settings icon
share icon
প্রশ্ন

খ্ৰীষ্টীয়ান বাপ্তিস্মৰ গুৰুত্ব কি?

উত্তৰ


খ্ৰীষ্টীয়ান বাপ্তিস্ম হৈছে যীচুৱে মণ্ডলীৰ বাবে স্থাপন কৰা দুটা পবিত্ৰ বিধিৰ এটা। ঠিক স্বৰ্গাৰোহণৰ পূৰ্বে যীচুৱে কৈছিল, “এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলো, সে সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া আৰু চোৱা,জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ”(মথি ২৮:১৯-২০)। এই শিক্ষাবিলাকে নিৰ্দিষ্ট কৰিছে যে যীচুৰ বাক্য শিকাই, শিষ্য কৰি আৰু সেই শিষ্যসকলক বাপ্তিস্ম দিয়টো মণ্ডলীৰ দায়িত্ব। এইবিলাক জগতৰ শেষলৈকে সকলো ঠাইতে(“সকলো জাতি”) কৰিব লাগে। গতিকে, আন কাৰণ নাথাকিলেও, বাপ্তিস্মৰ গুৰুত্ব আছে কাৰণ যীচুৱে এই আদেশ দিছিল।

মণ্ডলী প্ৰতিষ্ঠাৰ পূৰ্বেই বাপ্তিস্ম প্ৰচলিত আছিল। প্ৰাচীন কালত যিহুদীসকলে ধৰ্মান্তৰিতসকলক বাপ্তিস্ম দিছিল তেওঁলোকে ধৰ্ম পৰিৱৰ্তন কৰি “শুচি”হোৱা বুজাবলৈ। প্ৰভুৰ পথ যুগুত কৰিবলৈ যোহন ডুবকে বাপ্তিস্ম দিছিল, যিটো কেৱল পৰজাতিৰ বাবেই নহয়, সকলোৰে বাবে প্ৰয়োজন আছিল, বাপ্তিস্মৰ বাবে সকলোৰে মনপালটন প্ৰয়োজন আছিল। অৱশ্যে যোহনৰ বাপ্তিস্মই মনপালটন সূচাই, ই পাঁচনিৰ কৰ্ম ১৮:২৪-২৬ আৰু ১৯:১-৭ পদত দেখাৰ দৰে খ্ৰীষ্টীয়ান বাপ্তিস্ম নাছিল। খ্ৰীষ্টীয়ান বাপ্তিস্মৰ গভীৰ অৰ্থ আছে।

বাপ্তিস্ম পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত দিয়া হয়- ইয়ে খ্ৰীষ্টীয়ান বাপ্তিস্ম। এই পবিত্ৰ বিধিৰ দ্বাৰা এজন ব্যক্তিক মণ্ডলীত খ্ৰীষ্টীয় সহভাগিতালৈ প্ৰৱেশ কৰে। ১ কৰিন্থীয়া ১২:১৩ পদত কৈছে, “কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হ’বলৈ এক আত্মাত বাপ্তাইজিত হ’লো; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালো।” পানীৰে বাপ্তিস্ম লোৱাটো আত্মাৰে বপ্তিস্ম লোৱাৰ এটা “পুনৰ অধিনিয়ম”।

খ্ৰীষ্টীয়ান বাপ্তিস্ম হৈছে এটা উপায় যাৰ যোগে এজন ব্যক্তিয়ে তেওঁৰ বিশ্বাস আৰু শিষ্যত্ব ৰাজহুৱাকৈ স্বীকাৰ কৰে। পানীত লোৱা বাপ্তিস্মত এজন ব্যক্তিয়ে বিনাবাক্যে কয়, “মই যীচু খ্ৰীষ্টত বিশ্বাস স্বীকাৰ কৰোঁ; যীচুৱে মোৰ আত্মা পাপৰ পৰা শুচি কৰিলে, আৰু এতিয়া মোৰ এটা নতুন পবিত্ৰতাৰ জীৱন আছে।”

খ্ৰীষীয়ান বাপ্তিস্মই খ্ৰীষ্টৰ মৃত্যু, মৈদাম দিয়া আৰু পুনৰুত্থান নাটকীয়ৰূপে বুজাই দিয়ে। একে সময়তে ই আমাৰ পাপলৈ মৃত্যু আৰু খ্ৰীষ্টত নতুন জীৱনো বুজায়। যেতিয়া পাপীজনে প্ৰভু যীচু খ্ৰীষ্টক স্বীকাৰ কৰে, তেওঁৰ পাপলৈ মৃত্যু হয়(ৰোমীয়া ৬:১১) আৰু নতুন জীৱনলৈ উঠে( কলচীয়া ২:১২)। পানীত ডুব যোৱাটোৱে পাপলৈ মৃত্যু, পানীৰ পৰা উঠাটোৱে পৰিত্ৰাণ পাই শুচি আৰু জীৱন পবিত্ৰ হোৱা বুজায়। ৰোমীয়া ৬:৪ পদে এইদৰে কৈছে, “এতেকে পিতৃৰ মহিমাৰ দ্বাৰাই যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন জীৱনৰ নতুনতাত চলোঁ, এই কাৰণে বাপ্তিস্মৰ দ্বাৰাই তেৱেঁ সৈতে মৃত্যুৰ উদ্দেশে মৈদামত থোৱা হ’লোঁ।”

খুব সৰলভাৱে, বাপ্তিস্ম হৈছে বিশ্বাসীৰ জীৱনত ভিতৰুৱা পৰিবৰ্তনৰ বাহ্যিক সাক্ষ্য। খ্ৰীষ্টীয়ান বাপ্তিস্ম পৰিত্ৰাণৰ পিছত প্ৰভুৰ প্ৰতি এটি বাধ্যতাৰ কাৰ্য: যদিও পৰিত্ৰাণৰ লগত বাপ্তিস্মৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছে, ই পৰিত্ৰাণৰ বাবে আৱশ্যক নহয়। বাইবেলৰ বহুতো ঠাইত ক্ৰম অনুযায়ী ঘটনাপ্ৰবাহ দেখুৱাইছে (১) মানুহজনে প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰে আৰু (২) তেওঁ বাপ্তিস্ম ল’লে। ক্ৰমটো পাঁচনিৰ কৰ্ম ২:৪১ পদত দেখা যায়, “তেতিয়া যিবিলাকে তেওঁৰ(পিতৰৰ) কথা গ্ৰাহ্য কৰিলে, তেওঁবিলাক বাপ্তাইজিত হ’ল”(চাওক পাঁচনিৰ কৰ্ম ১৬:১৪-১৫)।

যীচু খ্ৰীষ্টত এজন বিশ্বাসীয়ে যিমান সম্ভৱ সোনকালে বাপ্তিস্ম ল’বলৈ ইচ্ছা কৰিব লাগে। পাঁচনিৰ কৰ্ম ৮ আধ্যাত ফিলিপে কুচ-দেশীয় নপুংসক কৈছে, “যীচুৰ বিষয়ে শুভবাৰ্তা” আৰু “এইদৰে বাটত যাওঁতে যাওঁতে, এডোখৰ পানীৰ ওচৰ পাই নপুংসকে ক’লে, চোৱা, ইয়াতে পানী আছে; মই বাপ্তাইজিত হ’বলৈ কি বাধা আছে?”(৩৫-৩৬ পদ)। তেতিয়াই, তেওঁলোকে ৰথখন ৰখালে, আৰু ফিলিপে মানুহজনক বাপ্তিস্ম দিলে।

বাপ্তিস্মই খ্ৰীষ্টৰ মৃত্যু, মৈদাম দিয়া আৰু পুনৰুত্থানৰ সৈতে বিশ্বাসীজনৰ চিনাক্তকৰণ বুজায়। সকলো ঠাইতে শুভবাৰ্তা প্ৰচাৰ কৰা হয় আৰু মানুহবিলাক বিশ্বাসলৈ আহে, তেওঁলোকক বাপ্তিস্ম দিব লাগে।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

খ্ৰীষ্টীয়ান বাপ্তিস্মৰ গুৰুত্ব কি?
© Copyright Got Questions Ministries