settings icon
share icon
প্রশ্ন

বাইবেলে ডাইন’ছৰৰ বিষয়ে কি কৈছে? বাইবেলত ডাইন’ছৰৰ কথা আছেনে?

উত্তৰ


বাইবেলত ডাইন’ছৰৰ কথাটো পৃথিৱীত যুগে যুগে খ্ৰীষ্টীয়ানৰ মাজত এটা প্ৰধান বিতৰ্কিত বিষয় হৈ আহিছে, আদিপুস্তকৰ যথোচিত ব্যাখ্যা আৰু আমাৰ কেউকাষে ভৌতিক সাক্ষ্যবিলাক কেনেকৈ ব্যাখ্যা কৰোঁ সিয়ো এটা ডাঙৰ বিষয়। যিসকলে পৃথিৱীৰ এটা পুৰণি যুগ বিশ্বাস কৰে ক’ব বিচাৰে যে বাইবেলত ডাইন’ছৰৰ কথা উল্লেখ নাই, কিয়নো তেওঁলোকৰ পদ্ধতি অনুযায়ী, পৃথিৱীত প্ৰথম মানুহে বিচৰণ কৰা অযুত অযুত বছৰৰ পূৰ্বেই ডাইন’ছৰবিলাকৰ মৃত্যু হৈছিল। যিসকল মানুহে বাইবেল লিখিছিল তেওঁলোকে ডাইন’ছৰ দেখিবলৈ পোৱা নাছিল।

যিসকলে পৃথিৱীৰ কম আয়ুস হৈছে বুলি বিশ্বাস কৰে তেওঁলোকে সন্মত যে বাইবেলে ডাইন’ছৰৰ কথা উলেখ কৰা নাই, ইয়াত কেতিয়াও “ডাইন’ছৰ” শব্দটো উল্লেখ নাই। ইয়াৰ পৰিৱৰ্তে, ইব্ৰী শব্দ “টানাইন” ব্যৱহাৰ কৰিছে, যিটো ইংৰাজী বাইবেলেত কিছু বেলেগ বেলেগ কৈ অনুবাদ কৰা হৈছে। কেতিয়াবা ই “সামুদ্ৰিক ৰাক্ষক”, আৰু কেতিয়াবা “সৰ্প” বুলি উল্লেখ কৰিছে। ইয়াক সধাৰণতে “ড্ৰেগন” বুলি অনুবাদ কৰিছে। টানাইন প্ৰকাণ্ড সৰীসৃপ যেন লাগে। পুৰণি নিয়মত এই জন্তুবিলাক প্ৰায় ত্ৰিছ বাৰ উল্লেখ আছে যিবিলাক মাটি আৰু পানী উভয়তে আছিল।

এই প্ৰকাণ্ড সৰীসৃপবিলাক উল্লেখ কৰাৰ ওপৰি, বাইবেলে কিছুমান প্ৰাণীৰ বিষয়ে এনেকৈ কৈছে যে সেইবিলাককে কিছুমান পণ্ডিতে লেখকে ডাইন’ছৰ বুলি বৰ্ণনা কৰিছে বুলি বিশ্বাস কৰে। বহেমোৎ ঈশ্বৰৰ সৃষ্টিৰ সকলোতকৈ শক্তিশালী প্ৰাণী বুলি কোৱা হয়, ই এটা প্ৰকাণ্ড যি পদ্মকাঠৰ দৰে ওখ(ইয়োব ৪০:১৫)। কিছুমান পণ্ডিতে বহেমোৎক হাতী বা জলহস্তী বুলি ক’ব খোজে। আন কিছুমানে খুব দীঘল নেজৰ হাতী আৰু জলহস্তী বুলি বুজাব বিচাৰে, পদ্মকাঠ গছৰ লগত একো তুলনা নহয়। এফালে ডাইন’ছৰ ব্ৰাকিছ”ৰ আৰু ডিপ্লোড’কাছৰ দৰে, আন হাতে, ডাঙৰ নেজ থকাৰ বাবে সহজে ইয়াক পদ্মকাঠৰ লগত তুলনা কৰিব পাৰি।

প্ৰায় সকলো প্ৰাচীন সভ্যতাত প্ৰকাণ্ড সৰীসৃপ শ্ৰেণীৰ প্ৰাণী অঁকাৰ কিবা ক’লা আছে। উত্তৰ আমেৰিকাত পোৱা শিলত কটা, শৈল্পিক উপাদান আনকি মাটিৰ মূৰ্তিও আধুনিক ডাইন’ছৰৰ নক্সাৰ দৰেই। দক্ষিণ আমেৰিকাৰ শিলত কটা ছবিত মানুহে ডিপ্লোড’কাছৰ দৰে প্ৰাণীত উঠি ফুৰা জন্তুবিলাক আচৰিতভাৱে ট্ৰাইচেৰাট’প, পেট্ৰ’ডাক্টাইল আৰু ট্ৰায়ান’ছৰাছৰ দৰে প্ৰাণী। ৰোমীয়া ৰঞ্জিত গাঁথনি, মায়ান মাটিৰ পাত্ৰ আৰু বেবিলনৰ নগৰৰ দেৱালে মানুহৰ কলা-কৃষ্টি, ভৌগোলিকভাৱে বান্ধি ৰাখিব নোৱাৰা এই পাণীবিলাকৰ সাক্ষ্য বহন কৰে। এইবিলাক মাৰ্ক’পলো দ্বিতীয় মিলিয়নেৰ দৰে গম্ভীৰ বৰ্ণনাপূৰ্ণ সম্পত্তি আৰু সঞ্চয় জন্তুৰ কাল্পনিক গল্পৰ দৰে। তাৰোপৰি যথেষ্ট মানৱ উৎপত্তি আৰু ঐতিহাসিক সাক্ষ্যবিলাকে মানুহ আৰু ডাইন’ছৰ সহবাস কৰিছিল আৰু উত্তৰ আমেৰিকা আৰু পশ্চিম-কেন্দ্ৰীয় এচিয়াত পোৱা বিভিন্ন মানুহ আৰু ডাইন’ছৰৰ ভৰিৰ চিনৰ জীৱাশ্ম আদিয়ে ইয়াৰ সাক্ষ্য বহন কৰে।

সেয়েহে, বাইবেলত ডাইন’ছৰ আছেনে? কথাটো এতিয়াও সমাধা হোৱা নাই। এইটো নিৰ্ভৰ কৰে প্ৰাপ্ত সাক্ষ্যবিলাক আপুনি কেনেকৈ ব্যাখ্যা কৰে আৰু আপুনি কেনেকৈ আপোনাৰ কেউকাষে থকা জগতখন দৃষ্টি কৰে। যদি বাইবেল আক্ষৰিকভাৱে ব্যাখ্যা কৰা হয়, ফলস্বৰূপে এখন কম বয়সীয়া পৃথিৱী হ’ব, আৰু মানুহ আৰু ডাইন’ছৰ একেলগে আছিল বুলি গ্ৰহণ কৰিব পৰা যাব। যদি ডাইন’ছৰ আৰু মানুহ একে সময়তে আছিল, ডাইন’ছৰবিলাকৰ কি হ’ল? যেতিয়া বাইবেলে এই বিষয়টো আলোচনা কৰা নাই, ডাইন’ছৰ সম্ভৱ মহাজলপ্লাৱনৰ কিছু পিছত জলবায়ুৰ নাটকীয় পৰিৱৰ্তন আৰু মানুহৰ চিকাৰৰ বশত মৃত্যু হৈ নিঃশেহ হ’ল।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

বাইবেলে ডাইন’ছৰৰ বিষয়ে কি কৈছে? বাইবেলত ডাইন’ছৰৰ কথা আছেনে?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries