settings icon
share icon
প্রশ্ন

কোন আছিল কৈয়িনৰ ভাৰ্যা?

উত্তৰ


কৈয়িনৰ ভাৰ্যা কোন আছিল বাইবেলে নিৰ্দিষ্টকৈ নকয়। একমাত্ৰ সম্ভাৱনা হৈছে কৈয়িনৰ ভাৰ্যা তেওঁৰ ভনীয়েক বা ভাগিনী-ভতিজী বা আজু ভাগিনী-ভতিজী, ইত্যাদি। কৈয়িনে যেতিয়া হেবলক বধ কৰিছিল বাইবেলে তেওঁৰ বয়সৰ কথা একো নকয়(আদিপুস্তক ৪:৮)। যিহেতু তেওঁলোক দুয়ো খেতিয়ক, তেওঁলোক প্ৰাপ্তবয়ষ্ক লোকেই হ’ব, সভৱ তেওঁলোকৰ নিজৰ পৰিয়ালৰে। কৈয়িনে হেবলক বধ কৰা সময়লৈকে আদম আৰু হৱাই নিশ্চয় তেওঁলোকৰ উপৰি বহুতো সন্তান জন্ম দিছিল। তেওঁলোকৰ নিশ্চয় পিছত বহুতো সন্তান আছিল(আদিপুস্তক ৫:৪)। কথাটো হ’ল যে হেবলক বধ কৰাৰ পিছত কৈয়িনে তেওঁৰ জীৱনলৈ ভয় কৰিছিল(আদিপুস্তক ৪:১৪), ইয়াৰে ইংগিত দিয়ে যে আদম আৰু হৱাৰ ইতিমধ্যে বহুতো ল’ৰা-ছোৱালী আনকি নাতি-নাতিনী আছিল। কৈয়িনৰ ভাৰ্যা(আদিপুস্তক ৪:১৭) আদম আৰু হৱাৰ জীয়েক বা নাতিনীয়েক আছিল।

যিহেতু আদম আৰু হৱা প্ৰথম(আৰু একমাত্ৰ) মানুহ, তেওঁলোকৰ সন্তানসকলকে পৰস্পৰৰ লগত বিয়া হোৱাৰ বাহিৰে অন্য উপায় নাছিল। ঈশ্বৰে তেনে পৰস্পৰৰ মাজত বিয়া হোৱাটো নিষেধ কৰা নাছিল যেতিয়ালৈকে পৰস্পৰৰ মাজত বিয়া হ’বৰ বাবে যথেষ্ট মানুহ হোৱা নাছিল(লেবীয়া ১৮১৬-১৮)। আজিকালি নিজ পৰিয়ালতে বিবাহ হোৱাৰ পৰিণতিত অনেক সময়ত জন্মগত বিকলাংগ দেখা যায় কিয়নো দুজন মানুহ একেধৰণৰ বংশগত(যেনে এজন ককায়েক আৰু ভনীয়েক) সন্তানৰ বৰ্ণশংকৰ গুণ থকাৰ ভয় থাকাটো ঘাই কাৰণ হৈছে। যেতিয়া বেলেগ বেলেগ পৰিয়ালৰ পৰা অহাসকলৰ ল’ৰা-ছোৱালী হয়, তেতিয়া সাধাৰণতে পিতৃ-মাতৃ দুয়ো তেনে বৰ্ণশংকৰ গুণ কঢ়িয়াই নানে। শ শ বছৰ ধৰি মানুহৰ বৰ্ণশংকৰ অতিশয় “কলুষিত” হৈ আহিছে যিবিলাক বিকল জন্মগত স্বভাৱ বংশানুক্ৰমে অহিছে। আদম আৰু হৱা কোনো বৰ্ণশংকৰ দোষ নাছিল, আৰু সেইটোৱে ভাৱী সন্তানতসকলৰ কেবাটাও বংশৰ লোকলৰ এতিয়াতকৈ অধিক স্বাস্থ্যৱান আছিল। আদম আৰু হৱাৰ বৰ্ণশংকৰ দোষ থকা লৰা-ছোৱালী খুব কম আছিল। ফলস্বৰূপে তেওঁলোকৰ মাজতে বিয়া-বাৰু হোৱাটো নিৰাপদ আছিল।

English



অসমীয়া হোম পেজলৈ ঘূৰি যাওক

কোন আছিল কৈয়িনৰ ভাৰ্যা?
Facebook icon Twitter icon Pinterest icon Email icon
© Copyright Got Questions Ministries