তা হ’বলৈ(১ পিতৰ ২:৪)। যীচুৱেই একমত্ৰ স্বৰ্গৰ পৰা নামি অহা আৰু তালৈ ঘূৰি যোৱা জনা(যোহন ৩:১৩)। তেৱেঁই সিদ্ধ জীৱন যাপন কৰা একমাত্ৰ মানুহ(ইব্ৰী ৪:১৫)। তেৱেঁই পাপৰ বাবে একেমাত্ৰ বলি(১ যোহন ২:২; ইব্ৰী ১০:২৬)। একমাত্ৰ তেৱেঁই বিধান আৰু ভাববাণী সিদ্ধ কৰিলে(মথি ৫:১৭)। তেৱেঁই একেমাত্ৰ ব্যক্তি যিজনে চিৰকালৰ বাবে মৃত্যু জয় কৰিলে(ইব্ৰী ২:১৪-১৫)। তেৱেঁই ঈশ্বৰ আৰু মানুহৰ মাজত একমাত্ৰ মধ্যস্থ(১ তীমথিয় ২:৫)। তেৱেঁই একমাত্ৰ মানুহ যিজনক ঈশ্বৰে “অতি …ওখ পদ দিলে”(ফিলিপীয়া ২:৯)।
যোহন ১৪:৬ৰ বাহিৰেও যীচুৱে কেবাবাৰো স্বৰ্গলৈ একমাত্ৰ বাট বুলি নিজৰ বিষয়ে কৈছিল। মথি ৭:২১-২৭ত তেওঁক বিশ্বাস কৰিবলগীয়াৰ বিষয়ে কৈছিল। তেওঁ কৈছিল যে তেওঁৰ বাক্যই জীৱন(যোহন ৬:৬৩)। তেওঁ প্ৰতিজ্ঞা কৰিছিল যে যিসকলে তেওঁক বিশ্বাস কৰিব তেওঁলোকে অনন্ত জীৱন পাব(যোহন ৩:১৪-১৫)। তেৱেঁই মেৰৰ গৰালৰ দুৱাৰ(যোহন ১০:৭); আৰু জীৱনৰ আহাৰ(যোহন ৬:৬৩); আৰু পুনৰুত্থান(যোহন ১১:২৫)। আন কোনেও এই উপাধিবিলাক দাবী কৰিব নোৱাৰে।
পাঁচনিসকলৰ উপদেশ প্ৰভু যীচুৰ মৃত্যু আৰু পুনৰুত্থানত কেন্দ্ৰীভূত। পিতৰে মহা সভাত কোৱাটোৱে স্পষ্ট কৰে যে যীচুৱেই স্বৰ্গলৈ একমাত্ৰ বাট: “আন কাতো পৰিত্ৰাণ নাই, কিয়নো যাৰে অমি পৰিত্ৰাণ পাব লাগে,স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া আন কোনো নাম নই”(পাঁচনিৰ কৰ্ম ৪:১২)। পৌলে আন্তিয়খিয়াৰ ধৰ্মধামত যীচুৱেই একমাত্ৰ ত্ৰাণকৰ্তা বুলি কৈছিল: “সেই জনাৰ দ্বাৰাই পাপ-মোচন তোমালোকৰ আগত প্ৰচাৰ কৰা হৈছে; আৰু যি যি দোষৰ পৰা তোমালোকে মোচিৰ বিধানৰ দ্বাৰাই মুক্ত হ’ব পৰা নই, সেই আটাই দোষৰ পৰা, বিশ্বাস কৰা সকলোৱে তেওঁৰ দ্বাৰাই মুক্ত হয়”(পাঁচনিৰ কৰ্ম ১৩:৩৮-৩৯)। যোহনে মণ্ডলীবিলাকলৈ লিখি যীচুৰ নামটো পাপ ক্ষমাৰ বাবে ভিত্তি বুলি নিৰ্দিষ্ট কৰিছে: “হে বোপাহঁত, তেওঁৰ নামৰ গুণে তোমালোকৰ পাপ ক্ষমা হ’ল; এই কাৰণে মই তোমালোকলৈ লিখিছোঁ”(১ যোহন ২:১২)। যীচুৰ বাহিৰে আন কোনেও পাপ ক্ষমা কৰিব নোৱাৰে।
কেৱল খ্ৰীষ্টৰ য়োগেদিহে স্বৰ্গত অনন্ত জীৱন সম্ভৱ হ’ল। যীচুৱে প্ৰাৰ্থনা কৰিছিল, “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন(যোহন ১৭:৩)। ঈশ্বৰৰ বিনামূলীয়া পৰিত্ৰাণৰ দান পাবলৈ হ’লে আমি যীচুলৈ কেৱল যীচুলৈ চাব লাগিব। আমি নিশ্চয় আমাৰ পাপৰ বেচস্বৰূপে ক্ৰুচত যীচুৰ মৃত্যু আৰু তেওঁৰ পুনৰুত্থান বিশ্বাস কৰিব লাগিব। “ঈশ্বৰৰ সেই ধাৰ্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া যায়”(ৰোমীয়া ৩:২২)।
যীচুৰ পৰিচৰ্যাৰ এটা সময়ত বহুতো লোকে আন কোনো ত্ৰাণকৰ্তা আশাত বিচাৰি যীচুক এৰা দিছিল। যীচুৱে বাৰজনক সুধিছিল, “তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?”(যোহন ৬:৬৭)। পিতৰৰ উত্তৰটো ঠিক আছিল, “হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে। আৰু আপুনি যে ঈশ্বৰৰ পবিত্ৰজনা, ইয়াকে আমি বিশ্বাস কৰি জানিছোঁ”(যোহন ৬:৬৮-৬৯)। আমি সকলোৱে পিতৰৰ বিশ্বাসৰ ভাগী হওঁ যেন, অনন্ত জীৱন কেৱল যীচুতহে আছে।
আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।
English
যীচুৱেই স্বৰ্গলৈ একমাত্ৰ বাটনে?