settings icon
share icon
প্রশ্ন

বাইবেলে বিয়াৰ আগেয়ে যৌন/ প্ৰাকবিবাহ যৌনৰ বিষয়ে কি কয়?

উত্তৰ


বাইবেলত কোনো ইব্ৰী বা গ্ৰীক শব্দ নাই যি ঠিকমতে বিয়াৰ আগেয়ে যৌনৰ কথা উল্লেখ কৰে। বাইবেলে নিশ্চিতভাৱে ব্যভিচাৰ আৰু যৌনজ অনৈতিকতা দোষী কৰিছে, কিন্তু বিয়াৰ আগেয়ে যৌন ব্যভিচাৰ বুলি গণ্য কৰা হয়নে? ১ কৰিন্থীয়া ৭:২ পদ অনুযায়ী, “হয়” স্পষ্ট উত্তৰ। “কিন্তু ব্যভিচাৰ নহবলৈ, প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক।” এই পদটোত, পৌলে কৈছে যে ব্যভিচাৰৰ সুস্থতা “বিবাহ”। ১ কৰিন্থীয়া ৭:২ পদে দৰাচলতে সেইটোৱেই কৈছে, কিয়নো মানুহে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু বহুতৰে বিবাহৰ বাহিৰত ব্যভিচাৰ হৈছে, সেয়েহে মানুহে বিয়া পাতিব লাগে। তেতিয়া তেওঁলোকে বৈধভাৱে তেওঁলোকৰ ৰিপুবিলাক পূৰাব পাৰে।

যিহেতু ১ কৰিন্থীয়া ৭:২ পদে ব্যভিচাৰৰ কথাত বিবাহৰ পূৰ্বে যৌন স্পষ্টকৈ অন্তৰ্ভুক্ত কৰিছে, ব্যভিচাৰ দোষী কৰোৱা সকলো বাইবেলৰ পদে পাপ বুলি কৈছে আৰু বিয়াৰ আগেয়ে যৌনও পাপ বুলি দোষী কৰিছে। বিবাহৰ পূৰ্বে যৌন বাইবেলে ব্যাখ্যা কৰা ব্যভিচাৰ অন্তৰ্ভুক্ত। শাস্ত্ৰৰ বহুতো ঠাইত বিবাহৰ আগেয়ে যৌন পাপ বুলি অভিহিত কৰিছে(পাঁচনিৰ কৰ্ম ১৫:২০; ১ কৰিন্থীয়া ৫:১;৬:১৩,১৮ ১০:৮ ২ কৰিন্থীয়া ১২:২১; গালাতীয়া ৫:১৯; ইফিচীয়া ৫:৩; কলচীয়া ৩:৫; ১ থিচলনীকীয়া ৪:৩; যিহূদা ৭)। বাইবেলে বিবাহৰ আগত সম্পূৰ্ণ সংযমৰ কথা কৈছে। স্বামী আৰু ভাৰ্যাৰ মাজৰ যৌন সম্পৰ্কহে ঈশ্বৰে অনুমোদন কৰিছে(ইব্ৰী ১৩:৪)।

আমি বেছি সময়ত যৌনৰ উৎপাদন বা জন্মদিয়া দিশটো স্বীকৃতি নিদি “আমোদ-প্ৰমোদ” দিশটোহে লক্ষ্য কৰোঁ। বিবাহৰ ভিতৰত যৌন সুখ দায়ক, আৰু ঈশ্বৰে সেইদৰেই গঢ় দিলে। ঈশ্বৰে বিচাৰে বৈবাহিক সম্বন্ধৰ ভিতৰত পুৰুষ আৰু মহিলাই যৌন কাৰ্য উপভোগ কৰক। চলোমনৰ পৰম গীত আৰু বাইবেলৰ আন অংশত(যেনে হিতোপদেশ ৫:১৯)ত স্পষ্টকৈ যৌন সম্ভোগৰ কথা কৈছে। অৱশ্যে, যুগলে নিশ্চয়কৈ বুজিব লাগিব যে যৌনৰ যোগেদি সন্তান জন্ম দিয়াটো ঈশ্বৰৰ অভিপ্ৰায়ৰ অন্তৰ্গত। সেয়েহে, এটি যুগলে বিবাহৰ পূৰ্বে যৌন কাৰ্যত লিপ্ত হোৱাটো দুগুণে ভুল- তেওঁলোকে সুখ অনুভৱ কৰিছে যিটো তেওঁলোকৰ বাবে নহয়, তেনে সৃষ্টি কৰাৰ সুযোগ লৈছে। তেওঁলোকে এনেধৰণৰ মানুহৰ জীৱন কৰাৰ সুযোগ লৈছে যিটো ঈশ্বৰে তেওঁৰ প্ৰত্যেক সন্তানৰ বাবে দিয়া পৰিয়ালৰ গাঁথনিৰ অভিপ্ৰায়ৰ বাহিৰত।

যেতিয়া কাৰ্যতঃ ভুলৰ পৰা শুদ্ধটো নিৰ্ণয় কৰিব নোৱাৰি, যদি বাইবেলৰ বাণী বিবাহৰ পূৰ্বে যৌন মানি চলা হয়, তেতিয়াহ’লে খুব কমেহে যৌন প্ৰক্ৰিয়াৰে অহা ৰোগ কমিব, খুব কমেহে গৰ্ভনাশ, কম অবিবাহিত মাতৃ আৰু অনাৱশ্যকীয় গৰ্ভধাৰণ, আৰু খুব কম শিশু পিতৃ-মাতৃ অবিহনে বৃদ্ধি পাব লগ হ’ব। বিয়াৰ পূৰ্বে যৌনৰ কথা আহিলে সংযমেই ঈশ্বৰে দিয়া নিয়ম। সংযমে জীৱন ৰক্ষা কৰে, শিশু ৰক্ষা কৰে, যৌন সম্পৰ্কক উচিত মূল্য দিয়ে, আৰু অতি দৰকাৰীভাৱে, ঈশ্বৰ সন্মানিত হয়।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

বাইবেলে বিয়াৰ আগেয়ে যৌন/ প্ৰাকবিবাহ যৌনৰ বিষয়ে কি কয়?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries