বাইবেলখন সঁচাকৈ ঈশ্বৰৰ বাক্য নে?


প্রশ্ন: বাইবেলখন সঁচাকৈ ঈশ্বৰৰ বাক্য নে?

উত্তৰ:
আমাৰ এই প্ৰশ্নটোৰ উত্তৰে আমি কেনেকৈ বাইবেলখন দৃষ্টি কৰোঁ আৰু আমাৰ জীৱনত ইয়াৰ প্ৰয়োজনীয়তাই কেৱল নিৰ্ণয় নকৰে, কিন্তু অৱশেষত ই আমাৰ জীৱনত অনন্ত প্ৰভাৱো পেলাব। যদি বাইবেল সঁচাকৈ ঈশ্বৰৰ বাক্য, তেতিয়াহ’লে আমি ইয়াক পোষণ কৰা, অধ্যয়ন কৰা আৰু বাধ্য হোৱা, আৰু অৱশেষত বিশ্বাস কৰা উচিত। যদি বাইবেল ঈশ্বৰৰ বাক্য, তেন্তে ইয়াক অগ্ৰাহ্য কৰা মানে ঈশ্বৰকে অগ্ৰাহ্য কৰা হ’ব।

কথাটো হ’ল যে ঈশ্বৰে আমাক বাইবেল দিয়াটো আমাৰ প্ৰতি ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ আৰু উদাহৰণ। “প্ৰকাশিত” মানে হৈছে ঈশ্বৰ কেনেকুৱা আৰু তেওঁৰ লগত আমাৰ কেনেকৈ সঠিক সম্বন্ধ হ’ব পাৰে তাকে জানিবলৈ ঈশ্বৰে মানৱজাতিক জনালে। বাইবেলত ঈশ্বৰে এইবিলাক প্ৰকাশ নকৰা হ’লে আমি নাজানিলোহেঁতেন। যদিও বাইবেলত ঈশ্বৰে নিজকে ক্ৰমশঃ প্ৰকাশ কৰাটো প্ৰায় ১৫০০ বছৰ হৈছে, ইয়াত সদায়ে মানুহে ঈশ্বৰৰ বিষয়ে জানিবলীয়া সকলো আছে যাতে তেওঁৰ লগত ভাল সম্বন্ধ হ’ব পাৰে। যদি বাইবেল সঁচাকৈ ঈশ্বৰৰ বাক্য, তেন্তে সকলো বিশ্বাস সম্বন্ধীয়, ধৰ্মীয় কাৰ্য, আৰু নৈতিকতাৰ ই চূড়ান্ত কৰ্তৃত্ব।

আমি নিজকে প্ৰশ্ন কৰিব লাগিব যে বাইবেলখন এখন সধাৰণ কিতাপ নহৈ ঈশ্বৰৰ বাক্য বুলি আমি কেনেকৈ জানিব পাৰোঁ? আন সকলো ধৰ্মীয় গ্ৰন্থ বাদ দি বাইবেলখনৰ বিষয়ে কি শ্ৰেষ্ঠতা আছে? বাইবেলখন সঁচাকৈ ঈশ্বৰৰ বক্য বুলি কিবা প্ৰমাণ আছেনে? এই ধৰণৰ প্ৰশ্নবিলাক চাব লাগিব যদি আমি গম্ভীৰভাৱে বাইবেলখন ঈশ্বৰৰ বাক্য, ঈশ্বৰ নিশ্বাসিত আৰু অমাৰ বিশ্বাস আৰু আচৰণৰ ববে সম্পূৰ্ণ আৰু যথেষ্ট বুলি দাবী কৰোঁ।

সন্দেহ নাই বাইবেল ঈশ্বৰৰ বাক্য বুলি দাবী কৰাটো। এইটো তীমথিৰ প্ৰতি পৌলে কৰা শলাগনিত স্পষ্ট হৈছে: “…যি পবিত্ৰ শাস্ত্ৰে খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে তোমাক জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জনি আহিছা। গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ’ব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত উত্থাপনৰ, আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক (২ তীমথিয় ৩: ১৫-১৭)।

বাইবেল সঁচাকৈ ঈশ্বৰৰ বক্য বুলি আভ্যন্তৰীণ আৰু বাহ্যিক সাক্ষ্য আছে। আভ্যন্তৰীণ সক্ষ্যবিলাক বাইবেলত থকা বাক্যবিলাকে ইয়াক ঈশ্বৰৰ বুলি সক্ষ্য দিয়ে। যদিও আচলতে ছয়ষষ্ঠিখন কিতাপ, তিনিখন মহাদেশত লিখা তিনিটা বেলেগ ভাষাত, প্ৰায় ১৫০০ বছৰৰ অধিক, ৪০ জনমান বিভিন্ন ক্ষেত্ৰৰ পৰা আহা লেখক আছে তথাপি বাইবেলখনত আৰম্ভৰ পৰা শেষলৈকে বিনা বিৰুদ্ধে ঐক্য আছে। এই ঐক্য আন কিতাপবিলাকৰ তুলনাত অনুপম আৰু ইয়াৰ মূলতে ঈশ্বৰৰ বাক্য বুলি জনাৰ সাক্ষ্যবিলাক আছে, কাৰণ ঈশ্বৰে মানুহক পৰিচলনা কৰিছিল যাতে তেওঁৰ বাক্যবিলাক নথিভুক্ত কৰি ৰাখিব পাৰে।

আন এটা আভ্যন্তৰীণ সাক্ষ্য যে বাইবেল সঁচাকৈ ঈশ্বৰৰ বাক্য বুলি জনা যায় ইয়াৰ পৃষ্ঠাসমূহত থকা ভাববাণীবিলাকত। বাইবেলত ইস্ৰায়েলসহ বিভিন্ন জাতিৰ ভৱিষ্যত, কিছুমান নগৰৰ ভৱিষ্যত, মানৱজাতিৰ ভৱিষ্যত, আহিব লগাজনা যে মছীহ, কেৱল ইস্ৰায়েলৰ নহয়, বিশ্বাস কৰা সকলোৰে ত্ৰাণকৰ্তা আদি শতাধিক সবিশেষ ভাববাণী আছে। অন্য ধৰ্মৰ গ্ৰন্থত থকা বা নষ্ট্ৰাডামৰ ভাববাণীৰ দৰে নহৈ, বাইবেলৰ ভাববণীবিলাক অতি সবিশেষ আৰু কেতিয়াও সিদ্ধ নোহোৱাকৈ থকা নাই। যীচু খ্ৰীষ্টৰ বিষয়ে কেৱল পুৰণি নিয়মত তিনিশতকৈ অধিক ভাববাণী আছে। কেৱল তেওঁ ক’ত জন্মিব আৰু কোন পৰিয়ালৰ পৰা আহিব সিমানেই নহয়, কিন্তু কেনেকৈ তেওঁৰ মৃত্যু হ’ব আৰু তৃতীয় দিনা পুনৰ উঠিব সেয়াও ভৱিষ্যদ্বাণী কৰা আছে। ঈশ্বৰৰ দ্বাৰা নহ’লে সেই ভাববণীবিলাক সিদ্ধ হোৱা বুলি যুক্তি দৰ্শাব নোৱাৰি। বাইবেলত থকাৰ দৰে আন কোনো ধৰ্মৰ গ্ৰন্থত বিস্তৃত ভাববাণী নাই। বাইবেলৰ মূলতে ঈশ্বৰ বুলি তৃতীয় আভ্যন্তৰীণ সাক্ষ্য হৈছে ইয়াৰ অনুপম ক্ষমতা আৰু শক্তিত।

যিহেতু বাকী দুটাতকৈ এই সাক্ষ্যটো অধিক বিষয়ী-নিৰ্ভৰ, এইটো বাইবেলৰ মূলতে যে ঈশ্বৰ বুলি বুজাত কম শক্তিশালী নহয়। বাইবেলত অনুপম ক্ষমতা আছে যিটো আন কোনো কিতাপতে নাই। এই ক্ষমতা আৰু শক্তি দেখা গৈছে ইয়াৰ আচৰিত শক্তিৰে অসখ্য লোকৰ জীৱন পৰিৱৰ্তনত। নিছাসক্ত লোক ইয়াৰে সুস্থ হৈছে, সমকামীসকল ইয়াৰে মুক্ত হৈছে, ইয়াৰে পাপীক ডবিওৱা হৈছে, আৰু ইয়াক অধ্যয়নৰ যোগে ঘৃণা প্ৰেমলৈ পৰিণত হৈছে। বাইবেলৰ আচৰিত পৰিৱৰ্তনসাধক শক্তি আছে, আৰু সেয়ে সম্ভৱ হৈছে ই সঁচাকৈ ঈশ্বৰৰ বাক্য হোৱাৰ বাবেহে।

বাইবেল ঈশ্বৰৰ বাক্য বুলি ইয়াৰ বাহ্যিক সাক্ষ্য আছে। ইয়াৰে এটা সাক্ষ্য হৈছে বাইবেলৰ ইতিহাস। বাইবেলত ঐতিহাসিক সবিশেষ থকাৰ বাবে, ইয়াৰ সত্যতা আৰু শুদ্ধতা আন ঐতিহসিক তথ্যৰ দৰে প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰে। পুৰাতাত্ত্বিক সাক্ষ্য আৰু আন লিখনিবিলাকৰ যোগেদি বাইবেলৰ ঐতিহাসিক বিবৰণ শুদ্ধ আৰু সঁচা বুলি সময়ে সময়ে প্ৰমাণিত হৈছে। দৰাচলতে সকলো পুৰাতত্ত্বিক আৰু পাণ্ডুলিপি বাইবেল সমৰ্থিত হৈ ইয়াক এখন প্ৰাচীন জগতৰ সৰ্বাংগসুন্দৰ নথিভুক্ত গ্ৰন্থ বুলি স্বাক্ষৰ বহন কৰিছে। কথাটো হ’লে যে বাইবেলখন শুদ্ধকৈ আৰু সঁচাকৈ ঐতিহাসিকভাৱে ঘটনাপ্ৰবাহবিলাক প্ৰমাণ কৰিব পৰা যায় আৰু সেয়ে স্পষ্ট কৰে যে বাইবেল ঈশ্বৰৰ বাক্য আৰু ইয়াৰ কথাবিলাকৰ ঐতিহাসিক সত্যতা আছে।

বাইবেলখন ঈশ্বৰৰ বাক্য বুলি আন এটা বাহ্যিক সাক্ষ্য হৈছে মানৱ লেখক কেইজনৰ সাধুতা। আগেয়ে উল্লেখ কৰাৰ দৰে, ঈশ্বৰে বিভিন্ন ক্ষেত্ৰৰ মানুহ ব্যৱহাৰ কৰি তেওঁলোকৰ যোগেদি অমাৰ বাবে ঈশ্বৰৰ বাক্য লিপিবদ্ধ কৰালে। এই মানুহবিলাকৰ জীৱন অধ্যয়ন কৰিলে জনা যাব যে তেওঁলোক সাধু আৰু সৰল নহয় বুলি সন্দেহ কৰাৰ কোনো থল নাই। সাধাৰণ অথচ সাধু আৰু সৰল এই মানুহবিলাকৰ জীৱন পৰীক্ষা কৰি জনা যায় যে তেওঁলোকে যি বিশ্বাস কৰিছিল আৰু ঈশ্বৰৰ পৰা যি বাণী পাইছিল তাৰ বাবে তেওঁলোকে জীৱন আহুতি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। যিসকলে নতুন নিয়ম লিখিছিল আৰু আন বহুতো শ বিশ্বাসী মানুহে( ১কৰিন্থীয়া ১৫:৬) তেওঁলোকৰ বাৰ্তাৰ সত্যতা জানিছিল কিয়নো তেওঁলোকে যীচুৰ পুনৰুত্থানৰ পিছত দেখিছিল আৰু তেওঁৰ লগত সময় অতিবাহিত কৰিছিল। তেওঁলোকে পুনৰুত্থিত খ্ৰীষ্টক দেখি তেওঁৰ পৰিৱৰ্তনশীল শক্তিৰে প্ৰভাৱান্বিত হৈছিল। তেওঁলোকে ভয়তে লুকাই থকাৰ পৰা ওলাই তেওঁলোকলৈ ঈশ্বৰে প্ৰকাশ কৰা বাণী প্ৰচাৰ কৰিবৰ বাবে মৰিবলৈও ভয় কৰা নাছিল। তেওঁলোকৰ জীৱন আৰু মৃত্যুৱে সাক্ষ্য দিয়ে যে বাইবেল সঁচাকৈয়ে ঈশ্বৰৰ বাক্য।

বাইবেলখন ঈশ্বৰৰ বক্য বুলি শেষ বাহ্যিক সাক্ষটো হৈছে বাইবেলখন অক্ষতভাৱে থকাটো। বাইবেলৰ প্ৰয়োজনীয়তাত আৰু ই ঈশ্বৰৰ বক্য বুলি দাবী কৰাত, ইতিহাসত আন যিকোনো কিতাপতকৈ বাইবেলখন নষ্ট কৰিবলৈ বহুতো আক্ৰমণৰ মুখামুখি হৈ আহিছে। ডায়’ক্লেছিয়ানৰ দৰে পূৰ্বৰ ৰোমীয়া সম্ৰাট, কমিউনিষ্ট স্বেচ্ছাচাৰী আৰু আধুনিক যুগৰ নাস্তিক আৰু অজ্ঞেয়বাদীলৈকে সকলো আক্ৰমণৰ সত্ত্বেও বাইবেল অক্ষত অৱস্থাতে আছে আৰু আজি ই পৃথিৱীত আটাতকৈ অধিক প্ৰকাশিত গ্ৰন্থ হৈয়ে আছে।

সময়ে সময়ে, অজ্ঞবাদীসকলে যুক্তি দৰ্শাই আহিছে যে বাইবেলখন পৌৰাণিক গল্প, কিন্তু পুৰাতাত্ত্বিকে ই ঐতিহাসিক বুলি প্ৰতিষ্ঠা কৰিছে। বিৰুধীসকলে ইয়াৰ শিক্ষাবিলাক আদিম আৰু অপ্ৰচলিত বুলি অক্ৰমণ কৰিছে, কিন্তু ইয়াৰ নৈতিক আৰু বিধিসন্মত ধাৰণা আৰু শিক্ষাবিলাকে পৃথিৱীৰ সমাজ আৰু সংস্কৃতিত ইতিবাচক প্ৰভাৱ পেলাই আহিছে। ইয়াক বিজ্ঞান, মনোবিজ্ঞন, আৰু ৰাজনৈতিক আন্দোলনে আক্ৰমণ কৰি আহিছে, তথাপি ইয়াক লিখাৰ সময়ৰ নিচিনাকৈ আজিও একেদৰেই সত্য আৰু প্ৰাসংগিক হৈ আহিছে। যোৱা ২০০০ বছৰ ধৰি অগণন জীৱন আৰু ইতিহাসৰ মাজেদি অনেক সংস্কৃতি পৰিৱৰ্তন সাধি আহিছে। যেনেকৈয়ে ইয়াৰ শত্ৰুবিলাকে আক্ৰমণ, ধ্বংস, অপমাণ কৰিবলৈ চেষ্টা নকৰক লাগে বাইবেল একেদৰেই শক্তিশালী, সত্য আৰু প্ৰাসংগিক হৈছে আছে। নষ্ট, ধ্বংস কৰিবলৈ অনেক প্ৰচেষ্টা কৰা সত্ত্বেও বাইবেলৰ নিৰ্ভুলতা সংৰক্ষিত হৈ আহিছে আৰু ইয়াৰ এই সাক্ষ্য যে বাইবেল ঈশ্বৰৰ বাক্যহিচাপে ঈশ্বৰে আচৰিতভাৱে ৰক্ষা কৰি আহিছে। ই আমাক আচৰিত লগাব নলাগে যে যেনেকৈয়ে বাইবেল আক্ৰমণ কৰা নহওক লাগে ই সদায় অপৰিৱৰ্তিত আৰু অক্ষত হৈ আহিছে। সৰ্বশেষত যীচুৱে কৈছিল, “আকাশ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব”(মাৰ্ক ১৩:৩১)। সাক্ষ্যবিলাকলৈ চাই যিকোনোৱে নিঃসন্দেহে ক’ব হয়, বাইবেল সঁচাকৈ ঈশ্বৰৰ বাক্য।

English
অসমীয়া হোম পেজলৈ ঘূৰি যাওক
বাইবেলখন সঁচাকৈ ঈশ্বৰৰ বাক্য নে?