খ্ৰীষ্টীয়ান ধৰ্ম কি আৰু খ্ৰীষ্টীয়ানসকলে কি বিশ্বাস কৰে?


প্রশ্ন: খ্ৰীষ্টীয়ান ধৰ্ম কি আৰু খ্ৰীষ্টীয়ানসকলে কি বিশ্বাস কৰে?

উত্তৰ:
১ কৰিন্থীয়া ১৫:১-৪ত কৈছে, “হে ভাইবিলাক, যি শুভবাৰ্তা মই তোমালোকৰ আগত প্ৰচাৰ কৰিলো, তাকে তোমলোকক জনাইছোঁ; তাক তোমালোকে গ্ৰাহ্য কৰিলা, আৰু তাতে থিৰেও আছা; আৰু যি বাক্যৰে, মই তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলো, তাক যদি তোমালোকে ধৰি আছা, তেন্তে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছা; নতুবা তোমালোকে বৃথা বিশ্বাস কৰিলা। কিয়নো মই যি শিক্ষা পালো, তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো যে, শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল; আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু শাস্ত্ৰ অনুসৰে তৃতীয় দিনা তোলা হ’ল।”

সংক্ষেপে, সেইয়ে খ্ৰীষ্টীয়ান বিশ্বাসৰ সাৰ কথা। আন ধৰ্মৰ মাজত, খ্ৰীষ্টীয়ান ধৰ্মত নিয়ম পালনতকৈ অধিককৈ থাকে সম্বন্ধৰ কথা। “কৰিবা” আৰু “নকৰিবা” এনেবিলাক নিয়মৰ কথাত লাগি থকাতকৈ, খ্ৰীষ্টীয়ানৰ লক্ষ্য হৈছে পিতৃ ঈশ্বৰৰ লগত ঘণিষ্ঠ সম্পৰ্ক স্থাপনৰ বিকাশ ঘটোৱা। সেই সম্বন্ধটো খ্ৰীষ্টৰ কাৰ্যৰ বাবে আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই খ্ৰীষ্টীয়ানৰ পৰিচৰ্যাৰ বাবে সম্ভৱ হ’ল।

খ্ৰীষ্টীয়ানে বিশ্বাস কৰে যে বাইবেল নিশ্বাসিত, নিৰ্ভুল ঈশ্বৰৰ বাক্য আৰু ইয়াৰ শিক্ষাবিলাক চূড়ান্ত ক্ষমতা আছে(২ তীমথিয় ৩:১৬; ২ পিত্ৰ ১:২০-২১)। খ্ৰীষ্টীয়ানে তিনিজন ব্যক্তিত থকা পিতৃ, পুত্ৰ(যীচু খ্ৰীষ্ট) আৰু পবিত্ৰ আত্মা- এক ঈশ্বৰক বিশ্বাস কৰে।

খ্ৰীষ্টীয়ানে বিশ্বাস কৰে যে মানৱ জাতিক সৃষ্টি কৰা হৈছিল নিৰ্দিষ্টকৈ ঈশ্বৰৰ লগত সম্বন্ধ ৰাখিবলৈ, কিন্তু পাপে সকলো মানুহক ঈশ্বৰৰ পৰা পৃথক কৰিলে(ৰোমীয়া৩:২৩,৫:১২)। খ্ৰীষ্টীয়ান ধৰ্মই শিকাইছে যে যীচু খ্ৰীষ্ট পৃথিৱীত আছিল, তেওঁ সম্পূৰ্ণ ঈশ্বৰ, তথাপি সম্পূৰ্ণ মানুহ (ফিলিপীয়া ২:৬-১১), আৰু ক্ৰুচত মৃত্যু হৈছিল। খ্ৰীষ্টীয়ানে বিশ্বাস কৰে যে ক্ৰুচত তেওঁৰ মৃত্যুৰ পিছত মৈদাম দিয়া হৈছিল, পুনৰুত্থিত হৈছিল, আৰু এতিয়া পিতৃৰ সোঁহাতে, বিশ্বাসীসকলৰ বাবে সদায়ে নিবেদন কৰি আছে(ইব্ৰী ৭:২৫)। খ্ৰীষ্টীয়ান ধৰ্মই ঘোষণা কৰে যে ক্ৰুচত যীচুৰ মৃত্যুত সকলো মনুহে পাপৰ বাবে দিব লগীয়া ধাৰ সম্পূৰ্ণৰুপে পৰিশোধ কৰা হ’ল আৰু সেই বাবেই ঈশ্বৰ আৰু মানুহৰ মাজৰ ভগ্ন সম্পৰ্ক পুনৰ স্থাপন কৰিব পৰা গ’ল(ইব্ৰী ৯:১১-১৪, ১০:১০; ৰোমীয়া ৫:৮,৬:২৩)।

পৰিত্ৰাণ পাবলৈ হ’লে, যিকোনোৱে খ্ৰীষ্টে ক্ৰুচত সিদ্ধ কৰা আটাই কাৰ্যত বিশ্বাস স্থাপন কৰিব লাগিব। যদি কোনোৱে বিশ্বাস কৰে যে খ্ৰীষ্ট তেওঁৰ নিজৰ ঠাইত মৰিল আৰু তেওঁৰ পাপৰ বেচ দিলে আৰু পুনৰুত্থিত হ’ল, তেন্তে সেইজনে পৰিত্ৰাণ পাব। কোনেও পৰিত্ৰাণ অৰ্জন কৰিব নোৱাৰে। কোনো ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজে “ইমান ভাল” নহয়, কাৰণ আমি সকলোৱেই পাপী(যিচয়া ৫৩:৬, ৬৪:৬-৭)। দ্বিতীয়তে, অধিক কৰিবলগীয়া একো নাই, কিয়নো খ্ৰীষ্টে সকলো কৰিলে! যেতিয়া তেওঁ ক্ৰুচত আছিল, যীচুৱে কৈছিল,”এইয়ে সিদ্ধ হ’ল”(যোহন ১৯:৩০)।

যেনেকৈ পৰিত্ৰাণ অৰ্জন কৰিবলৈ একো নাই, যিজনে খ্ৰীষ্টৰ ক্ৰুচত তেওঁৰ বিশ্বাস স্থাপন কৰে, যীচু খ্ৰীষ্টৰ কাৰ্যৰ বাবে তেওঁৰ পৰিত্ৰাণ কোনেও কাঢ়িব নোৱাৰে আৰু কোনেও একো কৰিব নোৱাৰে। যিজনে যীচুক গ্ৰহণ কৰিছে তেওঁৰ পৰিত্ৰাণ কোনেও একো কৰিব নোৱাৰে। যোহন ১০:২৭-২৯ত কৈছে, “মোৰ মেৰবিলাকে হ’লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো, আৰু সেইবিলক মোৰ পাছে পাছে আহে; আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ;তাতে সেইবিলাক কেতিয়াও নষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলকক কাঢ়ি নল’ব। মোৰ পিতৃ, যি জনাই সেইবিলাকক মোক দিলে, তেওঁ সকলোতকৈ মহান; সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল’ব নোৱাৰে।”

কোনোৱে ভাবিব পাৰে, “এইটো মহান- মই এবাৰ পৰিত্ৰাণ পালো, মই যিয়ে ভাল পাওঁ তাকে কৰিব পাৰোঁ আৰু মোৰ পৰিত্ৰাণ নেহেৰাব!” কিন্তু পৰিত্ৰাণ কোনোৱে ভাল পোৱাটো কৰিবলৈ দিয়া স্বাধীনতা নহয়। পৰিত্ৰাণ হৈছে পুৰণি পাপ কাৰ্য কৰাৰ পৰা মুক্ত হৈ থকা আৰু ঈশ্বৰৰ লগত সঠিক সম্বন্ধ বজাই ৰখাৰ স্বাধীনতা। এসময়ত আমি পাপৰ দাস আছিলো, এতিয়া আমি খ্ৰীষ্টৰ দাস হ’লো(ৰোমীয়া ৬:১৫-২২)। পাপময় শৰীৰত বিশ্বাসী পৃথিৱীত থাকে মানে, পাপলৈ সদায়ে যুঁজ-বাগৰ থাকিব। অৱশ্যে, খ্ৰীষ্টীয়ানে বাইবেল অধ্যয়ন আৰু ঈশ্বৰৰ বাক্য(বাইবেল) জীৱনত প্ৰয়োগ কৰি, আত্মাৰ প্ৰভাৱত উচৰ্গিত হৈ পবিত্ৰ আত্মাৰ পৰিচালনাত আৰু দৈনন্দিন জীৱনত আত্মাৰ প্ৰভাৱ আৰু শক্তিত আৰু ঈশ্বৰৰ বাক্যৰ বাধ্য হৈ পাপৰ লগত হোৱা যুদ্ধত জয়যুক্ত হ’ব পাৰে।

সেয়েহে যেতিয়া বহুতো ধৰ্মই বিচাৰে যে মানুহে কিছুমান কৰিব লাগে বা কিছুমান কৰিব নালাগে, খ্ৰীষ্টিয়ান ধৰ্মত আপোনাৰ পাপৰ বেচস্বৰূপে খ্ৰীষ্ট ক্ৰুচত মৃত্যু আৰু তেওঁৰ পুনৰুত্থান বিশ্বাস কৰা হয়। আপোনাৰ পাপৰ ধাৰ পৰিসোধ কৰিলে আৰু ঈশ্বৰৰ লগত আপোনাৰ সহভাগিত হ’ব পাৰে। পাপ স্বভাৱৰ ওপৰত আপুনি জয়ী হ’ব পাৰে আৰু ঈশ্বৰৰ লগত বাধ্যতাসহ সহভাগিতাৰে চলিব পাৰে। সেয়াই প্ৰকৃত বাইবেলসন্মত খ্ৰীষ্টীয়ান ধৰ্ম।

English
অসমীয়া হোম পেজলৈ ঘূৰি যাওক
খ্ৰীষ্টীয়ান ধৰ্ম কি আৰু খ্ৰীষ্টীয়ানসকলে কি বিশ্বাস কৰে?