settings icon
share icon
প্রশ্ন

মোৰ মৃত্যুৰ পিছত মই স্বৰ্গলৈ যাম বুলি কেনেকৈ নিশ্চিত হম?

উত্তৰ


আপুনি নিশ্চয়কৈ জানে নে যে আপোনাৰ অনন্ত জীৱন আছে আৰু আপোনাৰ মৃত্যু হ’লে আপুনি স্বৰ্গলৈ যাব? ঈশ্বৰে ইচ্ছা কৰে আমি নিশ্চিত হোৱাটো। বাইবেলে কৈছে, “ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোক, তোমালোকৰ যে অনন্ত জীৱন আছে, তাক যেন জানা, এই কাৰণে তোমালোকলৈ এইবোৰ কথা লিখিলো”( ১যোহন ৫:১৩)। ধৰি লওক এতিয়া আপুনি ঈশ্বৰৰ আগত থিয় হৈ আছে আৰু তেওঁ আপোনাক সুধিছে, “মই আপোনাক কিয় স্বৰ্গত থাকিবলৈ দিম?” আপুনি কি ক’ব? কি উত্তৰ দিব লাগিব আপুনি নাজানিব পাৰে। আপুনি জানিব লাগে যে ঈশ্বৰে আমাক প্ৰেম কৰে আৰু আমাক নিশ্চয়কৈ জনাৰ এটা উপায় দিছে যে আমি অনন্ত কাল নিবাস কৰিম। বাইবেলে এইদৰে কৈছে, “কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়”(যোহন ৩:১৬)।

আমি প্ৰথমে আমাক স্বৰ্গৰ পৰা আঁতৰাই ৰখা সমস্যাটোৰ কথা জানিব লাগিব। সমস্যাটো এই- অমাৰ পাপময় অৱস্থাই আমাক ঈশ্বৰৰ সম্বন্ধৰ পৰা আঁতাৰাই ৰাখে। আমি স্বভাৱতে আৰু স্বেচ্ছাই পাপী। “কিয়নো একো প্ৰভেদ নাই; কাৰণ সকলোৱে পাপ কৰিলে, আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে”(ৰোমীয়া ৩:২৩)। আমি নিজকে পৰিত্ৰাণ কৰিব নোৱাৰো। “কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা; আৰু সেয়ে তোমালোকৰ পৰা নহয়; ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়”(ইফিচীয়া ২:৮-৯)। আমি মৃত্যু আৰু নৰকৰ যোগ্য। “কিয়নো পাপৰ বেচ মৃত্যু”(ৰোমীয়া ৬:২৩)।

ঈশ্বৰ পবিত্ৰ আৰু ন্যায়ৱান আৰু পাপৰ নিশ্চয় শাস্তি বিহিব লাগিব, তথাপি তেওঁ আমাক প্ৰেম কৰিলে আৰু পাপ ক্ষমাৰ উপয় দিলে। যীচুৱে কৈছিল, “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে পিতৃৰ ওচৰলৈ কোনো নাযায়”(যোহন ১৪:৬)। যীচু আমাৰ বাবে ক্ৰুচত মৃত্যু হ’ল: “কাৰণ, আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে”(১ পিতৰ ৩:১৮)। যীচু মৃত্যুৰ পৰা পনৰুত্থিত হ’ল: “সেই যীচু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ’ল; আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ’ল”(ৰোমীয়া ৪:২৫)।

সেয়েহে আদি প্ৰশ্নটোলৈ গৈ-মোৰ মৃত্যু হ’লে মই স্বৰ্গলৈ যাম বুলি কেনেকৈ নিশ্চিত হম? উত্তৰটো এইয়া, “যীচু খ্ৰীষ্টক বিশ্বাস কৰা আৰু পৰিত্ৰাণ পাবা”(পাঁচনিৰ কৰ্ম ১৬:৩১)। “তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমত দিলে”(যোহন ১:১২)। আপুনি অনন্ত জীৱন বিনামূলীয়া দানহিচাপে পাব পাৰে। “ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন”(ৰোমীয়া ৬:২৩)। আপুনি এতিয়া সম্পূৰ্ণ আৰু অৰ্থপূৰ্ণ জীৱন নিৰ্বাহ কৰিব পাৰে। যীচুৱে কৈছিল, “তেওঁবিলাকে যেন জীৱন পায়, আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিতে মই আহিলো”(যোহন ১০:১০)। অপুনি স্বৰ্গত অনন্ত কাল যীচুৰ লগত থাকিব পাৰে, কিয়নো তেওঁ প্ৰতিজ্ঞা কৰিছিল, “আৰু মই তোমালোকলৈ যদি ঠাই য়ুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা, এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম”(যোহন ১৪:৩)।

যদি আপুনি যীচু খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তাহিচাপে বিশ্বাস কৰে আৰু ক্ষমা পাবলৈ বিচাৰে, এইয়া এটা প্ৰাৰ্থনাৰ নমুনা। মনত ৰাখিব যে এই প্ৰাৰ্থনা বা আন যিকোনো প্ৰাৰ্থনা কৰিলেই আপুনি পৰিত্ৰাণ নাপায়। কেৱল যীচুক বিশ্বাস কৰিহে আপুনি পাপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল আপোনাৰ বিশ্বাস ঈশ্বৰক জনোৱাৰ এটা উপায় আৰু তেওঁক ধন্যবাদ দিয়ক আপোনাৰ পৰিত্ৰাণৰ বাবে। “ঈশ্বৰ, মই জানো যে আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলো আৰু শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচুৱে মই পাবলগীয়া শাস্তি ল’লে যাতে তেওঁক বিশ্বাস কৰা যোগেদি মই ক্ষমা পাওঁ। পৰিত্ৰাণৰ বাবে মই আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ- অনন্ত জীৱনৰ দান! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

মোৰ মৃত্যুৰ পিছত মই স্বৰ্গলৈ যাম বুলি কেনেকৈ নিশ্চিত হম?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries