যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ মাজত তিনি দিন ক’ত আছিল? সেই তিনি দিনত যীচুৱে কি কৰিছিল?


প্রশ্ন: যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ মাজত তিনি দিন ক’ত আছিল? সেই তিনি দিনত যীচুৱে কি কৰিছিল?

উত্তৰ:
১ পিতৰ ৩:১৮-২০ পদত কৈছে, “খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে, তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত পুনৰ্জীৱিত হ’ল; সেই আত্মাৰে তেওঁ গৈ কয়দত থকা অত্মাবিলাকৰ, অৰ্থাৎ যিবিলাক পূৰ্বকালত নোহৰ দিনত জাহাজ নিৰ্মাণ কৰা সময়ত, ঈশ্বৰৰ দীৰ্ঘ-সহিষ্ণুতাই বাট চাই থাকোঁতে, আজ্ঞা নমনা আছিল, তেওঁলোকৰ আগত ঘোষণা কৰিলে।” ১৯ পদত “আত্মাৰে” বাক্যাংশটিৰ একেই গঠন “মাংসত।” সেই বাবে “আত্মাত” কথাটো ভালকৈ সম্পৰ্ক থাকিব একে দৰে “মাংসত”। মাংস আৰু আত্মা হৈছে খ্ৰীষ্টৰ মাংস আৰু আত্মা। “আত্মাত হ’লে পুনৰ্জীৱিত হ’ল” শব্দ কেইটাই ইয়াকে আঙুলিয়াই যে খ্ৰীষ্টই পাপ বহন কৰা আৰু মৃত্যুৱে পিতৃৰ পৰা তেওঁৰ মানৱ আত্মা পৃথক হোৱা(মথি ২৭:৪৬)। মাংস আৰু আত্মাৰ প্ৰভেদ মথি ২৭:৪৬ আৰু ৰোমীয়া ১:৩-৪ পদত উল্লেখ কৰাৰ দৰে খ্ৰীষ্টৰ মাংস আৰু পবিত্ৰ আত্মাৰ মাজত নহয়। যেতিয়া পাপৰ প্ৰায়শ্চিত্তৰ বাবে সম্পূৰ্ণ কৰিলে, তেওঁৰ আত্মাৰ ভগ্ন হোৱাৰ পৰা পুনৰ সম্পৰ্ক স্থাপিত হ’ল।

১ পিতৰ ৩:১৮-২২ পদে খ্ৰীষ্টৰ দুখভোগ(১৮ পদ) আৰু তেওঁৰ গৌৰৱান্বিত(২২ পদ) হোৱাৰ মাজত এটা প্ৰয়োজনীয় জোৰা লগোৱা বুজাইছে। কেৱল পিতৰে এই দুই ঘটনাৰ মাজত কি হৈছিল নিৰ্দিষ্টকৈ জনাইছে। ২০ পদত “ঘোষণা কৰিলে বা ঘোষক” শব্দটি নতুন নিয়মত সাধাৰণতে শুভবাৰ্তা প্ৰচাৰক বুজাবলৈ ব্যৱহাৰ কৰ শব্দ নহয়। আক্ষৰিক অৰ্থৎ ইয়াৰ মানে এটা বাণী প্ৰচাৰ কৰা। যীচু খ্ৰীষ্ট ক্ৰুচত দুখভোগ কৰি মৃত্যু হ’ল, তেওঁৰ শৰীৰ মৰবলৈ দিয়া হ’ল, তেওঁৰ আত্মা মৰিল যেতিয়া তেওঁক পাপ কৰা হ’ল। কিন্তু তেওঁৰ আত্মা যেতিয়া পিতৃক দিলে তেতিয়া পুনৰ্জীৱিত হ’ল। পিতৰৰ মতে, যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ মাজৰ কিছু সময় যীচুৱে “কয়দত থকা আত্মাবিলাক”ৰ ওপৰত বিশেষ ঘোষণা কৰিছিল।

আৰম্ভ কৰিবলৈ হ’লে, পিতৰে মানুহবিলাকক “প্ৰাণ”(পিছে অসমীয়া বইবেলত আত্মা) বুলি উল্লেখ কৰিছে “আত্মা” নহয়(৩:২০)। নতুন নিয়মত, “আত্মা” শব্দটো মানুহক নহয়, স্বৰ্গদূত বা ভূতৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু ২২ পদটোৱে তেনে অৰ্থ প্ৰকাশ কৰে যেন লাগে। তদুপৰি, বাইবেলৰ ক’তোৱেই যীচুৱে নৰকলৈ গৈছিল বুলি আমাক কোৱা নাই। পাঁচনিৰ কৰ্ম ২:৩১ পদত তেওঁ “পৰলোক”লৈ(হেডেছ) যোৱাৰ কথা আছে, কিন্তু “পৰলোক” নৰক নহয়। “পৰলোক” শব্দটোৱে মৃতকৰ অৱস্থা বুজায়, এক অস্থায়ী স্থান য’ত তেওঁলোকে পুনৰুত্থানৰ অপেক্ষাত থাকে। প্ৰকাশিত বাক্য ২০:১১-১৫ পদে দুটাৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰি দিছে। নৰক হৈছে পতিত সকলৰ চূড়ান্ত আৰু স্থায়ী স্থান। পৰলোক এটা অস্থায়ী স্থান।

আমাৰ প্ৰভুৱে পিতৃলৈ তেওঁৰ আত্মা সমৰ্পণ কৰিছিল, মৃত্যু হৈছিল, আৰু মৃত্যু আৰু পুনৰুত্থানৰ মাজৰ কোনো সময়ত তেওঁ মৃতবিলাকৰ স্থানলৈ গৈ আত্মাবিলাকক বাণী দিছিল(সম্ভৱ পতিত দূত; যিহূদা ৬ চাওক) যিবিলাক নোহৰ সময়ৰ জল প্লাবণৰ আগৰ আছিল। ২০ পদে এইটো স্পষ্ট কৰিছে। যীচুৱে এই কয়দত থকা আত্মাবিলাকক কি কৈছিল পিতৰে আমাক কোৱা নাই, কিন্তু মুক্তিৰ বাণী হ’ব নোৱাৰে যিহেতু দূতবিলাকে পৰিত্ৰাণ পাব নোৱাৰে(ইব্ৰী ২:১৬)। এইয়া সম্ভৱ চয়তান আৰু তাৰ বাহিনীবিলাকৰ ওপৰত জয়যুক্ততাৰ এটি ঘোষণা(১ পিতৰ ৩:২২)। ইফিচীয়া ৪:৮-১০ পদেও খ্ৰীষ্ট “পৰম দেশ”লৈ যোৱাৰ ইংগিত দিয়ে( লূক ১৬:২০;২৩:৪৩) আৰু তেওঁক বিশ্বাস কৰা সকলোকে তেওঁৰ মৃত্যুৰ আগেয়ে স্বৰ্গলৈ নিছিল। শাস্ত্ৰাংশই কি ঘটিল সবিশেষ নকয়, কিন্তু বাইবেলৰ পণ্ডিত সন্মত যে ইয়াৰ মানে “বন্দীসকলক বন্দী কৰি নিলে।”

সেয়েহে, মুঠতে ক’বলৈ গ’লে, খ্ৰীষ্টই তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ মাজৰ তিনি দিন প্ৰকৃততে কি কৰিছিল বাইবেলে স্পষ্টকৈ নকয়। এনে লাগে, যদিও তেওঁ পতিত দূতবিলাক আৰু/নতুবা অবিশ্বাসীসকলৰ ওপৰত তেওঁ জয়যুক্ততা ঘোষণা কৰিছিল। অমি ইয়াকেই নিশ্চয়কৈ জানো যে যীচুৱে মানুহবিলাকক পৰিত্ৰাণৰ বাবে দ্বিতীয় সুযোগ এটা দিয়া নাছিল। বাইবেলে কৈছে যে অমি মৃত্যুৰ পিছত বিচাৰৰ সন্মুখিন হওঁ(ইব্ৰী ৯:২৭), এটা দ্বিতীয় সুযোগ নহয়। যীচুৱে তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ মাজত কি কৰিছিল সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ নাই। কিজানি ৰসহ্যবিলাকৰ ইয়ো এটা ৰসহ্য, আমি যেতিয়া সেই গৌৰৱৰ স্থান পাম তেতিয়াহে জানিম।

English
অসমীয়া হোম পেজলৈ ঘূৰি যাওক
যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ মাজত তিনি দিন ক’ত আছিল? সেই তিনি দিনত যীচুৱে কি কৰিছিল?